হিন্দু-ধৰ্ম্ম-সাৰ

 সংসাৰিক অৰ্থাৎ গৃহাশ্ৰমী লোক সকলে বিয়া কৰিব লাগে। সকলো লোকে লক্ষণান্বিতা সবৰ্ণা তিৰোতা বিয়া কৰিব। যি তিৰোতা মাতৃৰ অসপিণ্ডা অৰ্থাৎ সপ্তম পুৰুষ পৰ্য্য়ন্ত স্বগোত্ৰা বা স্বপিণ্ডা ন হয় অৰ্থাৎ পিতৃ পক্ষৰ শ্ৰাদ্ধ সম্বন্ধীয় সন্ততিৰ পৰা উদ্ভৱ ন হয়; তেনেকুৱা তিৰোতাই বিবাহ পূৰ্ব্বক সহবাসৰ উপযুক্ত হয়। অতিশয় ধনী আৰু মানি হলেও নিম্ন লিখিত দহ কুলৰ কন্যা বিয়া ন কৰিব যেনে; হীন ক্ৰিয়া অৰ্থাৎ জাত কৰ্ম্মাদি সংস্কাৰ ৰহিত; নিষ্পুৰুষ অৰ্থাৎ যি কুলে পুৰুষ নজন্মে, কেৱল কন্যা মাত্ৰ জন্মি থাকে, নিশ্চল অৰ্থাৎ বেদাধ্যয়ন ৰহিত, ৰোমশ অৰ্থাৎ বহুত লোম যুক্ত, গ্ৰহণী ৰাজযক্ষ্মা। (খেহ)। অপস্মাৰ (শুকাই যোৱা বা মৃগী ৰোগ) (শ্বেত ধল ও লোৱা) কুষ্ঠ ৰোগ ( মহাৰোগ ) আক্ৰান্ত; এই দহ কুলে কেতিয়াও বিয়া ন কৰিব।

[ বেটুপাত ]
হিন্দু-ধৰ্ম্ম-সাৰ

অৰ্থাৎ
এই কলিকালত চাৰিও বৰ্ণৰ ঈশ্বৰৰ স্থাপিত
নিয়ম প্ৰণালী থকা গ্ৰন্থ।

“শূৰ্পৱদ্দোযযুৎ স্বজ্য গুণং গৃহান্তি মাধৱঃ।”

কামৰূপ বৰনগৰৰ

শ্ৰীহলিৰাম মহন্তৰ দ্বাৰা ৰচিত।

[ প্ৰথম পৃষ্ঠা ]

হিন্দু-ধৰ্ম্ম-সাৰ।
অৰ্থাৎ
এই কলি কালত চাৰিও বৰ্ণৰ ঈশ্বৰৰ স্থাপিত
নিয়ম প্ৰণালী থকা গ্ৰন্থ।

কামৰূপ বৰণগৰৰ
শ্ৰীহলি ৰাম মহন্তৰ-দ্বাৰা ৰচিত্
আৰু
চাপা গুৰি মৌজাৰ
শ্ৰীযুত কৃষ্ণৰাম উজিৰ মৌজাদাৰ দ্বাৰা
প্ৰকাশিত।


“শূৰ্পৱদ্দোষমুৎ সৃজ্য গুণং গৃহ্ণাস্তি সাধৱঃ।”


শঁক ১৮৩০ ইং ১৯১০
কামৰূপ যোগদলা


প্ৰথম তাঙ্গৰণ।


কলিকাতা, ৬১ নং মিৰ্জাপুৰ ষ্ট্ৰীট, “বণিক যন্ত্ৰত”
শ্ৰীনগেন্দ্ৰ নাথ আহচ দ্বাৰা
ছপা কৰা হল।


বেচ্ ৷৶৹ দুমহায়া মাথোন।

[ সূচীপত্ৰ ]

সূচি

বিষয়
পিঠি৷
 

সৃষ্টিৰ বৃত্তান্ত ... ... ... ... ১
মনুষ্যাদি জীৱৰ উৎপত্তি ... ... ... ৪
সময় বৰ্ণণ,প্ৰলয়
নিৰূপন আৰু যুগধৰ্ম্ম ... ... ৬
চাৰিও বৰ্ণৰ ধৰ্ম্ম,তাৰ
শ্ৰেষ্ঠতা আরু আচাৰ ধৰ্ম্ম ... ৭
বৰ্ণ ধৰ্ম্ম,আশ্ৰম ধৰ্ম্ম ... ... ... ৯
উপনয়ণত ব্ৰহ্মচৰ্য্যৰ নিয়ম... ... ১১
গুরু-শিষ্যৰ কৰ্ত্তব্য কম্ম;জপ্
মাহাত্ম, ইন্দ্ৰিয় বোৰৰ নাম আরু
দমণৰ উপায় ... ... ... ১৪
বিদ্যা দাণৰ নিয়ম; সেৱাৰ
যোগ্যাযোগ্য ব্ৰাহ্মণ ... ... ১৭
পিতৃ-মাতৃ আরু গুরুভক্তি, হীনতাগ্ৰহণ ... ... ২১
বিবাহ আরু বিবাহ বোগ্যাযোগ্য... ২৩
স্ত্ৰী সহবাস, পুত্ৰোৎপাদন,
কন্যাদান আরু স্ত্ৰী ৰক্ষা ... ২৬
পঞ্চ মহাযজ্ঞ আরু
অতিথি সেৱা ... ...২৯
শ্ৰাদ্ধকালে ব্ৰাহ্মণ শশ্ৰূষা আরু যোগ্যাযোগ্য বিচাৰ ... ...৩১
শ্ৰাদ্ধৰ নিয়ম আরু ঠাই নিরূপণ
আরু পিতৃ লোকৰ নাম ... ... ৩৫
নীতি কথা, পাপ-পূণ্যৰ বিচাৰ,
দান গ্ৰহণ বিধি অল্প বয়সত মৃত্যুৰ
কাৰণ আরু ভোক্ষা-ভোক্ষ মাংস...৪৭
প্ৰেত আরু জন্ম শুদ্ধি ... ... ৪৯
দ্ৰব্যশুদ্ধি আরু শৌচাচাৰাদিৰে
দেহ পবিত্ৰ ৰখাৰ নিয়ম ... ...৫৩
স্ত্ৰী ধৰ্ম্ম ... ... ... ...৫৬
স্ত্ৰী সম্বন্ধে পুরুষৰ কৰ্ত্তব্য কাম
আরু পুত্ৰোৎপাদন ... ...৫৮
শেষাবস্থা (কেৱল ধৰ্ম) ... ...৬৪
দায়ভাগ (পিতৃধন বিভাগ)... ...৬৮

ওপৰঞ্চি

১। কেৱল ধৰ্ম্মৰ আৰ্হি কলিৰ ঘটনা ... পরি শিষ্ট
২। গুরুভক্তি
[ পাতনি ]   ৰমেশ্বৰে যিমান প্ৰাণী সৃজন কৰিছে, সেই এটাইৰে ভিতৰত মানুহেই শ্ৰেষ্ঠ। মানুহ শ্ৰেষ্ঠ হবৰ কৰণ এই যে সংসাৰত অন্যান্য যি সকল জীব জন্তু আছে, সেই বোৰৰ বিবেক শক্তি, ধৰ্ম্ম জ্ঞান, আহাৰ বিহাৰ, উন্নতি, অবনতি আৰু নিয়ম প্ৰণালী একো নাই। মানুহৰ হলে এই সকলো আছে। এতেকে মনুষ্য জন্ম ধৰি যি ঈশ্বৰৰ নিয়ম বোৰ পালন নকৰে, তাৰ মনুষ্যত্ব নেথাকে, আৰু তাৰ ফলে ইহকাল, পৰকাল উভয়তে কষ্ট ভোগ কৰিব লগাত পৰে।

