এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
ফুলবাৰী খালি পৰিয়েহে আছে,
চৰে নে হৰিণাজনী?
কোনে ভুলাইছে মৰমৰ তোৰ
শাৱঁলী পোৱালিকণি?
সখীৰ বাতৰি কোনে কব পাৰে
–তোৰ জীৱনৰ লগ।
মৰমৰ সখী আঁতৰালে কোনে
আকৌ নে মিলিব সঙ্গ?
কুমাৰী ছোৱালী কুটুমে পেলালে
দলিয়াই মৰম ফেৰি।
মানুহে মানুহে ইমান হে মৰম
চকু-লো পৰে সুৱঁৰি।
মানুহৰ চোতালত মাধুৰী ফুটিলে
মানুহে নিচিনি হায়!
সাৰি তুলি ছিঙ্গি মোহাৰি পেলালে,
মানুহৰ মৰমো নাই!
মৰমৰ পানী নোহোৱা ঠাইত
কেনেকৈ বিশ্বাস থয়
সেয়ে তেজীমলা দূৰৈতে শিপাই
পাৰিজাত হই ৰয়।
৫২