পৃষ্ঠা:প্ৰতিমা.pdf/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা। ৩৬ বনকুৱঁৰী। নিজম দুপৰীয়া শুহুৰীটি মাৰি মাতিলে নো কোনে কাক? - বিজন বনত কোন কত আছে? হালিছে গছৰ আগ। গহিন গছত বতাহৰ ছাটি- পাত কঁপে থৰ থৰ। হাবিৰ মাজৰপৰা কোনে নো বা মাতি উঠে ‘মৰ মৰ?' মিচুক লতিকা গছক সাবটি— প্ৰতি অঙ্গে চুমা চুমি। পাতৰ আঁৰত থাকি কপোটিয়ে— কিবা কৰে জুমাজুমি! মৰমৰ গীত জুৰিলে লাজুকী— মাত ফুটেই বা নাই। বিৰিখে হাঁহিছে হালিছে জালিছে নইৰ মুখলৈ চাই। কিবা কথা কয় নৈয়ে কুলু কুলু ইয়োটো ধেমালি যিহে!