 মানুহৰ যি বোৰ কৰ্তব্য কাম আছে, সেই বোৰ আচৰণ কৰি, কেনেকৈ আধ্যাত্মিক বলেৰে পাপৰিপু বিলাকক জীবন যুদ্ধত জিনিব লাগে আৰু হৃদ্বয়ৰ ধৰ্ম্ম গছ জুপিক তললৈ শিপা মেলিবলৈ দিব লাগে ইত্যাদি বিষয় আৰ্য্য সকলে ঠিক ৰূপে ভাষাৰে লেখি থৈ গৈছে। সেই বোৰৰ সাধাৰণ নাম শাহ। সেই শাস্ত্ৰ সকলৰ মত নেমানি যি সংসাৰত থাকে, তাকে নাস্তিক আৰু অনাচাৰী বোলে। আমাৰ হিন্দু শাস্ত্ৰ মতে এই নাস্তিকক কোনো মতেই ধাৰ্ম্মিক বুলিব নোৱাৰি। এতেকে মনুষ্য মাত্ৰই শাস্ত্ৰৰ নিয়ম প্ৰণালী বোৰ জনা আৰু পালন কৰা কৰ্ত্তব্য কাম। কিন্তু শাস্ত্ৰ কেবল এখন নহয় যে তাকেই পঢ়ি শুনি অভিজ্ঞতা লাভ কৰিব পাৰি। শাস্ত্ৰ সমুদ্ৰৰ নিচিনা অগাধ। সেই দেখি সকলো মানুহে এটাইবোৰ শাস্ত্ৰ পঢ়ি শুনি জ্ঞান লভা কঠিন বিশেষতঃ বৰ্ত্তমান সময়ত, আমালোকৰ মাজত অতি কম সংখ্যক মানুহৰ ভিতৰতে মাথোন ঈশ্বৰৰ কৃত নিয়ম বোৰ পালন কৰা যেন অনুমান হয়। সেই হেতুকে কেই খন মান নীতি শাস্ত্ৰৰ সাৰ সংগ্ৰহ কৰি এই “হিন্দু-ধৰ্ম্ম-সাৰ” নামে পুথি খনি লেখা হ’ল।
 ইয়াত প্ৰথমে সৃষ্টি প্ৰকৰণ আৰম্ভ কৰি, ক্ৰমে জীৱ-জন্তুৰ সৃষ্টি [ পাতনি ] আৰু মানুহ জন্মিবৰে পৰা মৃত্যুকাল লৈক সময় অনুযায়ী ঈশ্বৰৰ স্থাপিত নিয়ম প্ৰণালী 'বোৰ পালন কৰিবৰ উপায় বোৰ যথা সাধ্য সকলোৱে বুজিব পৰাকৈ বিশেষতঃ শাক্ত বৈষ্ণব উভয় সম্প্ৰদায় উপযোগী কৰি, সৰল ভাষাত লেখা হৈছে।
 ইয়াৰ শেষত “শেষাৱস্থা” আৰ্থাৎ কেৱল ধৰ্ম্ম সম্বন্ধে লিখোতে বৰ্ত্তমান কোনো কোনো কেৱলীয়া ভকত সকলৰ ব্যবহাৰে সৈত কিছু অমিল হব পাৰে; আৰু সেই বাবে তেঁৰা সৱৰ ভিতৰত কোনো কোনোৱে মোক বেজাৰ পাবও পাৰে, কিন্তু বেজাৰ কৰিও যদি তেৰাসবে ইয়াত লেখা সিদ্ধ পুৰুষ কেৱল ধৰ্ম্মাবলম্বী “শ্ৰীৰাম আতা” প্ৰকৃতিৰ আহি সুৱৰি নিজ নিজ দোষ কিছু পৰিমাণে সংশোধন কৰে , তেন্তে মই কৃতাৰ্থ জ্ঞান কৰিম।
 “দায়ভাগ” সম্বন্ধ বেছি বহলাই নিলিখি বৰ্ত্তমান কালত যিবোৰ অতি লাগতীয়াল বুলি বিবেচনা কৰা হৈছে, সেই বোৰ মাথোন লিখা হল।
 পুথি খনি মূৰৰ পৰাই ভাঙ্গি সৰল ভাষাত লেখা হ’ল। তায় ভিতৰত যি বোৰ কথা অতি দৰ্কৰি আৰু সন্দেহজনক, সেই বোৰৰ সাখী স্বৰূপ মূল সংস্কৃতৰ কথা বিলাক অবিকল তুলি দিয়া হৈছে।
 মই কতিপূৰ্ব্বে “বিশ্বদৰ্প” পুথি খনি লেখি উলিৱাত আমাৰ অসমদেশৰ জ্ঞানী সমাজত আদৰণীয় হোৱা দেখি, বিশেষতঃ শ্ৰীশ্ৰীযুক্ত আউনি আটীয় গোস্বামী, শ্ৰী শ্ৰীযুক্ত বৰপেটা শস্ত্ৰৰ বৰ্ত্তমান অধিকাৰ শ্ৰীযুক্ত মহীৰাম শৰ্ম্মা বিদ্যাৰত্ন; এঃ এঃ কমিচনাৰ শ্ৰীযুক্ত পৰ্শুৰাম শৰ্মা খাউন্দ শ্ৰীযুক্ত হেমচন্দ্ৰ গোস্বামী, শ্ৰীযুক্ত ৰজনীকান্ত বৰদলৈ আৰু ৰায় বাহাদুৰ মাধৱচন্দ্ৰ বৰদলৈ বিদ্বান আৰু সৰ্ব্বজ্ঞ মহাত্মা সকলে আদৰ কৰি, নিজ নিজ লিপিৰে উৎসাহ, দি-তেনেকুৱা কৈ আকৌ [ পাতনি ] শাস্ত্ৰ লিখিবৰ আদেশ কৰাৰ পিছতেই এনেকুৱা এখনি পুথি সমাজৰ আগত ধৰিবলৈ আশা কৰিছিলো। কিন্তু নানা কাৰণে সাংসাৰিক জঞ্জালত পৰি, মনৰ আশা মনতে গুপুতকৈ ৰখা হৈছিল। সম্প্ৰতি ঈশ্বৰ ইচ্ছায় বৰ্তমানে বহা কামত থাকিব লগিয়া হোৱাত, আজি পাৰ মাহ পৰিশ্ৰম কৰি, এই পুথি খনি লিখা হল।
 ইয়াত যি সকল কথা লিখা হৈছে, সেই সকলোটিয়েই আমাৰ হিন্দু শাস্ত্ৰৰ কথা হে; অশাস্ত্ৰীৰ কথা অলপ্য়ে লিখা হোবা নাই। সেই দেখি আশা কৰোঁ যেন সামুকৰ পেটৰ মুকুতা আৰু মলীয়ন ঠাইত পৰা সোনক যেনেকৈ আদৰ কৰে, সেইৰূপে মই অধমে লেখা বাবে,ই ঘৃণণীয় নহৈ সমাজত আদৰণীয় হলেই মই শ্ৰম সফল জ্ঞান কৰি কৃতাৰ্থ হম।
 অবশেষত শলাগ লৈ কও যে এই পুথি খনি শ্ৰীযুক্ত শিবনাথ ভট্টাচাৰ্য মহাশয়ে দয়া কৰি আদিৰ পৰা অম্ভলৈ চাই দিছে। সেই বাবে তেওঁৰ গুৰিত কৃতজ্ঞতা পাশত, বন্ধা থাকিলো।

যোগদলা
২০/৯/১০ ইং

শ্ৰীহলিৰাম মহন্ত।
 

 পাতনিত লেখা উৎসাহদাতা মহাত্মা সকলৰ বিশদৰ্পণ সম্বন্ধে লেখা দুখনি মান পত্ৰ সলাগ স্বৰূপে তলত তুলি দিলোঁ। বাহুল্যতা হেতু এটাই বোৰ তুলি দিয়া নহল ইতি।

লিখোতা।


 নং ৯৬৩
শুভাশীৰ্ব্বাদ
 শ্ৰীযুত হলিৰাম মহন্ত প্ৰতি ১৫ জানুবাৰী তাৰিখৰ পত্ৰ পাঠে সমাচাৰ জনা হলো। আপোনাৰ সংগৃহীত বিশ্বদৰ্পণ নামেৰে পঠোৱা পুথি খনি দেখ হৈছে। সেই পুথি পাঠ কৰি আমি সন্তোষ পাইছোঁ । [ পাতনি ] 

ভবিষ্যতেও এইরূপে কাৰ্য্য়ত প্ৰবৃত্ত হোৱা দেখিলে বিশেষ সন্তোষৰ কথা। ১৮২৬।১৫ মাঘ।

শ্ৰীশ্ৰী আউল আটীয়া গোস্বামী

শ্ৰীহরি।

 আপোনাৰ প্ৰেরিত বিশ্বদৰ্পণ পুথি খন পাঠ করি বিশেষ সন্তোষ লাভ করিলোঁ। পুস্তক খনি হৃদয়গ্ৰাহী ও ভক্তি রঞ্জক হইছে, বিশেষকৈ ১০ ম অধ্যায়ৰ পেরা শেষলৈকে ভাল হইছে। ইতি ২৮ পৌষ ১৩১৬।

শ্ৰীপৰশুৰাম শৰ্মা
খাউণ্ড ।
এঃ এঃ কমিচনাৰ
‘কেম্প, গন্ধমৌ, পোঃ অঃ শুয়ালকুচি।
২০।১।০৫

প্ৰিয় মহন্ত।

 আপোনাৰ কৃ • বিশ্বদৰ্পণ পুথি খন আরু চিঠি পাই, যাবপৰ নাই সুখী হলোঁ। মোৰ মনেরে কিতাপ খনি বড় ভাল হৈছে, আৰু আপুনি যি উদ্দেশে তাক লিখিছে সি সম্পূৰ্ণ সম্পাদিত হৈছে।

 “সাহিত্যসোপান” খনি ছপাৱলৈ দিয়া শুনি পরম সুখী হলোঁ। ইতি।

স্নেহয়
শ্ৰীহেমচন্দ্ৰ গোস্বাসী সঃ ডিঃ কালেক্টৰ।

লিখকৰ কবলগা কথা।

 মই অকপত চিত্তেরে কওঁযে এই পুথি খনি চাপাগুৰি মৌজার মৌজাদার শ্ৰীযুক্ত কৃষ্ণরাম উজিৰ ডাঙ্গরীয়াই এই তাঙ্গরণর সমুদায়ী ছপোৱা খরছ দি ছপাই প্ৰকাশ করীলে। এই বাবে তেওঁক নথৈ শলাগ ললোঁ আৰু আশা কৰোঁ এই সদগুণর বাবে পরমেশ্বরে সদাই মঙ্গল কৰিব। আরু তেওঁৰ হৃদয়ত সদাই এনেকুবা উদার ভাব দি সুকীৰ্ত্তি লাভ করার আকৌ সমাজরো বিশেষ আদরণীয় হব। ইতি

শ্ৰীহলিরাম মহন্ত
২০।৯।১০ ইং

[ ভূমিকা ]

ওলপতে মাৰ যোৱা আসামৰ উজ্জল তৰা লক্ষেশ্বৰ শৰ্ম্মা বি, এ,
ডাঙ্গরীয়াই লেখা পত্ৰৰ সাৰাংশ।

GAUHATI
2-23-09.

প্ৰিয় মহন্ত,

 মোৰ সময় নাই, সেই বাবে আপনাৰ পুথি খন ভালকৈ দেখিব নোৱাৰি কেৱল ওপৰে ২ দেখিলোঁ। আৰু আজি পঠালোঁ। পুথিখন পঢ়ি বৰ সন্তোষ পালো। আপনি বৰ ভাল পুথি লেখিছে। কিন্তু মই ইয়াৰ নাম মুক্তি-সোপান গুচাই “হিন্দু-ধৰ্ম্ম-সাৰ” দিলোঁ। ইটিহে উপযুক্ত নাম হব। ইতি

বিনীত
শ্ৰীলক্ষেশ্বর শৰ্ম্মা।

শ্ৰীশ্ৰীগোবিন্ধঃ।

নং ৬১৬
যোৰহাট, আসাম।

নমস্কাৰপূৰ্ব্বক নিবেদন :—

 আপনি পুথিখন ৰিহাবাৰি ঠিকনায় পঠাইছিল, সেই দেখি মই পোৱাত দিৰি হৈছে। যি হউক আজি ৬৮ পৃষ্ঠা পৰ্য্য়ন্ত শেষ কৰিলোঁ। শীঘ্ৰে অবশিষ্ট ওছাই পঠাম। যাহা হউক আপোনি পৰম সুখী জ্ঞানী পুৰুষ। কাম উত্তম কৰিছে। বাস্তবিক আপোনাৰ এই কাৰ্য্যত মই বৰ মুগ্ধ আৰু সন্তোস হৈছোঁ।

শ্ৰীশিবনাথ ভট্টাচাৰ্য্য়।
১৯-৩-০১।



[  ]

