পৃষ্ঠা:প্ৰতিমা.pdf/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা। “কূট।” পাহৰা বিলত জানে৷ পৰি আছে৷ ম‍ই, কিহৰ ৰাগীত তুমি আহা? কি টোপ পেলাই মোক মাতিছা বান্ধৈ, বুজিছা জানো হে মোৰ দশা? কি হব নি মোক ভাই মাতি ওচৰলৈ? মই আছোঁ কিহবাত ভোল। তোমাৰ গুৰিত মোলৈ আছে নে হে ঠাই,- দিব কোনোবাই মোক কোল? মৰমৰ টান দেখোঁ বৰকৈ কঠিন! মৰম কোমল কোনে কয়? “কিলোৱা কুটুম হে কুটুম” কিয় বোলে বুজিলোঁ অৰ্থ তাৰ ম‍ই। মাৰা, টানা, কিলোৱা বা যিহকে কৰিবা— মই যে তোমাৰ, তুমি মোৰ। কিন্তু মই চিনিও নিচিনা হলোঁ কিয় কব পাৰা নে হে কূট ঘোৰ? 28