পৃষ্ঠা:প্ৰতিমা.pdf/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তেজীমলা
 

শকত বান্ধেৰে তলীৰে সইতে
 বান্ধিলে নিছিগা কৰি।
ধুমুহা বতাহে খঙ ৰাগে আৰু
 কিনো নো কৰিব পৰি!
সিদিনা সন্ধিয়া দৰে আজি কিয়
 তেনেকুৱা কৰে মন?
বেজাৰ মাৰ গৈ বেলিটিয়ে তোক
 দিছিলে যে বিসৰ্জ্জন।
আজি পুৱাই বেলি হাঁহি চকু মেলি
 পঠালে বাতৰি কিবা,
চিকুণ নাওখনি আশাৰে উজলি
 আহিছে উধাই বা
মানুহৰ নাও মানুহৰ ভাও
 দেখি যে লাগিছে ভাল।
মানুহ মিতিৰ বৰ মৰমৰ—
 পাতিছে কিহৰ জাল?
গহীন মুখনি মৰমেৰে সনা
 মোৰেই তো দেৱতা এওঁ।
কেলেই লাগিছে মানুহৰ লগ?
 —আহিয়ে দেখোঁ ধৰেও।

৫৩