পৃষ্ঠা:প্ৰতিমা.pdf/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জ্ঞানময় প্ৰেমময় প্ৰাণৰ ঈশ্বৰ সুখ, সুধা মুখ। -সত্য তুমি শিৱ তুমি অসীম সুন্দৰ। সুখ। -সুখ সুখ বুলি বিয়াকুল নৰ নেপায় সুখৰ বুজ। বিচাৰি নেপায় আছে হাততেই হায় কৰি মৰে যুজ! সুখ নোহে ইটো জগতৰ বস্তু সুখ যে ময়াৰ বিত। মনৰ তলিৰ পৰা বই আহে লুকায় বাহিৰ বালিত। সুধা মুখ। মুখৰ সোৱাদে মোৰ পমাব হৃদয় — অমৃতৰ নিজৰণি ৰঙা ওঁঠ দুই। মাতে মৌ বৰষিৰ, মুখৰ নিশ্বাসে হৃদয়ৰ দুখ ব্যথা লই যাব ধুই। ১৭