পৃষ্ঠা:গদাধৰ.pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টম গৰ্ভাঙ্ক।

ৰজাৰ চৰা।

বুঃ গোঃ।— নাই গদাপাণি!
হোৱা নাই এই পাৰ।
ৰজা।— সলাল গোহাঁয়ে
তেন্তে মিছা বাৰ্ত্তা দিলে? তাৰে কথামতে
অনালোঁ চপাই যত ৰাজসেনা দল,
ভাটীভাগ এৰুৱাই!
বুঃ গোঃ।-পৰিছে ভ্ৰমত।
নুবুজিলে সিজনাই ফাঁকতি গদাৰ।
আমিও নুগুণি আগ, অনালোঁ চপাই
ততালিকে সেনাদল। সেই সুযোগতে
ভটিয়ালে গদাপাণি!
ৰজা।—কি কৰাঁ এতিয়া?
বুঃ গোঃ।—লাগিব কৰিব এটা।
ৰজা।— হল চিন্তা ঘূৰি।
বুঃ গোঃ।—চিন্তাৰ নপৰে ওৰ।
তথাপি ভাবিছোঁ, ভয়ৰ কাৰণ নাই;—
ভাটীমুখে নিৰ্ব্বিবাদে নাই তাৰ গতি।
জনাম সকলো কথা বৰফুকনক,