পৃষ্ঠা:প্ৰতিমা.pdf/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা। সত্য তুমি, শিৱ তুমি, তাসীম সুন্দৰ। ১৬ জ্ঞান ফিৰিঙটি এটি পাই, অনন্ত জ্ঞানৰ স্বৰ্গলৈ মানুহ উধায় -ৰহস্যৰ ঘৰ! সতোৰে পোহৰময় মানৱ হৃদয় জ্যোতি স্বৰূপৰ লীলা প্ৰকৃতি-বিজয় প্ৰেমৰ এটুপি সুধা মাথোঁ অন্তৰত আছে। তাবেই বলিয়া হৈ তাৰেই তালে তালে নাচে। শিৱময় মানুহৰ সংসাৰ আশ্ৰয় সুখৰ ভঁৰাল এই মানৱ হৃদয়। প্ৰাণ সাগৰৰ এক বিন্দু মানৱ জীৱন। কাৰ্য্যৰ তৰঙ্গময় সিন্ধু সংসাৰ মহান্। সুন্দৰৰো সুন্দৰ ই দুদিনীয়া দেশ যতনৰ আনন্দৰ শুৱনি আৱেশ।