পৃষ্ঠা:প্ৰতিমা.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা 1 8 জীৱনৰ দলি। কোনে জানে কিবা বিচাৰি আহিছোঁ, নিজেও নোৱাৰে। কব। আপোনাৰ ভাৱ আপুনি নেজানো, নেজানো পিছে কি হব। কি কামত আহি কিহত ঘূৰিছোঁ? এফেৰি চিন্তাও নাই। বাট পথ এৰি ইমান ঘূৰোঁতে বাটো পাহৰিলোঁ হায়! লক্ষ্য ভ্ৰষ্ট নে কি জীৱনৰ দলি? উফৰি ত্ৰিভুবন দেখোঁ। ধেমালিতে আজি অত দিন গল! এতিয়া কি লেখ লেখোঁ কিহে নো ভুলালে, কিহৰ ৰাগীত ইমান বলিয়া হলোঁ। মোক সামৰিব কোন লগৰীয়া? মই যে অকলে ৰলো।