পৃষ্ঠা:প্ৰতিমা.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
 

জোনাকী।

( কবিতা-জাল )

ঊষাৰ হাঁহিটি ৰঞ্জিলে পূবত
 কৰ বা ধেমালি কথা
নিমিষতে নামি বসুধা জুৰিব
 —প্ৰকৃতি খন্তেক তথা।
সোণালি সোতত সাতুৰি নাদুৰি
 উঠি আহে সমীৰণ,
প্ৰকৃতিৰ ঢকা বুকু উদঙাই
 পিন্ধালে মুকুতা সোণ।
পৰ্ব্বতে পাষাণে অৰণ্যে আকাশে
 বিমানে স্বৰ্গীয় বিভা।
ৰুণ ৰুণ ৰুণ্‌ গছ পাত লতা
 আহিছে বাতৰি কিবা।
সপোন ৰাজ্যৰ কত যে কুমাৰী
 মলয়াত উটি আহে,
স্বপ্নৰ আবেশে পখিলাৰ দৰে
 নাচি হাঁহি লাহে লাহে।

৫৬