পৃষ্ঠা:প্ৰতিমা.pdf/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জোনাকী। জোনাকী। এন্ধাৰৰ সিপাৰৰ পাহৰা জেউতি ফেৰি বিৰিঙে ঊষাৰ ৰূপে অন্ধ আবৰণ ভেদি। সোণালি সপোন সোঁতে আশাৰ প্ৰতিমাখন! হৰিষ মলয়া বায়ু ছুই যায় পদুম-চৰণ। পুৱাৰ মাধুৰী সুৰে জুৰিলে হিয়াৰ বীণ। জগতে মেলিছে চকু, শুনি প্ৰতিধ্বনি ক্ষীণ— “নহি জ্ঞানেন সদৃশং পবিত্ৰমিহ বিদ্যতে।” এন্ধাৰত পোহৰ মেলি লুকাল গোসাঁনী ততে। at