পৃষ্ঠা:প্ৰতিমা.pdf/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অলসৰায়া। অকলসৰীয়া। অকলই উৰি ফুৰে প্ৰাণৰ পাখীটী কল্পনা-বিহাৰী, নিৰজন আকাশেদি। বিশাল ব্ৰহ্মাণ্ড তাৰ চকুৰ আগত, অনন্ত শূন্যৰ ৰাজ্য জুৰি ওপৰত। শান্ত পৰ্ব্বতৰ টিং, অৰণ্য, সাগৰ, প্ৰকৃতিৰ হিয়া যেন বৈৰাগ্য আধাৰ। মানুহৰো ৰাজ্য পৰে চকুত অশেষ, কোলাহলপূৰ্ণ কিন্তু নিমগ্ন সি দেশ। প্ৰাণ-পখী উটি যায় শূন্য ৰহস্যত লগ হেৰুৱাই মেঘ আকাশ মাজত। উদাস হৃদয় তাৰ অকলে আকুল, প্ৰাণৰ প্ৰাণত বাজে বিষাদৰ সুৰ। জনপূৰ্ণ নিৰ্জনত কতা লগৰীয়া? বিশ্ব সংসাৰত হায় অকলসৰীয়া! ১৩