পৃষ্ঠা:প্ৰতিমা.pdf/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কোনে চায় নিতৌ বনৰ ধেমালি? মাতিলে নো সিটি কিহে? “গছৰ আগত ময়না পখিটী, মাতি সি নিচুক হল। শুনো শুনো, শুনিবলৈ বাট চাওঁ, মনতে হেঁপাহ ৰল। সিজুপি বকুল,—এই এৰাবাৰী কোন কাহানি বা গল! চিন এই ভেটি তামোল লেটেকু— হল বহু দিন হল। বাঁহৰ ছুঁয়াত গজালি গজিছে কোন নো ইয়াত ফুৰে? জুৰ জুৰ কৰি বতাহ বলিছে বাঁহৰ মাজে মাজে ঘূৰে। পাতে পাতে কিবা ফুচফুচাইছে মাৰিছে মিচিকি হাঁহি! কলাঘুমটীয়া সুখৰ এলাহ বতাহে সুৰ সুৰায়হি। -গাত গা লগাই কপৌ দুটিয়ে মুখতে মুখ দি আছে। বনকুৱঁৰী। ৩৭