পৃষ্ঠা:প্ৰতিমা.pdf/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সুন্দৰ ।
 

সুন্দৰ।

সম্মোহনী বীণ বাই আজি কি বিচাৰে
দুৱাৰে দুৱাৰে সবে ভিক্ষাৰীৰ বেশে?
সুন্দৰ সুন্দৰ ৰৱে বীণৰ জোঁকাৰে
শোধাশুধি পৰি গল দিশে চউদিশে।
সুন্দৰ সুন্দৰ বুলি বিয়াকুল নৰ-
মন্ত্ৰমুগ্ধ—সুন্দৰক যেয়ে দেখে যতে।
লুশুনে আৰাৱ আৰু নিজৰ বীণৰ,
সুন্দৰ প্ৰতিমা মাথোঁ প্ৰাণৰ প্ৰাণতে
চাই থাকিব খোজে হেজাৰ বছৰ;
শিকিবলৈ তাৰ ভাৱ হেঁপাহ হিয়াৰ,
পূজিবলৈ দিব তাকে হিয়া উবু’ৰাই,
সংসাৰত তৃষ্ণা শান্তি আছেই বা নাই?
বিচাৰোঁ সুন্দৰ মই নিজে অসুন্দৰ!
আৰাধি সুন্দৰ হায় হম নে সুন্দৰ?


৫৫