হিন্দু-ধৰ্ম্ম-সাৰ।
সেবা।

ওঁ অখণ্ড মণ্ডলাকাৰং ব্যাপ্তং যেন চৰাচৰং।
তৎপদং দৰ্শিতং যেন তস্মৈ শ্ৰীগুৰৱে নমঃ॥
 ওঁ নমো ভগৱতে বাসুদেৱায়।
শুক্লাম্বৰধৰং বিষ্ণুং শশি ৱৰ্ণ চতুৰ্ভূজম্।
প্ৰসন্ন বদনং ধ্যায়েৎ সৰ্ব্ব বিঘ্নোপশান্তয়ে॥
নাৰায়ণং নমস্কৃত্যং নৰঞ্চৈৱ নৰোত্তমম্
দেবীং সৰস্বতা ব্যাসং ততোজয় মুদীৰয়েৎ॥
বন্দে কৃষ্ণং গুণাতীতং পংব্ৰহ্মোচ্যুতং যতঃ।
আবিৰ্ব্বভূব প্ৰকৃতিং ব্ৰহ্মা বিষ্ণু শিবাদয়:॥

প্ৰথম অধ্যায়।
সৃষ্টিৰ বৃত্ত্বান্ত।

 ই বিশ্ব সংসাৰ এ সময়ত এন্ধাৰে আগুৰা আছিল। তেতিয়া যে সি কেনেকুৱা আছিল, সেই বিষয় স্থিৰ কৰিবলৈ কোন প্ৰকাৰ লক্ষণেৰে অনুভৱ কৰিব নোৱাৰি; অৰ্থাৎ জ্ঞানৰ অতীত। আন কি যেন সি সৰ্ব্বতোভাৱে গাঢ় টোপনিত আছিল। পিছে স্বয়ম্ভু্-অব্যক্ত [  ] ঈশ্বৰে এই বিশ্ব সংসাৰক ক্ৰমে ক্ৰমে বিস্তাৰিত কৰি স্বয়ং শৰীৰাকাৰে প্ৰকাশিত হ'ল।

 তেওঁ প্ৰজা স্ৰজিবলৈ চিন্তা কৰা মাত্ৰকেই প্ৰথমে পাণী সৃষ্টি কৰিলে। পিছে আপনাৰ দেহক দুভাগ কৰি আধা অংশৰ এজন পুৰুষ আৰু আধা অংশৰ এজনী তিৰোতা ৰূপ ধৰিলে *। পিছে সেই পুরুষৰ ঔৰষে সেই আদ্যাশক্তির গৰ্ভত এটি কণী হল। সেই কণীটি উক্ত পাণীত নিক্ষেপ কৰিলে; আরু তাৰে পৰা কালক্ৰমে এটি জ্যোতিৰ্ম্ময় শিশু উপজিল। সেই পাণীতেই শয়ন কৰিলে। এওঁৱেই আদি কাৰণ অব্যক্ত আরু প্ৰথম পুরুষ। নৰ অৰ্থাৎ পৰমাত্মাৰ পৰা সৰ্ব্ব প্ৰথমে ওপজাৱাৱে অপত্য প্ৰত্যয়ত্ পাণীক নার বোলে। আকৌ ব্ৰহ্মরূপে অৱস্থিত পৰমাত্মাৰ সৰ্ব্বপ্ৰথমে আশ্ৰয় বুলিয়েই তেওঁক নাৰায়ণ বোলে।

 তাৰ পিছে স্বয়ং ঈস্বৰে নিজৰ নাভিপদ্মৰ পৰা পদ্মবোনি ব্ৰহ্মাক সৃষ্টি কৰিলে উক্ত প্ৰথম পুরুষৰ নাভিৰ পৰা ওলাই তেওঁক ব্ৰহ্মাণ্ড স্ৰজিবলৈ আদেশ করিলে। সেই আদেশে, সেই আদি পুরুষৰ নাভিয়ে সোমাই ব্ৰহ্মমানৰ এবছৰ কাল তাতে থাকি, শেষত ধ্যানেৰে জানি, আকৌ নাভিয়ে ওলাই, উক্ত আদি পুরুষৰ প্ৰতি সোমর বিন্ধাতে এটি এটিকৈ ব্ৰহ্মাণ্ড স্থাপন কৰি; প্ৰতি ব্ৰহ্মাণ্ডকে দুভাগ কৰিলে। তাৰ উদ্ধ খণ্ডে স্বগাদি লোক আৰু অধ:খণ্ডে পৃথিব্যাদি সপ্তলোক নিৰ্ম্মান কৰিলে। মাজ খণ্ডত আকাশ, আঠ দিক আকৌ সাগৰ সকল স্থাপিত কৰিলে। তাৰ পিছে সত্ব, ৰজ:, তমঃ, এই তিন গুণ সৃষ্টি কৰি শেষত


  • এৱেঁই আদ্যাশক্তি বাধা।

† এৱেঁই বিৰাট পুৰুষ, অসংখ্য বিশ্বৰ, আধাৰ মহাবিষ্ণু।

[  ]

বিষয় গ্ৰহনক্ষয় ইন্দ্ৰিয় সকল সৃষ্টি কৰিলে। সেই বোৰৰ মাজত অনন্ত কাৰ্য্য়ক্ষম অহঙ্কাৰ আরু পঞ্চ ভস্মাত্ৰ• এই ছয়টিৰ সূক্ষ্মতম অবয়বক তেওঁৰ বিকায় ইন্দিয় আরু পঞ্চ ভূতৰ সহিতে যোগ কৰি, ক্ৰমে দেৱ, মানুহ আরু চৰাই আদি সকলো জীৱকে স্ৰজন কৰিলে।

 মহত্তত্ব অহকাৰত্ব আৰু পঞ্চ ভস্মাত্ৰ এই সাতোটি পূৰুষ তুল্য় পদাৰ্থৰ সূক্ষ্মমাত্ৰাৰ পৰাই এই জগত সৃষ্টি হৈছে। অবিৰাশী কাৰণৰ পৰা আকাশাদি ভূত সকল প্ৰত্যেকে গুণ গ্ৰহন কৰিছে। তাৰ ভিতৰত যি যিমান পদাৰ্থেৰে সৃষ্টি তাৰ সিমান গুণ আছে ;--যেনে প্ৰথম ভূত আকাশৰ একগুণ শব্দ। বায়ুৰ দুই ভূত শব্দ আরু স্পৰ্শ। অগ্নিৰ তিনি গুণ শব্দ, স্পৰ্শ আরু ৰূপ। পাণীৰ চতুৰ্থ ভূত শব্দ, স্পৰ্শ, রূপ আৰু রস। পঞ্চম ভূত পৃথিবীৰ পাচ গুণ শব্দ, স্পৰ্শ, রূপ, ৰস আরু গন্ধ। ব্ৰক্ষ্মা যজ্ঞ বীৰ্য্য সম্পাদনৰ নিমিত্তে যথাক্ৰমে ঋক, যজু আরু শাম এই তিন বেদ দোহন কৰিলে। আকৌ বেদানুক্ৰমে এটাইৰে পৃথক পৃথক্ নাম, কৰ্ম্ম আরু বৃত্তি বিভাগ কৰি দিলে। এই প্ৰভু কৰ্ম্মাঙ্গভূত প্ৰাণধাৰী ইন্দ্ৰাদি আরু সাধ্য নামে এই তিনি প্ৰকাৰ সূক্ষ্ম, অসংখ্য দেৱতা আরু সনাতন যজ্ঞ সকল সৃষ্টি কৰিলে। আকৌ কালৰ বিশেষ বিশেষ ভাগ বোৰ; নক্ষত্ৰ সমূহ, গ্ৰহবোৰ, নদী, সমুহ, পৰ্ব্বত সম আৰু বিষম ভূমি, তপস্য়া, বাক্য, সন্তোষ কাম আরু ক্ৰোধ এই বোর পদাৰ্থ তেওঁ প্ৰজা সৃষ্টিৰ অভিলাষেৰে উৎপাদন করিলে। কৰ্ম্ম বিলাক ভাগ কৰিবৰ কাৰণে তেও ধৰ্ম্মা-ধৰ্ম্মৰ বিচাৰ বিভাগ আৰু প্ৰজাবোৰৰ সুখ-দুঃখাদি দন্দ ভাবে নিযুক্ত কৰিলে। খিছে সূক্ষ্ম আরু পৰিণামী পঞ্চ তন্মাত্ৰৰ লগত এই সমুদায় সূক্ষ্মৰ পৰা স্থুল আৰু স্থুলতকৈ স্থুলতৰ করি আনুপূৰ্ব্বিক ক্ৰমে সৃষ্টি করিলে। প্ৰভু পৰমেশ্বয়ে


[  ]

সৃষ্টিৰ প্ৰথমে বাৰ যি কামত নিযুক্ত কৰিছে সি বাৰম্বাৰ জন্ম ধৰিও সেই কামকেই আচৰণ কৰি থাকে। অৰ্থাৎ হিংসা-অহিংসা, বিনয়, বল, ধৰ্ম্ম, অধৰ্ম্ম, সত্য আরু অসত্য ইত্যাদিৰ যাৰ যি গুণ তাক তেওঁ সৃষ্টি কালতে নিয়ম কৰি দিলে। সৃষ্টিৰ পাছতো সেই গুণ তাত সোমাই তাৰ পিছত পৃথিব্যাদিৰ সমৃদ্ধি কামনা কৰি, পৰমেশ্বৰে আপোনাৰ মুখ, বাহু, উরু আরু নাভিৰ পৰা যথাক্ৰমে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আরু শূদ্ৰ এই চাৰি জাতি স্ৰজন কৰিলে।

দ্বিতীয় অধ্যায়।
মনুষ্যাদি জীবেৰ উৎপত্তি।

 প্ৰথম অধ্যায়ত কোৱা বিৰাট পুরুষে (ব্ৰহ্মা) নিজে তপস্যা কৰি, এজন মহাপুরুষ সৃষ্টি কৰিলে, সেই জনেই মনু; এই মনুয়েই দ্বিতীয় স্ৰষ্টা। মহানুভৱ মনু প্ৰজা সৃষ্টি কৰাৰ কামনাৰে তপস্যা কৰি, প্ৰথমে দহ জন মহৰ্ষি সৃষ্টি কৰিলে। তেওঁ লোকৰ নাম ৰখা;-মরীচি, অত্ৰি, অঙ্গিৰা, পুলহ, পুলস্ত্য, ক্ৰতু, প্ৰচেতা, বশিষ্ঠ, ভৃগু আরু নাৰদ। এই দহ জনে আকৌ মহাতেজস্বী সপ্ত মনুক সৃজন কৰিলে। পূৰ্ব্বে ব্ৰহ্মাই যি সকল দেবতা সৃষ্টি কৰা নাই, সেই সকল দেবতা আরু সেই দেবতা সকলৰ বাসস্থান; অসীম ক্ষমতা সম্পন্ন বহু মহৰ্ষি, যক্ষ, ৰাক্ষস, পিশাচ, গন্ধৰ্ব্ব, অপ্সৰা, অসুৰ; সৰ্প; গরুড়াদি, পক্ষী আরু পিতৃলোক; বিদ্যুৎ; বজ্ৰ, মেঘ, ইন্দ্ৰধনু, উল্কা, ভূমিকম্প আরু অন্তৰীক্ষৰ উৎপাতধ্বনি; ধূমকেতু, ধ্ৰুব আকৌ অগস্ত্য়াদি নানা প্ৰকাৰ জ্য়োতিৰ্ম্ময় পদাৰ্থ,


