পৃষ্ঠা:প্ৰতিমা.pdf/৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

AG প্ৰতিমা। অকণি বুকুত ইটিক' সুমাই সিটিয়ে মৰম যাচে। অকণি ছোৱালী—যক্ষিণী কন্যা এফেৰি ফুলৰে পাহি, জানৰ কাণত পানী খুৱাইছে হৰিণা পোৱালি লাহি। চমকি চায় ৰই থাকে থৰে — কুমাৰীৰ মুখলৈ চাই, ‘কিনো নো চাইছ?' বুলি ছোৱালীয়ে- গালতে হাঁহি চৰায়। দুখোজতে লৰি পালেগৈ ঘূৰি যক্ষিণী কুমাৰী মাজ, আঁহতৰ তলে নাচিছে দুজনী পিন্ধি বনফুল সাজ। মুকলি চুলিৰে নাম গায় ঘূৰি, চাপৰি টুক টুক টুক। ৰূপহীৰ মেল দেৱযোনি খেল মানুহে নেদেখা মুখ। খিল্‌ খিল্‌ হাঁহি গল দিহাদিহি, চিঙ্গে ফুল কতোজনী