পৃষ্ঠা:প্ৰতিমা.pdf/৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা। হাঁহি খলখলি গৈ কান্দি ও পাবে, ধেমালিৰে চলে নে সংসাৰ? ধেমালি! ধেমালি মাথোঁ গোটেই জগত, এদিনতে একুৰি বছৰ! আকাশৰ তলে মোৰ ধেমালিৰ ঘৰ- বিশ্বৰ ছোৱালী লৰা সঙ্গী, ভাই ভণী লই মোৰ সংসাৰৰ খেল কোনে চাব মোৰ ভাওভঙ্গী। হাঁহি মাতি নাচি বাগি কৰিলোঁ কোঢ়াল, ফটাকানি কন্যা বিয়া দিলোঁ দিলোঁ, থলোঁ, ললোঁ, হৃদয়ত কিন্তু থাপি মৰম প্ৰতিমা সাঁচিছিলোঁ। মুকলি চুলিৰে মোৰ বাঢ়িলি আইটি আপোনাৰ ঘৰক শুৱাই, কাক নো আনিলি তই কৰিলি আপোন → তোকেহে গল গৈ হায় লই! ধেমালিৰ সেকা মোক দেখুৱালে কোনে, তয়ে৷ মোক এৰি যাব খোজ! ঈশ্বৰৰ জীৱ, দিব ঈশ্বৰেই দিহ। কিয় মোৰ মনাই নুবুজ?

88