পৃষ্ঠা:প্ৰতিমা.pdf/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা। কিবা চোৱাঁ, হাততে ৰতন প্ৰেমেই যে শান্তি জগতৰ। সপোন। আছিলোঁ এদিন ধেমালি মগন কুমলীয়া বয়সত, নাচি নাচি উৰি পখিলাটা আহি মোৰ কলেহি কাণত, “আমাৰ ই দিন নেথাকে সদাই কান্দিব লাগিব মিতা। মউৰ সোৱাদ হাঁহি ধেমালিও হবহে এদিন তিতা।” সপোনৰ দৰে উৰি আহিছিল উৰি গল সিবা কলৈ। এতিয়া দেখিছোঁ তাৰ সেই কথা ধৰিছে ফলিয়াবলৈ।