পৃষ্ঠা:প্ৰতিমা.pdf/৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিৱঁৰে বনৰ গছ পাত লতা, কপিছে বতাহ ছাটি। ঊষাৰ জাননী দিলে তীক্ষ্ণৰৱে পূবত ৰাঙ্গলী হাঁহি। ভুমুকি মাৰি চাইছেহি কোনে, উটি আহে ফুল পাহি। কলৈ যায় সৌ ফুলৰ পাহিটি চিঙ্গি নো উটালে কোনে? কি বাতৰি যায় ফুলাম নাৱ বাই কোন্ বা কুৱঁৰী পোনে? কি খেল খেদিছে, কোনে বা কাক পছিম ফাললৈ চায়? কোন আছে তাত কলৈ বা পঠায় বাতৰি পায় নে নাই? ঢৌৱে ঢৌৱে কেনে ফুল-নাৱখনি ৰাজহংসে নিছে টানি, ফুলে ফুলে ফুলি পদুমী কুৱঁৰী শিৰত নীয়ৰ মণি। -ৰঙা হাত ভৰি ৰঙা মুখখনি কাঞ্চন উজ্জ্বলা চুলি। জলকুৱঁৰী। 89