‡ এও লোককে প্ৰজাপতিও বলে।

[  ]

কিন্নর; বানৰ, মৎস্য়, পশু; মৃগ, মনুষ্য আৰু দুই পাতি দাঁত থকা জন্তু,; সিংহাদি হিংস্ৰ জন্তু, কৃমি, কীট, পতঙ্গ, যুক; মাখী, ওকণী সকলো প্ৰকাৰ দংশক মহ প্ৰভৃতি আৰু বৃক্ষ-লতাদি আরু পৃথক পৃথক স্থাবৰ এই সমস্তকে এওঁ লোকে সৃজন কৰিলে।

 উপরিউক্ত বিলাকৰ ভিতরত পশু, মৃগ, হিংস্ৰ জন্তু যেনে- বাঘ ইত্যাদি দুই পাতি দাঁত থকা জন্তু, রাক্ষস, পিশাচ আৰু মানুহ এই বোর জৰায়ুজ অৰ্থাৎ ইহঁতে গৰ্ভর পরা জন্ম ধরে। চরাঁই সাপ, কুম্ভীৰ মাছ, কাছ আৰু স্থলজ নেউল আরু জলজ বেং প্ৰভৃতি অন্দজ্ অৰ্থাৎ কনীৰ পৰা উৎপন্ন হয়। মহ, জোক, মাখী আরু ওকণী এই বোৰ স্বেদজ আৰু পরুৱা আদি উষ্ম অৰ্থাৎ মলীর পৰা জন্ম গ্ৰহণ কৰে। সকলো উদ্ভিদকেই স্থাবৰ বোলে। ইহঁতৰ মাজত কেতবোৰ বীজৰ পরা জন্মে আরু কোনো কোনোৱে ডালৰ পৰা উৎপন্ন হয়। যি বোৰৰ বেচি ফুল-ফল হয় আরু ফল পকিলে মৰে সেই বোৰক ওষধি কয়; যেনে ধান, মাহ, ইত্যাদি। যি বোৰ উদ্ভিদে নুফুলিয়েই ফল ধরে সেই বোৰক বনস্পতি বোলে, কিন্তু এটাইৰে সাধাৰণ নাম গচ। আকৌ কল, লতা, লাউ, কুমু র া আদি তৃণ জাতি উদ্ভিদ অনেক আছে; তাৰ কিছুমান বীজৰ পৰা আ র ু কিছুমানে মূলৰ পৰা গাজ মেলি (পোখা মেলি। জন্মে। সেই অচিন্ত্য পৰাক্ৰমী পৰমেশ্বৰে এই র ূপে স্থাবৰ জঙ্গম সমুদাই জগত আৰু মনুকে আদি সৃষ্টি কৰি; প্ৰলয় কাল পৰ্যন্ত সকলোকে প্ৰতিপাল কৰি ৰাখে। পিছে আকৌ প্ৰলয় কাল উপস্থিত কৰি, সকলো জীব জন্তু নিজৰ শৰীৰত ধৰে, শেষত নিজেও নিজতেই আন্তহিত হয়।

 স্থিতি প্ৰলয় এই দুটি সেই পৰমেশ্বৰৰ নিজৰ জাগৰিত আ র ু টোপনি এই দুটি ক্ৰিয়া মাথোন। অৰ্থাৎ পৰমেশ্বৰ যেতিয়া আপোনাতে আপুনি অৱস্থিত্ থাকি বিশ্ৰাম উপভোগ কৰে, তেতিয়া কৰ্ম্ম লব্ধ স্নেহ [  ] ইন্দ্ৰিয় বোৰে সহিতে অবস্থান কৰে। যেতিয়া সেই পৰামাত্মা পৰমেশ্বৰত এই নিখিল সংসাৰ লয় হয়, তেতিয়া সেই সৰ্ব্বভূতাত্মা অচিন্ত মনে পৰম সুখে টোপনি যায়।

তৃতীয় অধ্যায়।
সময়বৰ্ণন, প্ৰলয়নিরুপণ।
আৰু যুগ ধৰ্ম্ম।

 ষ্টাদশ নিমেষে এক কাষ্ঠা হয়। ত্ৰিশ কাষ্ঠায় এক কলা, ত্ৰিশ কলায় এক মুহূৰ্ত আৰু ত্ৰিশ মুহূৰ্তে এক অহোৰাত্ৰ হয়। সূৰ্য্য়ই মনুষ্য আরু দেৱতা সকলৰ অহোৰাত্ৰ ভাগ কৰে। ইয়াৰ ভিতরত জীৱ সকলৰ ৰাতি টোপনি আরু দিন কামকৰাৰ নিমিত্তে নিৰ্দিষ্ট হৈছে। ডেৰকুৰি অহোৰাত্ৰে মানুহৰ এমাহ আৰু এইরূপ বাৰমাহে এবছৰ হয়। মানুহৰ এমাহে পিতৃলোকৰ এদিন এৰাতি হয়। তাৰ ভিতৰত কৃষ্ণ পক্ষে দিন আৰু শুক্ল পক্ষে ৰাতি। মানুহৰ এৱছৰে দেবতা সকলৰ এদিন এৰাতি হয়। উত্তৰায়ণ দিন আরু দক্ষিণায়ন ৰাতি। এতিয়া ব্ৰহ্মাৰ দিন ৰাতিৰ পৰিমাণ কোৱা যাওক। দেৱতাৰ চাৰি হেজাৰ বছৰে মানুহৰ সত্যযুগ হয়। ইয়াৰ আদিৰ চাৰিশ বছৰে দিন আৰু শেষৰ চাৰিশ বছৰে ৰাতি হয়। অন্যান্য তিনি যুগত ক্ৰমে এশ এশ বছৰকৈ কমি যায়; অৰ্থাৎ দেবতাৰ তিনিশ বছৰে ত্ৰেতা, দুশ’ বছৰে দ্বাপৰ আৰু এশ বছৰে কলি যুগ হয়। এই মানুহৰ চারি ও যুগৰ ভিতৰত দেৱতাৰ বাৰ হেজাৰ বছৰ হয়। এই সময় তাঁহাতৰ এযুগ এই হিচাবে দৈৱ পৰিমাণৰ হেজার যুগে ব্ৰহ্মাৰ এদিন আৰু এই পৰিমাণে তেওৰ এৰাতি হয়। [  ]  উপৰত যে দৈৱ যুগৰ পৰিমাণ বাৰহেজাৰ বছৰ কোৱা হল, তাৰ আঠলক্ষ বাৱন্ন হেজাৰ বছৰে এটা এটা মন্বন্তৰ অৰ্থাৎ এক এক মনুৰ অধিকাৰ কাল শেষ হয়। এইৰূপে অসংখ্য অসংখ্য মন্বন্তৰ মিলিত হৈছে। আৰু অসংখ্য বাৰ বিশ্বৰ সৃষ্টি আৰু লয় হৈছে। আকৌ সেই জগৎস্ৰষ্টা পিতামহে যেন ক্ৰীড়া কৌতুক কৰি উক্ত লিখিত কাৰ্য্যবোৰ সম্পন্ন কৰি থাকে।

 এতিয়া উল্লিখিত সুগচাৰিটিৰ বিষয় কোৱা যাওক। প্ৰথম সন্তামুণে সকলো ধম্মহ পুৰ্নভাৱে অবস্থিতি, অসত্য মাত্ৰেই নাই। এই যুণত শাস্ত্ৰ নিসিদ্ধ উপায়েৰে অৰ্থ নাইবা বিদ্যা লাভ নাই। ক্ৰমে অন্যান্য তিনি যুগে, ধৰ্ম্ম এক এক ভাগ ক্ষয় হৈ আহে যেনে,—— ত্ৰেতাত তিনি দ্বাপৰত দুই আৰু কালত এক ভাগ মাত্ৰ ধৰ্ম্ম থাকে। সেইৰূপ ধন-বিদ্যা অৰ্জন ও ধৰ্মৰ এক এক পাদ ক্ষয় হৈ থাকে।

 সত্য যুগৰ মানুহ বোৰ নিৰোগী, সিদ্ধ কৰ্ম্মী আৰু চাৰিশ বছৰ জীয়াই থাকে। কিন্তু ত্ৰেতাদি পিচৰ যুগ তিনটি ও ক্ৰমে এশ বছৰকে হ্ৰাস হয়। বেদোক্ত কৰ্ম্ম অনুসাৰে পৰমাঃ প্ৰাপ্তি কামনা পূৰ্ব্বক ফল লাভ হৈ থাকে।

 চাৰিও যুগে ধৰ্ম সাধনা বিষয়ো ভিন্ন প্ৰকাৰ যেনে, সত্য যুগত তপস্যাই প্ৰধান ধম্ম, ত্ৰেতা যুগত জ্ঞানেই প্ৰধান, দ্বাপৰ যুগত যজ্ঞ আৰু কলি যুগত দান আৰু নাম।

চতৰ্থ অধ্যায়।

চাৰি বৰ্ণৰ ধৰ্ম্ম, তাৰ শ্ৰেষ্ঠতা আৰু আচাৰ ধৰ্ম।

 ম্মৰ মূল কেবল কৰ্ম্ম, সেই দেখি চাৰিও বৰ্ণৰে নিয়ম কৰোতা পৰমেশ্বৰে কেতবোৰ কৰ্ম্ম নিৰ্দেশ কৰিছে। সেই সকল কৰ্ম্ম যেনে;— [  ]

বিদ্যাদান, অধ্যয়ন, যজন, যাজন দান আরু দানগ্ৰহণ এই ছয়টি ব্ৰাহ্মণ সফলৰ; প্ৰজা রক্ষা কৰা, দান, যজ্ঞ, অধ্যয়ন আরু ভোগাশক্তি পৰি বজ্জন এই কেইটি কৰ্ম্ম ক্ষত্ৰিয় সকলৰ; পশুপালন, দান যজ্ঞ, অধ্যয়ন, বাণিজ্যৰ জন্য ধন প্ৰদান আরু কৃষি কৰ্ম্ম বৈশ্যৰ, আরু একান্ত মনে উক্ত তিনি বৰ্ণক সেবা করি, পৰমেশ্বৰৰ চৰণত ভক্তি ৰখা শূদ্ৰৰ নিয়ম কৰি দেছে।

