পৃষ্ঠা:প্ৰতিমা.pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা। যুগমীয়া শোক। নেপাহৰোঁ যেন এই শোক হিয়াৰ মাজত সদাই জ্বলোক চিব দিন দেখা পাম স্বৰ্গৰ আলোক! নেপাহৰোঁ যেন আই তোক দিলোঁ কত হায় পৰিতাপ শোক এটি এটিকে যেন পাহৰ সকলোক। পাহৰিব নোৱাৰোঁ নহয়! পাহৰিলি কিন্তু আমাক যে তই। কিয়! তয়োতো পাহৰিব নোৱাৰ নিশ্চয়। সি মৰম নোহোৱা হব নে? তোৰ যি মৰম আমি নুবুজোঁ নে? হিয়া তোৰ ভগা নাই বুলি কব কোনে! গলি তই হানি একো নাই তোৰ যে সলনি ৰাখিম জীয়াই ই পবিত্ৰ শোক তোৰ যুগমীয়াকই। মৰম শিকাব তোৰ শোকে লেখব যি কিদিন থাকোঁ মৰ্ত্ত লোকে মানুহক ভাল পাম ভাবি আই তোকে, ক্ষেমিম সকলো চিন্তি তোৰেই মুখকে। b