পৃষ্ঠা:প্ৰতিমা.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা! প্ৰকৃতি। ফুল কলি ফুলি গোন্ধ বোৱাই প্ৰীতিৰ সোঁত, সৰি পাছে নাইকিয়া হল। সি ফুলৰে মউ-পিয়া এটা ভোমোৰা বলিয়া ঘূৰি ঘূৰি ফুৰিছে অকল। উৰি ফুৰি বেজাৰৰ হৃদয় ৰাগিণী তাৰ বৰষি হে সিও গুচি গল। কৰ কোন কিবা হল, চিন স্মৃতি পমি-গল। প্ৰকৃতি যে তেনেকৈয়ে ৰল! আশা। কিয় মোৰ আশা হায় আশাতে নৰয়? ইমান বিঘিনি দেখি পৰি যায় জঁয় I জগতৰ গতি দেখি পৰিছোঁ ভাগৰি। নেলাগে নেপাওঁ যিটো কিয় মৰো পুবি? K