পৃষ্ঠা:প্ৰতিমা.pdf/৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা। জলকুৱঁৰী। পুৱঁতী নিশাৰ ডাক নাই পৰা— নীৰৱ বিশ্বৰ বাঁহী। কোনোবা লোকৰ নিমাত প্ৰাণীয়ে হাঁহিছে নিফুট হাঁহি। পথালি চকুত এন্ধাৰ এন্ধাৰ তৰাই তৰালৈ চায়। তলত পানীৰ দাপোণলে চাই হাঁহিছে মিটিকিয়াই। শেহ-নিশা কেনে ৰ-লাগি ৰইছে লগৰীয়া কোনো নাই। ভয়ক চঁকাই ফুচফুচাই কোনে এন্ধাৰে এন্ধাৰে যায়? গহীন পাৰত গহীন বননি— কি সৰে গছৰপৰা? হুৰ হুৰ কৰি কিবা গল উৰি— খক্ খক্ মাতে ৰাতি-চৰা। ডাবিতে লাগিল তধা বসুন্ধৰা— এৰিলে নিশাহ এটি, 86