পৃষ্ঠা:প্ৰতিমা.pdf/৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা। কৰ্ম্মদেৱ। কি দেখিছ৷? শিলেৰে বন্ধালোঁ এই হিয়া, সাধনাৰ অসি হাতে ওলালোঁ এতিয়া। কৰ্ম্মফল উছৰ্গিলে। কৰ্ম্মদেৱলৈ— শৰীৰৰ ভস্মৰাশি দশ দিগলৈ। কি ভয় মৰণে ৰণে, ভয় নাই, নাই, কৰ্ত্তব্য-মুকুট শিৰে পিন্ধালে গোসাঁই। পুণ্যময় তেজকণ উঠুক উছাহি— তেজঃপুঞ্জে প্লাবিত কৰোক শৱৰাশি। শক্তিৰ মন্ত্ৰেৰে আৰাধিলোঁ ইষ্টদেৰ, শক্তিৰ সন্তান মই নোহোঁ আৰু কেও।