পৃষ্ঠা:প্ৰতিমা.pdf/৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বনকুৱ ৰাঁ। কপৌৰ বাঁহলৈ উৰি গল কোনো, দিলে গৈ চুমা একণি। খোপাত পিন্ধিছে বন পখিলা, আটাই আপোন ধন। বন ফুলৰ মৌ পীছে কোনোৱেবা, শান্ত হ মানুহ মন। কি দেখিছ সৌ শ্যামল পাটীত ছুঁয়াত বা কিনো চাম! নীল চুলি মেলাইছে কোনে নো বা– মুখনি উজল শ্যাম। মৰকত মণি জিলিকে শিৰত— দেবী হব বন কুঁৱৰী। মুকুতাৰে অঁৰা লগতে ইজনা জলৰ দেবী নীয়ৰী। চুলি বান্ধি দিছে কুঁৱৰীৰ মেলি, খোপাত আৰিছে মলা, আগতে অলেখ বনফুল ৰাশি ৰূপেৰে গোন্ধেৰে ভৰা। জুজুৰ কৰি আনিলে বতাহে উৰাই কেতেকী পাহি, ৩৯