পৃষ্ঠা:গদাধৰ.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পট সলনি।
কদমৰ তল।
⸻০⸻

গদা।— কি আছিলোঁ, কিবা হলোঁ!
পৰিণাম আৰু কিবা আছে হবলই।
হেলাৰঙ্গে লৰাকাল কটালোঁ সুখত;
সমনীয়া বন্ধুজনে মানিছিল মোক
বীৰবাহু বুলি। বীৰৰ সন্তান মই।
ভাবিছিলোঁ, যৌৱনত পূৰ্ণ হব কাম,—
লভিম ৰণত জয়, সেনাপতি হই;
অন্তৰত উচ্চ আশা পালিছিলোঁ আৰু,
বাঢ়ে যেন ভাৰতত অসম-গৌৰৱ,
বাঢ়ি দিনে পিতৃৰাজ্য, —দূৰ-দূৰণিত—
বাহুবলে মোৰ। কিন্তু হাঁয়, ভাগ্যহীন।
নুপুৰিল আশা, বিপৰীত পালোঁ ফল,—
গৰখীয়া-মেল মাৰি, গৰু ৰাখি খাওঁ।
অকামিলা মই। (মৌন)

(গৰখীয়া দলৰ প্ৰৱেশ)

১ম, গঃ।— অ, ককাই, কি কৰিছা? বোলোঁ, তলৰ মাটি ওপৰ কৰি গুণিছা কি?