পৃষ্ঠা:গদাধৰ.pdf/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৬
গদাধৰ।


সৈন্যগণ।—জয় ভাবীৰাজ জয়।
গদা।— মুহৰ্ম্মূহু জয়ধ্বনি
উচ্চাৰিছে যত, উথলি উঠিছে তত
দেহ-মন-প্ৰাণ প্ৰতিপলে প্ৰতিপদে
ৰণ উদ্দেশ্যত! বজোৱাঁ বজোৱাঁ ঘনে,
বজোৱাঁ ৰণৰ চেও, বজোৱাঁ তালত,
তালে তালে নাচি উঠি, বীৰ খোজে আমি,
উলাহত আগ বাঢ়োঁ ৰণ অভিমুখে!
চেৱে চেৱে ধৰোঁ খোজ, গণি প্ৰতিপদ,
প্ৰতিপদে শুভক্ষণ মানি;— আমাসাৰ
বাহুবল দেখোক জগতে; স্বৰ্গহন্তে
দেখে যেন দেৱগণে। উঠিছে হুঙ্কাৰ
অন্তস্থল এৰি মোৰ, দেখি সমুখত
সিংহৰ চিকাৰ,—মোহাৰি হৰিণাদল
একে আক্ৰমণে,—দিম পৰিচয় আজি
যি হেতু গদাৰ বাহু দুৰ্জ্জয় ৰণত।
বাঢ়োঁ আগ, ধৰাঁ পাচ, হেৰা বীৰগণ!
পদে পদে চমু কৰোঁ পৰীক্ষাৰ স্থল,
ৰণত বিজয়ী নাম লভিবৰ গুণে।
ৰাতি-দিন একে সাজ, একে অভিপ্ৰায়,
সকলো একেটা আজি এক লক্ষ্য ধৰি;
-‘জিনিম শত্ৰুক, কিম্বা পৰিম ৰণত’-
বীৰশয্যা আছে পতা যশোন্তম্ভোপৰি,
চিৰশান্তি চিৰকীৰ্ত্তি লভিবৰ গুণে!