পৃষ্ঠা:প্ৰতিমা.pdf/৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুলৰ ঢাকি ৰচোঁতাৰ প্ৰতি। অনন্তৰ সোঁত। -কোন কাহানিৰ কথা, মৰণৰ পাৰে জীৱনে মেলিলে শাখা। নিতৌ এপাহি মেলে, অৰুণ কিৰণে পিন্ধায় ধুনীয়া আশা। নিতৌ এপাহি সবে, কৰুণ নীয়ৰে তিতি, সোঁতে নিয়ে দূৰ দেশ। নিতৌ পখীটি আহি শুনায় প্ৰাণৰ কথা, উৰি যায় দিন শেষ। ফুটে কি নুফুটে ফুল, সৰে কি নসৰে -তলে সোঁত অবিৰাম চলিছে সৰ্ববতিকাল। “ফুলৰ চাকি” ৰচোঁতাৰ প্ৰতি। ভাই, তাহানিৰ কথা আজি সপোনত উটি লগত আনিলে এই ফুলৰ চাকিটি। আদৰ মালতী তৱ মৰমৰ চিন তুলি থলোঁ হৃদয়ত জীওঁ যতদিন। ২৯