 পুৰুষৰ ভৰিৰ পৰা মুৰলৈকে সমস্ত শৰীৰ পবিত্ৰ। তাৰ ভিতৰত নাভিৰ পৰা উপৰে সমস্ত গা খণ্ড, নিম্ন ভাগতকৈ বেচি পবিত্ৰ; কিন্তু মুখ হলে সকলোতকৈ বেচি পবিত্ৰ। সেই হেঁতুকে ব্ৰাহ্মণ প্ৰভূর মুখৰ পৰা উদ্ভব হৈছে দেখি, অন্যান্য বণতকৈ অতি উত্তম। আরু সেই দেখিয়ে শ্ৰদ্ধাদিত দিয়া অন্নবোৰ পিতৃ সকলে ব্ৰাহ্মণৰ মুখেহে গ্ৰহণ কৰে।

 এই সংসাৰত থকা বস্তুৰ মাজত যি বিলাকৰ জীব আছে অৰ্থাৎ লৰচৰ কৰি ফুৰিব পাৰে, তাহাঁত শ্ৰেষ্ঠ। ইহ’তকে প্ৰাণী ও বোলে। এই প্ৰাণী সকলৰ মাজত যাৰ বুদ্ধি আছে, তেওঁলোক অতি শ্ৰেষ্ঠ। বুদ্ধি জীবী সকলৰ মাজত আকৌ মানুহ শ্ৰেষ্ঠ এই মানহ সকলৰ মাজত আকৌ বাহ্মণ শ্ৰেষ্ঠ। ব্ৰাহ্মণৰ মাজত আকৌ যিবোৰ বিদ্বান তেওঁলোক শ্ৰেষ্ঠ। বিদ্বান, সকলৰ ভিতৰত যি বোরর শাস্ত্ৰে কোৱা নিয়মানুসাৰে কৰ্ত্তব্য বুদ্ধি জন্মিছে তেওঁলোকেই শ্ৰেষ্ঠ , আকৌ কৃত বুদ্ধি সকলৰ মাজত যি বোৰে সদাই কৰ্ত্তব্য়ানুযায়ী কাম কৰে, তেওঁ লোক শ্ৰেষ্ঠ; কিন্তু সকলোতকৈ আকৌ ৰহ্মবেদী ব্ৰাহ্মণ শ্ৰেষ্ঠ। বিশ্ব পৰমেশ্বৰৰ একান্ত ভক্ত সবাতকৈ শ্ৰেষ্ঠ॥ [  ]  আরু এটি কথা চাৰি বৰ্ণৰে সনাতন ধৰ্ম আচাৰ। আচাৰ প্ৰতি পালন যে পৰম ধৰ্ম্ম ইয়াক, বেদ সূতাদি সমস্ত শাস্ত্ৰতেই প্ৰতিপন্ন হৈছে। এতেকে আত্মজ্ঞানী ব্ৰাহ্মণ সকলেও সদায় আচাৰানুষ্ঠানে যত্নবান খাকিব। আচাৰ ভ্ৰষ্ট কোনো লোকেই প্ৰতিষ্ঠালাভ (মুক্তি হয়) কৰিব নোৱাৰে। আন কি আচাৰ ভ্ৰষ্ট ব্ৰাহ্মণ কেতিয়াও বেদৰ ফল ভোগী ন হয়। যদি আচাৰ যুক্ত হয় আরু যদি অতিশয় বেদজ্ঞও ন হয়, তথাপি সেই বাহ্মণে বেদ পূণ্যৰ সম্পূৰ্ণ ভোগী হবগৈ পাৰিব।

 পূৰ্ব্ব কালত মুনি ঋষি সকলে এই আচাৰেৰ ধৰ্ম্ম প্ৰাপ্তি হয় দেখিয়েই আচাৰ সকলো তপস্যাৰ মূল জানি, ইয়াক পৰম ধৰ্ম্ম বুলি গ্ৰহণ কৰিচিল যেনে, -

অতি পাতকিক,নাম না লাগে,
 নিয়ম সঞ্জগে তৰে।
শৃগালক খেদিতে,  সিংহ নে লাগে,
 কুকুৰে খেদিতে পাৰে॥

(গীতা আৰু নাম ঘোষা।)

পঞ্চম অধ্যায়।
বৰ্ণধৰ্ম আশ্ৰমধৰ্ম্ম।

 বৈদিক পূণ্য কাৰ্য্য়েৰে দ্বিজাতি সকলৰ গৰ্ভধানাদি সংস্কাৰেৰে শৰীৰ শুদ্ধি করা কৰ্ত্তব্য। এই বোৰ বৈদিক কাৰ্য্য়েৰে ইহকাল আরু পরকাল উভয়তেই পবিত্ৰ হয়। গৰ্ভাবস্থায় গৰ্ভাধান, জাতকৰ্ম্ম, চুড়া, কৰণ আৰু উপনয়নাদি সংস্কার দ্বাৰাই দ্বিজাতি সকলৰ পূৰ্ব্বৰ পাপ বোৰ ক্ষয় হয় | [ ১০ ]  বেদ অধ্যয়ন, ব্ৰহ্মচৰ্য্যাদি ব্ৰত স্বায়ং প্ৰাতঃ হোম, ব্ৰহ্মচৰ্য্য় সময়ে দেৱ-ঋষি-পিতৃ তৰ্পণ, গৃহাস্বাশ্ৰমী হৈ সন্তানোৎপাদন, ব্ৰহ্ম যজ্ঞাদি পঞ্চ মহাষজ্ঞ প্ৰভৃতিয়ে এই মনুষ্য শৰীৰক ব্ৰক্ষ্ম প্ৰাপ্তিৰ উপযুক্ত কৰে।

 লৰা জন্মিলে নাড়ী কটাৰ পূৰ্ব্বেই তাক স্বগৃহোক্ত মন্ত্ৰেৰে 'সোম, মৌ আৰু ঘি খুৱাব লাগে। লৰা উপজিলে তাৰ নামকৰণ এগাৰ দিনৰ দিনাখন নাইবা তাৰ অলপ, পিছতো যিদিনা জ্যোতিষমতে নক্ষত্ৰ আৰু লগ্নাদি শুদ্ধ হব, সেই দিনে করা উচিত। ব্ৰাহ্মণৰ মঙ্গল বোধক, ক্ষত্ৰিয়ৰ বল বোধক, বৈশ্যর ধন বোধক, আরু শূদ্ৰৰ হীনতা বোধক নাম ৰাখিব লাগে। ব্ৰাহ্মণর নামৰ শেষত গৰ্ম্ম, ক্ষত্ৰিয়ৰ বৰ্ম্মাদি রক্ষা বোধক, বৈশ্যৰ ভূতি প্ৰভৃতি পুষ্টি (বৃদ্ধি পা পোষণ ) বোধক আরু শূদ্ৰৰ নামৰ, শেষে দাসাদি প্ৰেব্য বোধক উপপদ যোগ করিব। যেনে- অনন্ত শৰ্মা, বসুভূতি আরু দীন দাস ইত্যাদি। স্ত্ৰীর নাম এনেকুৱা হব যেন সুখে উচ্চাৰণ কৰিব পারি; নিৰ্দয় আক কঠিন বাচক ন হয়, মনোহর আৰু আদর ভাব বুজায় অৰ্থর স্পষ্ট জ্ঞান জন্মে আৰু যেন দীৰ্ঘ স্বৰান্ত হয়। যেনে, মঙ্গলা দেবী, অম্বিকা দেবী, হেমপ্ৰভা দাসী, সুশীলা দাসী, মোহিনী ইত্যাদি।

 চতুৰ্থ মাহে সূৰ্য্য দৰ্শন কৰাবলৈ জন্ম ঘৰৰ পৰা জন্ম হোৱা লৰাক বাহির লৈ উলিয়াব লাগে। ইয়াকে নিক্ৰমন সংস্কার বোলে। ষষ্ঠ মাহত লৰাৰ অন্নপ্ৰাসন কৰিব লাগে, নাইবা নিজর কুলধৰ্ম্ম অনুসাৰে যি সময় নিয়ম সেই সময়তো করিব।' শ্ৰতিৰ মতে সমুদাই দ্বিজাতি সকলে প্ৰথম কিম্বা তৃতীয় বছৰে কুলাচাৰ অনুসাৰে চূড়াকরণ সংস্কাৰ কৰা উচিত।

 গৰ্ভ সঞ্চাৰ হোৱাৰ পৰা গণণা কৰি, ব্ৰাহ্মণৰ আঠ বছৰে ক্ষত্ৰিয়ৰ এগাৰ বছৰে আরু বৈশ্যৰ বাৰ বছৰে উপনয়ন করা উচিত। কিন্তু [ ১১ ] ব্ৰহ্ম তেজ কামনা কৰা ব্ৰাহ্মণে, বলাৰ্থী ক্ষত্ৰিয়ে আরু খনকামী ৱৈশ্যে যথাক্ৰমে গৰ্ভ পঞ্চম; গৰ্ভ ষষ্ঠ আরু গৰ্ভ আৰু অষ্টম বছৰে নিজ নিজ লৰাৰ উপনয়ণ দিয়া কৰ্ত্তব্য়। সাধাৰণতঃ বাহ্মণৰ গৰ্ভ ষোল বছৰ ক্ষত্ৰিয়ের বাইশ বছৰ আৰু বৈশ্য়ৰ ছৌবিশ বছৰ পৰ্য্যন্ত উপনয়ন (লগুণ দিয়া) সময় অতীত না হয়। যদি উক্ত সময়তো এই তিনি বৰ্ণৰ উপনয়ন ন হয়, তেন্তে ইহঁত সাধু সমাজত নিন্দনীয় হয় আৰু ইহঁতক ব্ৰাত্য় অৰ্থা সাবিত্ৰী পতিত বা সংস্কার ৰহিত বোলে। এই ব্ৰাত্য় ব্ৰাহ্মণর দ্বাৰাই কেতিয়াও বৈদিক কাম; অধ্যাপনাদি আরু কন্য়া দানাদি করিব নে লাগে।

