পৃষ্ঠা:গদাধৰ.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১২
গদাধৰ


সহিলে প্ৰিয়াই মোৰ ধৰণী সমানে,
নলওঁ যদ্যপি তাৰ নৰবধী প্ৰাণ,
নুজুৰায় হিয়া মোৰ নিশ্চয় নিশ্চয়।

(আস্ফালন)


নাই মোৰ সৈন্যবল যুদ্ধৰ সমল,
নাই কোনো বন্ধুজন উপদেশ হেতু;
নুবুজোঁ প্ৰজাৰ মন; নাজানোঁ যতেক
মিত্ৰৰাজ সম্প্ৰদায়,—কাৰ কিবা মতি।
তথাপি প্ৰতিজ্ঞা মোৰ, যুঁজিম অকলে;
অকলে উভালি যত অপায়-বিঘিনি
বায়ুবেগে প্ৰৱেশিম আপোন নগৰ,
আক্ৰমি বিক্ৰমে মোৰ লম সিংহাসন।—
অকলই হনু বীৰে দহি লঙ্কাপুৰী,
যিমতে সাধিলে কাম সীতা উদ্ধাৰৰ;
ছদ্মবেশী ভীমসেনে, প্ৰদমি যিমতে
দুৰ্দ্দান্ত নৃপতিদল সয়ম্বৰ দিনা,
ৰাখিলে গৌৰৱৰাশি দ্ৰৌপদী সতীৰ
তদ্ৰূপ মোহাৰি মই সৈন্য-সেনাপতি,
গৰাহত লম ৰজা, মন্ত্ৰী-পাৰিষদ,
আৰু যত পাত্ৰ-মন্ত্ৰী বিপক্ষ ভাবৰ।
কৰিম যুগুতি শেষে, প্ৰিয়াৰ গৌৰৱ
পূৰ্ণভাৱে ৰাখিবৰ হেতু; —প্ৰতিশ্ৰুত
হলোঁ আজি ধৰ্ম্ম-সাক্ষী কৰি। —লৰে যদি
হিমাচল, নলৰে বচন মোৰ। আৰু,