পৃষ্ঠা:প্ৰতিমা.pdf/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জীৱনৰ লগৰীয়া। জীৱনৰ লগৰীয়া। প্ৰকাশি ঊষাৰ দৰে নিত নতুন নিবাঁ মোক সুন্দৰৰ সৰগ ৰাজ্যলৈ। বেলিটিৰ দৰে পঠিয়াবা কামলৈ, উজলিবাঁ তুমি মোৰ গোটেই ভুবন। সন্ধিয়াৰ দৰে মোৰ হৰিবাঁ ভাগৰ বুলাই কোমল হাত সন্তাপিত গাত। টোপনিৰ দৰে মোক পেলাৰাঁ আবৰি সপোনত হবা মোৰ ৰহস্য নায়িকা। আছে হৃদয়ত যিবা আকাঙ্ক্ষাৰ দেশ সকলোৰে অধিষ্ঠাত্ৰী হব৷ তুমি আহি। আকাশ পটত উঠি জোনাইৰ দৰে প্ৰচাৰিবাঁ জগতত “মৰমেই ধৰম”। সুন্দৰৰ আৰাধনা তোমাতে অপিম প্ৰাণৰ আকাঙ্ক্ষা মোৰ হব একে মুখী। মানবী জনম হব সৌভাগ্যেৰে পূৰ আনন্দৰ নিজৰণি তুমি প্ৰাণ মোৰ। ১৫