ষষ্ঠ অধ্যায়।
উপনয়ণত ব্ৰহ্মচৰ্য্যৰ নিয়ম।

 ব্ৰাহ্মণ ব্ৰহ্মচাৰীৰ পিন্ধা কাপোৰ শনৰ আরু উত্তৰী কৃষ্ণ সাৰৰ ছালৰ , ক্ষত্ৰিয়ৰ কাপোৰ ক্ষৗম বস্ত্ৰ (পাটর কাপোৰ। আরু র র মৃগৰ ছালৰ উত্তৰী আরু বৈশ্য় ব্ৰহ্মচাৰীৰ মেষৰ লোমেৰে সজা কাপোৰ আরু উত্তরী ছাগলীৰ ছালৰ। ব্ৰাহ্মণৰ মেখলা নিম্নোয়ত শূন্য, মৃদুস্পৰ্শ (কোমল) তিনি ডালি মুঞ্জা তৃণেৰে সাজিব লাগে, ক্ষত্ৰিয়ৰ মুৰ্ব্বাময়ী ধনুকৰ ছিলাৰ নিচিনা হব লাগে। যদি মুঞ্জাদি পোৱা না যায়, তেন্তে উলুবনৰখাৰাই যথাক্ৰমে ব্ৰাহ্মণাদি তিনো বৰ্ণৰ মেখলা প্ৰস্তুত কৰা উচিত বি তিনিটি মেৰ দি মেখলা পিন্ধিব লাগে তাক কুলাচাৰ গোত্ৰ প্ৰবথ অনুসাৰে এক তিনি নাইবা পাঁচটি গাঠিরে বান্ধিব লাগে। [ ১২ ]  ব্ৰাহ্মণর উপবীত কপাহি সুতাৰ, ক্ষত্ৰিয়ৰ শন সূতাৰ আৰ বৈশ্য়র মেষ সূতাৰে অৰ্থাৎ মেষৰ লোমৰ সজা সূতাৰে প্ৰস্তুত্ কৰিব লাগে। ইতিনি ডালি সুতা ওপৰা উপৰি ভাবে অবলম্বিত থাকিব লাগে।

 ব্ৰাহ্মণ ব্ৰহ্মচাৰীৰ দণ্ড বেলৰ নাইবা পলাশৰ, ক্ষত্ৰিয়ৰ বৰ গছৰ নাইবা খয়েৰ কাঠৰ আরু বৈশ্যৰ পীলু নাইবা ঔডম্বরুৰ হব লাগে। ব্ৰাহ্মণাদি তিনিও বৰ্ণৰে দণ্ড যথাক্ৰমে কেশ, বুকু আৰু নাকৰ সমান হব লাগে। এনেকুবা লাকুটি লৈ ব্ৰহ্মচারী সকলে সূৰ্য্য উপাসনান্তে তিনি বাৰ অগ্নি প্ৰদক্ষিণ কৰি যথাক্ৰমে ব্ৰাহ্মণে "ভবতি ভিক্ষাং দেহি” ক্ষত্ৰিযে “ভিক্ষা ভবতি দেহি” আরু বৈশ্যে “ভিক্ষা দেহি ভবতি” বুলি ভিক্ষাচৰণ করিব। যিবোৰ তিৰোতাৰ ঠাইত ভিক্ষা করিলে ভিক্ষা নিদি অপমান দিবৰ সম্ভৱ নাই,তেনেকুৱা তিৰোতাৰ ঠাইত অৰ্থাৎ আই, বাই, পেহী এনেকুবা সম্বন্ধীয়া বিলাকৰ ঠাইত প্ৰথমে ভিক্ষা যাচঞা কৰিব লাগে।

 এইরূপে আবশ্যকীয় খিনি ভিক্ষা কৰি আনি, অকপট চিত্তেৰে সকলে খিনি গুরুক দিব পিছে আচমন পুৰ্ব্বক অয়ুস্কামী পূৰ্ব্ব মুখে, যশঃকামী দক্ষিণ মুখে, সম্পদ্কামী পশ্চিম মুখে আরু সত্যকামী উত্তৰ মুখে বহি একান্তমনে ভোজন করির লাগে। ভোজনান্তে আচমন পূৰ্ব্বক পানীৰে মুখৰ ছয়টি ইন্দ্ৰিয় স্পৰ্শ করিব। ভোজন সময় নিতৌ বহু সমাদৰে অন্ন গ্ৰহণ কৰিব। কোনো নিন্দা ন কৰিব। অন্ন দেখি সন্তুষ্ট হব। নিতৌ এই রূপে ভক্তিৰে সৈতে অন্ন ভোজন কৰিলে শক্তিমান, সুখী আরু বিদ্যাবন্ত হয়। অশ্ৰদ্ধাৰে ভোজন কৰিলে একো ফল ন হয়; পরন্তু স্বাস্থ্যহানি হে হয়। আকৌ খাই এৰা অন্ন আনক নিদিব; পুৱা আৰু ৰাতি এই দুৱাৰত বাহিরে আন কোন সময়ে নে খাব। বেচিকৈ নে খাব। বেচি খালে ৰোগ, পরমায়ু আরু ধৰ্ম্ম হানি [ ১৩ ] হয় । লোকে নিন্দা কয়ে, আকৌ স্বৰ্গ প্ৰাপ্তি ন হয়। এতেকে অতি ভোজন পৰিত্যাগ করা উচিত।

 ব্ৰাহ্মণে সদাই ব্ৰহ্মতীৰ্থ, অশক্ত পক্ষে প্ৰজাপতি বা দৈবতীৰ্থ দ্বারাই আচমন করিব; কিন্তু পিতৃতীৰ্থেরে কেতিয়া ও আচমন ন করিব। আচমন সময়ে ব্ৰহ্মাতীৰ্থ দ্বারাই প্ৰথমে তিনি বাৰ পানী খাব লাগে। পিছে ওষ্ঠ আরু মুখ পানী সহিতে বুঢ়া অঙ্গুলিৰ গুরির ঘঁহিব লাগে তার পিছে পানীরে মূখত পকা ইন্দ্ৰিয়ছিদ্ৰ সকল, বক্ষ:স্থল আরু সুরক্ৰমে স্পৰ্শ করিব লাগে। ধৰ্ম্মিষ্ঠ লোকে নিৰ্জ্জন ঠাইত ৰহি উষ্ণীকৃত (ঢাকন) আরু ফেন নোহোৱা পানী লৈ ওপরত কোৱা তীৰ্থয়ে আচমন করিব। আচমনর পানী ব্ৰাহ্মণর হৃদয় পৰ্যন্ত, ক্ষত্ৰিয়ৰ কণ্ঠ পৰ্য্য়ন্ত, বৈশ্যৰ জিহ্বা আরু শূদ্ৰব ওষ্ঠব তল পৰ্য্যন্ত স্পৰ্শ করিলে শুচি হয় ।•

 যজ্ঞ সূত্ৰ বা কাপোর বাম স্কন্ধব পরা দক্ষিণ কক্ষর নিম্ন পৰ্যন্ত লম্বমান থকাত,তাৰ মাজেদি দক্ষিণ বাহু নিক্ৰান্ত হলে তাকেই উপবীতী বোলে দক্ষিণ কান্ধর পৰা বাম কক্ষর (বগলর বা বাহু মুলর) নিম্ন পৰ্যন্ত লম্বিত থাকিলে, যদি তাৰ মাজেরে বাম বাহু নিক্ৰান্ত হয়; তেন্তে তাকে প্ৰাচীনা বীতী বোলে। বার গলত যজ্ঞ সুত্ৰ মালার নিচিনা ওলমাই ৰাখে তাকেই নিৰীতী বোলে।

 মেখলা, চৰ্ম্ম, লাখুটি উপবীত আৰু কমণ্ডলু এই বোর ছিঙ্গিলে পানীত পেলাই মন্ত্ৰোচ্চারণ পূৰ্ব্বক অন্য মেখলাদি লব। [ ১৪ ]  ব্ৰহ্মচারী যিমান দিন গুরুর ঘৰৰ পৰা পিত্ৰালয়লৈ নাহে, সেই কেই দিন হোম কাঠেৰে জুই ধরিব, ভিক্ষা করিব, খাট আদি উচ্চ ঠাইত নুশুব আরু সদায় গুরুর হিতকৰ কাম করিব।

 ব্ৰাহ্মণর গৰ্ভ ষোল বছরে, ক্ষত্ৰিয়ৰ গৰ্ভ দ্বাবিংশ বছরে আৰু বৈশ্যর চতুৰ্বিংশ বছরে কেশাস্ত নামে সংস্কার করিব লাগে।

 স্ত্ৰীলোকর শরীর শুদ্ধিৰ নিমিত্তে উপনয়নত বাহিরে অন্যান্য সমস্ত সংস্কার যথাকালে যথাক্ৰমে করা উচিত; কিন্তু মন্ত্ৰেরে করিব নে লাগে। বিবাহ সংস্কারেই তিরোতা বোরর বৈদিক উপনয়ন সংস্কার। ইয়াৰ স্বামী সেবায় ওৰু কুলত বাসা আৰু গৃহ কামেই পুয়া গধুলির হোম আরু অগ্নি পরিচৰ্যা বুলি জানিব লাগে।

 

সপ্তম অধ্যায়।

গুৰু শিষ্যৰ কৰ্ত্তব্য কৰ্ম্ম,জপ মাহাত্ম্য, ইন্দ্ৰিয় বোৰৰ নাম
আৰু দমনৰ উপায়।

 গুরুকে শিষ্যক উপনয়ন দি. প্ৰথমে আদ্যোপান্ত শৌচাচার শিক্ষা দিব। শিষ্য়ে শাস্ত্ৰানুসারে আচমন করি, উওর মুখে কৃতাঞ্জলিপুটে একান্ত মনে পবিত্ৰ বেশে বহিলে, গুরুরে উপদেশ দিব। শিষ্যে নিতৌ যোয়া অহার সময়ত গুরুর দুই ভরিত দুই হাত লগাই সেবা করিব আরু পঢ়া সময়ত কৃতাঞ্জলি হৈ গুরুর গুরিতে বহি থাকিব। গুরুরে [ ১৫ ] শিষ্যক প্ৰথমে “ভো” বুলি সম্বোধন করি পাঠ আরাম্ভ করাব; আরু এই ঠাইত পাঠ রল বুলি অধ্যয়ন শেষ করাব। বেদাধ্যয়নর আরম্ভতে আরু সমাপনতে ব্ৰাহ্মণে দুই হাতে কুশ ধরি, পবিত্ৰ হৈ সদাই প্ৰণৰ (তিনিটি শব্দ *) উচ্চাৰণ করিব। ইয়াক নকৰিলে শিক্ষার বহুত ব্যাঘাত জন্মে আরু নিস্ফল হয়।

 বেদ বিহিত যজ্ঞাদিতকৈ জপ্ জজ্ঞ দহ গুণে বেচি, জপ্ জজ্ঞর মাজত উপাংশু অৰ্থাৎ আনে নুশুনাকৈ করা জপ শগুণে বেচি; উপাংশুতকৈ আকৌ মানস মনেবে করা) জপ হেজার গুণে বেচি; ব্ৰাহ্মণে বৈদিক অন্যান্য কাৰ্য্য়বোৰ নকৰিলেও কেবল জপ বলেই সিদ্ধি লাভ করিব তাৰ কোনো সংশয় নাই যেনে--

