পৃষ্ঠা:প্ৰতিমা.pdf/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুলা সৰিয়হ ডৰা। ফুল৷ সৰিয়হ ডৰা। সংসাৰ চক্ৰৰ ঘানীত লগাই — কি ৰং চাইছা মোৰ? বিষয় পাকৰ পাঘুৰণি খাই— পৰিলোঁ ভ্ৰমত ঘোৰ। কি হব নো হেৰি, ঘানিয়ে বানিয়ে গুটী সৰিয়হ পেৰি? তেলিয়ে পেৰিব, জগত যোগাব— কিয় মোক ধৰা বেৰি? দিয়া মোক এৰি, চাওঁ গৈ ঘূৰি ফুলা সৰিয়হ ডৰা। সেয়ে আজিলৈকে থৈছে মোক মুহি— পখিলা পাখিৰে ভৰা— তাহানিৰ সেই সপোন দিনৰ লৰালি কালৰে পৰা। 23-