পৃষ্ঠা:প্ৰতিমা.pdf/৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা। মল্ মলাই গল দিশ বিদিশ মাতিলে বতাহে হাঁহি, “মৰম ভিখাৰী, বিচাৰিছোঁ দেবি প্ৰাণৰ অমিয়া মাধুৰী।” মিচিকনি মাৰি হাঁহি দান দিলে দুয়ো প্ৰকৃতি কুঁৱৰী। অথিৰ বায়ুৰ শিঁয়ৰিল নোম, উছলাইছে গৈ জান কাৰণ-নেদেখা আনন্দৰ ঢৌৱে বুৰালে প্ৰাণীৰ প্ৰাণ। 80 সৰা পাহি। কৰবাৰ এছাটি বতাহে আয়ুফুল পাহিটি বিলালে পেলালে সৰাই, ইও উৰি গল। উঠি নামি ঢউ খাই খাই ধীৰে নীৰে শূন্যতে হেৰায় তেনেকৈয়ে স্তম্ভিত জীৱন ৰল।