পৃষ্ঠা:প্ৰতিমা.pdf/৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিশাহত আহে উৰি কিনো ফুল ৰেণু গোন্ধে ভৰপূৰ মোৰ প্ৰতি সুখ-অণু। ময়াজাল বিস্তাৰিলে সংসাৰ সুন্দৰী । আশীৰ্ব্বাদ। পেলালে মেৰাই মোৰ আতমা আবৰি। আশীৰ্ব্বাদ । শ্ৰীমতী—আইটী প্ৰাণাধিকায়ু— মুকলি-মুৱীয়৷ জীয়াৰী জীৱন এৰি কেলৈ আজি যাবলৈ ওলালি? মাৰৰ মৰম আদৰকো কাতি কৰি ইমান নিদয় কিয় হলি? সংসাৰৰ বিচিত্ৰ গতিত পাহৰিলি ধূলি ধেমালিৰ ভাইটিকো; গহীন মুখৰ ভাৱ দেখি আজি তোৰ জানিলোঁ নহয় স্থায়ী একো। স্নেহে ঢকা সংসাৰৰ তত্ত্ব কোনে লব, মৰমৰ ছুঁয়া-বাজি চাব? দেখিছোঁ যি এয়ে ৰূপ নহয় ইয়াৰ -কত ৰঙ্গ ধৰিব, সলাব।