প্ৰতিমা

হৃদয়ৰ মন্দিৰত লুকুৱা প্ৰতিমা
 ভাষা নাই কিৰূপে বুজাওঁ!
আগন্তুক সহস্ৰ চকুৰ অনুৰোধ
 শক্তি নাই কিৰূপে এৰাওঁ?
“প্ৰতিমা প্ৰতিমা” ৰৱে ব্যাকুল কৰিলে,
 চাব খোজে হিয়াৰ বিকাশ।
কুচিমুচি আগুৱায় দুৰ্ব্বল হৃদয়
 দিবলই এফেৰি আভাষ।
নিমাতী হিয়াৰ কিন্তু মাত পোৱা টান
 হৃদয় যে ইমান লাজুক!
সখী চিত্ৰলেখা মোৰ কল্পনা সুন্দৰী—
 সমিধান দিয়াঁ আহি মোক।
আধা ফুটা আবেগৰ ইমান জুমুৰি
 দিলোঁ মেলি হৃদয় দুৱাৰ
যত ইচ্ছা দৰ্শকৰ চক জুমি জুমি
 ভুলে যদি সন্তাপ মনৰ।

      কবি: চন্দ্ৰকুমাৰ আগৰৱালা