পৃষ্ঠা:প্ৰতিমা.pdf/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সংসাৰত ঈশ্বৰৰ কাৰ্য্য কৰিবলৈ মানুহক দিবলই ছঁয়া ঘৰ এৰি গলি তই—কিহৰ বেজাৰ? বিশ্ব জুৰি মলিয়াওক দয়া। সংসাৰ মৰুৰ শ্যাম বটবৃক্ষৰূপা সন্তাপীৰ সুখ পাপীৰ ত্ৰাণ। পুণ্যবাট দেখু ৱাতী সৰগ জীয়াৰী— আগ বাঢ়া কৰি শান্তি স্নান। তৃষিত মৰত মুখে ঢালিবা পীযূষ, অন্ন দিবা অন্নপূৰ্ণা হই— আশীবৰ্বাদ। গৌৰী সতী, আই মোৰ নোলায় যে কথা, কিনো দিম অকিঞ্চন ম‍ই। কিবা আছে মোৰ? দুখীয়া হৃদয় মোৰ চকু পানী টুপিহে সম্বল। “সুন্দৰ মুখৰ দৰে সুন্দৰ জীৱন” হোক তোৰ—এয়ে ধন বল। 80