জপ্যে নৈবতু সংসিধ্য়োদ্বাহ্মণো নাত্ৰ সংশয়ঃ।
কুৰ্য্য়োদন্যোন্য বা কুৰ্য্য়ান্মৈত্ৰো ব্ৰাহ্মণ উচ্যতে॥৮৭॥

(ইতি মনু দ্বি : অ :)

 * শুদ্ৰাদিয়ে সেই তিনিটি শব্দ উচ্চাৰণ কর ভাল নহয়। সেই দেখি লেখা নহল। ব্ৰহ্মা সেই তিনিটী শব্দ তিনি বেদর পবা উদ্ধার কৰিছে। সেই শব্দ তিনটি ব্যাহ্মণে উভয় সন্ধ্যাকালে একান্ত মনে উচ্চারণ কৰা উচিত। সি ব্ৰহ্ম প্ৰাপ্তির একমাত্ৰ উপায়। তার বহুত গুণ আছে। বৈদিক ক্ৰিয়াদি সমস্ত কালে নাশ হব , কিন্তু সেই প্ৰণবাক্ষর অক্ষয় থাকেই। প্ৰজাপতি ব্ৰহ্মা স্বৰূপ। যেনেং-

ক্ষয়ন্তি সব্বা বৈদিক্য়োজুহেতি যজতি ক্ৰিয়া।
অক্ষরন্তক্ষৎ জ্ঞেয়ব্ৰহ্মচৈব, প্ৰজাপতি :॥ ৮৪॥

( ইতি মনু দ্বিঃ অঃ॥)

[ ১৬ ]

শরীরত যি বোর ইন্দ্ৰিয় আছে, সেই বোরেই প্ৰধান রূপে পাপ- পুণ্যর কৰ্ত্তা। সারথিয়ে যেনেকৈ রথর ঘোরাক নিৰ্দিষ্ট বাটে পরিচালন করে; আরু হস্তীয়ে আন পথে যাব খুজিলে যেনেকৈ মাউতে অঙ্কূশেরে টানি আনি নিৰ্দিষ্ট পথে লৈ যায়, সেই রূপে সাধু লোকেও বিষয় সমূহলৈ সদাই আগমন কৰা ইন্দিয় বোরক সৎপথে পরিচালন কৰে।

 পূৰ্ব্বে মুনি সকলে একাদশ ইন্দিয়র কথা উল্লেখ করি গৈছে। সেই সকল ইন্দ্ৰিয় যথা -কৰ্ণ, ত্বক, চক্ষু জিহবা, নাক এই পাঁচটি জ্ঞানেন্দ্ৰিয় আরু পায়ু (মলদ্বার) উপস্থ (লিঙ্গ) হাত, ভরি, বাক্য এই পাঁচটিক কৰ্ম্মেন্দ্ৰিয় বোলে। মন একাদশ ইন্দিয়ই নিজ গুণে উক্ত কৰ্ম্মেন্দ্ৰিয় আরু জ্ঞানেন্দ্ৰিয় উভয়রে আত্মা স্বরূপ। এই মনক জয় করিব পারিলে, উপরত কোয়া দহ ইন্দ্ৰিয়ক অনায়াসে জয় ( দমন) কারিব পরা যায়। মানুহে কেবল ইন্দ্ৰিয় বোরর বিষয় আসক্তিতেই হে মগ্ন হৈ থাকে,ইয়াত কোন সন্দেহ নাই। ইন্দ্ৰিয় বোরক সংযম (সৎপথে আনয়ন) করিবলৈ পাৰিলেই সকলো সিদ্ধি লাভ করিব পারি।

 কাম্য বিষয় উপভোগেরে কেতিয়াও শান্তি নহয়। পরন্তু ঘৃতাহতি পরিলে অগ্নি যেনেকৈ আকৌ বেছিকৈ প্ৰজ্বলিত হৈ উঠে, বিষয় ভোগ- তো তেনেকুৱা আকৌ বেছিকৈহে লোভ বাঢ়ে। মানুহে জ্ঞানালোচনা করি, বিষয়ভোগ করিবলৈ নিদিয়াকৈ রখায় চেষ্টা করিলেই ইন্দ্ৰিয় ৰোধ ক্ৰমে ক্ৰমে উপশান্ত হয়।

 বেদপাঠ, দান, যজ্ঞ আরু তপস্যাদি যি বোর পূণ্য কাৰ্যই কয়োক, বিষয় লোলুপ,দুষ্ট প্ৰকৃতির লোকে কেতিয়াও সিদ্ধি লাভত সমৰ্থ ন হয়। শ্ৰবন, স্পৰ্শ, দৰ্শন ভোজন আরু আঘ্ৰাণ এই বোর অনুকূল হওক বা প্ৰতিকুলেই হওক (লাভালাভ যিবা নহওক) একোতে যায় হৰ্ষ বা বিষাদ উৎপন্ন ন হয়, তেওয়েই জিতেন্দ্ৰিয়। [ ১৭ ]  নৌকা যেনেকৈ বেচি ফাট্ বা বিন্ধা না থাকিলেও কেৱল এটি ফাট্ বা বিন্ধাৰেই পাণী সোমাই জলমগ্ন হয়। তেনেকুৱা ইন্দ্ৰিয়বোৰৰ মাজতো যদি একটি ইন্দ্ৰিয়ও স্থলিত হয়; তেন্তে সেই এটিৰ দ্বাৰাই পৰম জ্ঞান নষ্ট হয়। ইন্দ্ৰিয় বোৰক নিজবশে ৰাখি, মনক সংযম্ (বন্ধ বা নিয়মাধীন ৰখা) কৰি, আরু নিয়মিত উপায়ে শৰীৰ নীৰোগে ৰাখি, মানুহে সকলো কৰ্ত্তব্য় কাম সাধন কৰিব।

 পুৱাতে স্নান কৰি সূৰ্য্য দৰ্শণ নোহোৱালৈকে এঠাইতে ঠিক দি, থাকি, সাবিত্ৰী জপ কৰিব আৰু গধূলিও নক্ষত্ৰ দৰ্শণ নো হোৱালৈকে আসনত বহি একান্ত মনে জপ কৰিব; তেনেহলে দিনৰ আৰু ৰাতিৰ কৰা উভয় পাপ নষ্ট হয়। যি বাহ্মণে ইয়াক ন কবে, সি শূদ্ৰৰ নিচিনা হৈ সকলো দ্বিজ কৰ্ম্মৰ পৰা বাহিৰ হয়। শূদ্ৰ সকলোও সেই লেখিয়া ৰাতিপুৱা শুই উঠি, নিয়ম পূৰ্ব্বক শুচি হৈ, পূৰ্ব মুখে কঠ্ বা ধাবাত বহি গুরু দত্ত নাম জপ্ কৰিব আরু সেইরূপে গধূলিও নাম লব, তেনেহলে শূদ্ৰরো অহৰ্নিশে কৰা পাপ মোচন হয়।

অষ্টম অধ্যায়।
বিদ্য়াদানৰ নিয়ম। সেৱাৰ যোগ্য়াযোগ্য় ব্ৰাক্ষ্মণ।

 ত্তম বীজ যেনেকুৱা ক্ষাৰযুক্ত মাটিত ৰুব নেলাগে, সেইরূপে অধৰ্ম্মী আৰু সেৱা শুশ্ৰুষাদি নজনা আকৌ অৰ্থলাভ নো হোৱা ঠাইত বিদ্যা আৰু জ্ঞান দান কৰা অনুচিত।

যেনে;-ধৰ্ম্মাৰ্থৌ যত্ৰন স্যাতাং শুশ্ৰূষা বাপি তদ্বিধা।
তত্ৰ বিদ্বান ন বক্তব্যা শুভং বীজমিবোষৰে॥ ১১২

(ইতি মনুঃ বিঃ অঃ)

[ ১৮ ]

 বিদ্যা ব্ৰাহ্মণৰ ঠাইক আহি কয় যে, “মই তোমার নিধি (বহু সম্পত্তিৰ ভৰাল) মোক যত্নকৈ ৰখা; যাৰ শ্ৰদ্ধা নাই আৰু দোষী আদি অপাত্ৰৰ ঠাইত মোক অৰ্পণ নকৰিবা। কিয়নো তেনে লোকক দান কৰিলে মই অতি হীন হৈ থাকিব লগীয়া হয়। যি সদায় শুচি আর জীতেন্দ্ৰিয় মোক তাকেই অৰ্পণ কৰিবা ”।

সদাচাৰী ব্ৰাহ্মণ যদি শাস্ত্ৰজ্ঞ ন হয়, কেৱল গায়ত্ৰী মাথোন জানে তথাপি তেওঁ মান্য; কিন্তু তিনি বেদ জনা লোকেও যদি অনাচাৰী হৈ অখাদ্য খায় বা অখাদ্য বিক্ৰয় ইত্যাদি বেয়া কাম কৰে; তথাপি মানণীয় ন হয়।

 বিদ্যা আরু বয়সে বেচি লোকে যি শয্যা আরু আসন ব্যৱহাৰ কৰে, তাত কেতিয়াও বহিব বা শুব নে লাগে। যদি নিজে শয্যাত শুই থকাত, কিম্বা আসনত বহি থকা সময়ত কোনো গুরু লোক আহে; তেন্তে ততালিকে তাৰ পৰা উঠি সেৱা কৰিব লাগে। ইয়াৰ কাৰণ এই যে বয়সীয়া, বিদ্বান আরু মানী বৃদ্ধ, ডেকাৰ গুৰিত উপস্থিত হলে, ডেকাৰ প্ৰাণ উৰ্দ্ধ দিকে যাবলৈ চেষ্টা কৰে; পিছে থিয় দি গৈ সেৱা ভক্তি কৰাৰ পৰা আকৌ প্ৰাণ লাভ কৰে। সদাই বৃদ্ধক পৰিচৰ্য্যা আরু সেৱা কৰিলে, ডেকাৰ আয়ু, বিদ্যা, যশ আরু বল এই চাৰিটি বৃদ্ধি হয়। সেৱা কৰা সময়ত নিজৰ নাম কৈ চিনাকি দিব লাগে। যি ব্ৰাহ্মণে প্ৰত্যাভিবাদন কৰিবলৈ নে জানে তেওঁক বিদ্বান লোকে সেৱা কৰা অযুগুত।

