পৃষ্ঠা:প্ৰতিমা.pdf/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা। লুকুৱা ভুমুকা কৈ ছয়াময়া পেঁচটি। হাহোঁৱেই নে কান্দো কৈ ছল্‌লীয়া চকুটি। ধেমালি খঙৰ নৈ মিঠা গাঁঠি থোপাটি। ওলাওঁ নোলাওঁ কৈ— মন মোহ৷ ঠগটি “ন যযৌ ন তস্থৌ” অগা পিছা ভৰিটি। সান-মিহলিৰ নৈ ওভতনি সোঁতটি। সাঁথৰ ভাঙনি হৈ পানী-মিঠৈ গোটটি। চাওঁ নে নেচাওঁ কৈ মৰমৰ দেহিটি, দেবী নে মানবী ঐ মাধুৰীৰ ছবিটি! ২৮