পৃষ্ঠা:প্ৰতিমা.pdf/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা। চিৰ-লগৰীয়া। বিচাৰি ইমান দিনে জীৱনৰ সঙ্গী পালোঁ মই এই দেখোঁ আছিল হিয়াত। মৰমেৰ সনা কেনে পবিত্ৰ মুখনি পবিত্ৰ হিয়াৰ কাস্তি প্ৰকাশে আভাত। তিৰবিৰ চকু দুটি কঁপিছে হিল্লোলে কি উথলি পৰিছে সৈয়৷ প্ৰেমৰ আবেগ। মধুৰ হৃদয়ৰ দিছে পৰিচয় সংসাবব, শান্তি ঢালি, আঁতৰাব মেঘ। জীৱনক মধুৰেৰে পূৰ কৰিবলৈ কৰ পৰা পালো এই মোহিনী প্ৰতিমা। সংসাৰত দুখে সুখে লগৰীয়া মোৰ পৰম বান্ধৱ এই আশ্বাস আতমা। সুন্দৰৰো সুন্দৰ সংসাৰ- দুদিনীয়া, প্ৰাণে প্ৰাণে বন্ধা মোৰ চিৰ লগৰীয়া।

8