 সমান বয়সীয়া নাইবা কনিষ্ঠ লোকক লগ পালে ব্ৰাহ্মণক কুশল, ক্ষত্ৰিয়ক অনাময়, বৈশ্যক ক্ষম (সহি থাক) আরু শূদ্ৰক আৰোগ্য শব্দ উচ্চাৰণ কৰি মঙ্গল বাতৰি শুধিব। কোনো প্ৰকাৰ ৰক্ত সম্বন্ধ নথকা পৰস্ত্ৰীক *ভবতী সুভগে * নাইবা ভনী বুলি সম্বোধন কৰিব লাগে। [ ১৯ ]  মোমাই, খুৰা, জেঠা, শ্বশুৰ, পুৰোহিত নাইবা আন কোনো গুরু জন বয়সে সরু হলেও তেওঁ লোক আহিলে গাত্ৰোখান পূৰ্ব্বক সেৱা কৰিব। পিতৃ-মাতৃ উভয় পক্ষৰ পেহী আরু জেঠী, মামী জ্যেষ্ঠ ভ্ৰাতাৰ স্ত্ৰী আরু শাহু এওঁ লোকক মাতৃ আরু গুরু পত্নীৰ নিচিনা ভৰিত ধৰি সেৱা শুশ্ৰুষা কৰিব লাগে। কিয়নো এওঁ লোক এটাই বিলাকে মাতৃ আৰু গুরু পত্নীৰ তুল্য মান্যা।

 একে গ্ৰামৰ লোক সকলৰ মাজত দহ বছৰ বয়সৰ কম বেচিত মান্যতাৰ তাৰতম্য নাই। আকৌ গান আরু ভাওনার দলৰ মাজত পাঁচ বছৰ বয়সৰ কম বেচিত মান্যতাৰ কোনো ইতৰ বিশেষ নাই। স্বজাতিৰ মাজত ধন, সম্বন্ধ, বয়স শাস্ত্ৰমতে প্ৰৱৰ্ত্তন কৰা লোক আৰু বিদ্বান এই পাঁচ জন মান্যৱন্ত। এওঁ লোকৰ মাজত আকৌ যাৰ বেচি গুণ আছে; তেওঁ সবাতকৈ মানী। আরু নব্বই বছৰ বয়সীয়া শূদ্ৰও ব্ৰাহ্মনাদিৰ মানণীয়।

 চাকা থকা ৰথ শকটাদি, অতিশয় বুড়া, ৰোগী অৰ্থাৎ শক্তিহীন, ভাবী, তিৰোতা, বেদজ্ঞ ব্ৰাহ্মণ, ৰজা আৰু দৰা এই সকলোক যাবলৈ আগে পথ এৰি দিব। যদি এওঁলোকৰ মাজত পৰস্পৰ লগ পাৰপৰা হয়; তেন্তে বেদজ্ঞ ব্ৰাহ্মণ আৰু ৰজা সৰ্ব্বাপেক্ষা মানণীয়। বেদজ্ঞ ব্ৰাহ্মণ আকৌ ৰজাতকৈ বেচি মানী॥ দহ জন উপাধ্যায়তকৈ সংস্কাৰাদি কৰ্ত্তা আৰু পিতা বেচি আরু মাতৃ পিতাতকৈ হেজাৰ গুণে বেছি •।

 * যোনে উপনয়ন দি বিদ্য়া আরু বেদ শাস্ত্ৰ শিকায় তেওঁক আচাৰ্য্য বোলে। যি জনে জীবিকাৰ নিমিত্তে বেদ পঢ়ায় তেওঁ " উপাধ্যায়," যেনে সমস্ত সংস্কাৰাদি কৰাই অন্নেৰে প্ৰতি পালন কৰে, তেওঁৱেই পিতা আৰু গুরু। [ ২০ ]  অবিদ্বান, বেদ জ্ঞান নথকালোক বুড়া হলেও লৰা, আরু যি জনা জ্ঞানোপদেশক তেওঁ লৰা হলেও পিতৃ তুল্য পূজনীয়। ই অতি আগৰ পৰাই প্ৰসিদ্ধ আছে। জ্ঞানেই ব্ৰাহ্মণৰ বেচি, বলেই ক্ষত্ৰিয়ৰ, ধন-ধান বেচি হলে বৈশ্যৰ আরু বয়সৰ বেচ কমেই শূদ্ৰৰ ডাঙ্গৰ হয়। কেৱল কেশ পকিলেই বৃদ্ধ ন হয়, যি জনে ডেকা হইও বিদ্বান, তেওঁকেই বৃদ্ধ বোলে। কাঠেৰে সজা হাতী আরু ছালেৰে সজা পহু যি ৰকম, বেদ হীন ব্ৰাহ্মণও তেনেকুৱা। এই তিনিও কোনো কামৰ ন হয়।

 অতিশয় তাড়নাদি শিষ্যক শিকাব নে লাগে। যি জনে ধৰ্ম্মক আশা কৰি শিকায় তেওঁ শিষ্যক নম্ৰ মাতেৰে মৰমেৰে শিকাব লাগে।

 যি কামত বা বাক্যত অপৰৰ অনিষ্ট হয়, তেনেকুৱা ব্যৱহাৰ কৰিব নে লাগে। আকৌ যি কথা কলে মানুহৰ খং জন্মে তেনে কথা উচ্চাৰণ কৰিব নে লাগে। লোকে আনৰ পৰা সম্মান পালে বিষৰ নিচিনা আরু অপমান পালে অমৃতৰ নিচিনা জ্ঞান কৰিব। কিয়নো অপমান সহ্য় কৰিবলৈ ক্ৰমে অভ্যাস হলে, পিচত অপমান পালেও খং নুঠা হয়। তেতিয়া লোকৰ পৰা সুযশ পোৱা যায়, আৰু নিজেও পৰম সুখে শান্তিত দিন কটাই থাকিব পাৰি। পৰন্তু অপমান দাতা লোক সমাজত নিন্দনীয় হয়, আৰু সেই পাপে তাৰ দুইও কাল নষ্ট হয়।

 শিক্ষক, শোনিত সম্বন্ধীয় পিতৃব্যাদি, সৎপথ দাতা, হিতোপদেশক, বৃদ্ধ, গুৰুপুত্ৰ, আৰ্য্য় ব্ৰাহ্মণ আরু গুৰুৰ ভ্ৰাতাদি বন্ধু বৰ্গক গুৰুৰ নিচিনা আচৰণ কৰিব লাগে। গুরু পত্নীৰ গাত তেল লগোৱা, তেওঁক গা ধোওয়া, গা ঘঁহা আৰু চুলি বন্ধাদি কাম কৰি নি দিব। আন কি ডেকা শিষ্য়ে গা ভরু গুৰু পত্নীৰ ভৰিত ধৰিয়েই সেৱা ন কৰিব।

 এই সংসাৰত মানুহক দূষিত কৰাই তিৰোতা বোৰৰ স্বভাৱ, এই হেঁতুকে জ্ঞানী সকলে তিৰোতা সম্বন্ধে কেতিয়াও প্ৰমত্ত কিম্বা অসাৱধান [ ২১ ] ন হয়। সংসাৰত দেহধাৰী মাত্ৰেই সকলোৱে কাম ক্ৰোধৰ বশ. সেই কাৰণে বিদ্বান অবিদ্বান সকলোকে কামিনীয়ে অনায়াসে উন্মাদ কৰিবলৈ সমৰ্থ হয়। আন কি মাতৃ, ভনী, কন্যা প্ৰভৃতিৰ সহিতেও নিৰ্জ্জন ঘৰত বাশ কৰা অবিধি। ইন্দ্ৰিয় বোৰ ইমান বলৱান যে, সিহঁতে জ্ঞানৱান লোকৰও মন আকৰ্ষণ কৰে। সেই কাৰণে গুৰুপত্নী প্ৰভৃতি তিৰোতা বোৰে সহিতে উক্তৰূপ ব্যৱহাৰৰ বিধি আছে।

 কোনোৱে কয় ধৰ্ম আৰু অৰ্থেই পৰম শ্ৰেষ্ঠ আৰু কোনোৱে অৰ্থ আৰু কামক, আকৌ কোনোৱেবা কেৱল ধৰ্ম্মকেই সমুদাই ত্ৰিবৰ্গ (ধৰ্ম্ম, অৰ্থ, কাম—উৎপত্তি, স্থিতি, ধ্বংস-সত্ব:, ৰজঃ, তমঃ) সাধনৰ মূল বুলি কয়; কোনোৱেবা অৰ্থকেই ইকালত শ্ৰেষ্ঠ বুলি প্ৰকাশ কৰে; কিন্তু আচলতে ধৰ্ম্ম, অৰ্থ আৰু কাম এই তিনিওটিৰ সংযোগেহে শ্ৰেষ্ঠতা লাভ কৰিব পাৰি। অকলে হলে কোনোৱেই শ্ৰেষ্ঠ হব নোৱাৰে।

⸻⸻

নৱম অধ্যায়।

পিতৃ-মাতৃ আৰু গুৰু ভক্তি হীনতা গ্ৰহণ।

 চাৰ্য্য পৰমেশ্বৰৰ মূৰ্ত্তি, জন্মদাতা পিতৃ প্ৰজাপতি ব্ৰহ্মাৰ মূৰ্ত্তি, গৰ্ভধাৰিণী মাতৃ সাক্ষাৎ পৃথিবীৰ মূৰ্ত্তি আৰু ভাই ককাই উভয়ে নিজৰ দ্বিতীয় মূৰ্তি। এই কাৰণে আচাৰ্য (গুৰু), পিতৃ মাতৃ আৰু সহোদৰৰ পৰা অত্যন্ত পীড়িত বা দুঃখিত হলেও, তেওলোেক অপমান দিয়া অনুচিত। সন্তানৰ নিমিত্তে মাক বাপেকে যি দুঃখ সহে, সন্তানৰ হেজাৰ বছৰেও তাৰ ধাৰ পৰিশোধ কৰিবৰ শক্তি নাই। সেই বাবে সন্তানে নিতৌ মা-বাপেকে আৰু গুৰুৱে ভাল পোৱা কাম কৰি সন্তোষ দিব। এওঁলোক তিনি জন তুষ্ট থাকিলে সকলো তপস্যাৰ ফল পায়। এওঁ [ ২২ ] তিনি জনৰ শুশ্ৰূষাকে পণ্ডিত সকলে পৰম তপস্যা বুলি কৈছে। এওঁ লোকৰ আদেশ ন হলে আন কোনো ধৰ্ম্ম আচৰণ কৰিবৰ নিয়ম নাই। এওঁলোক তিনি জনেই ত্ৰিলোক, তিনি আশ্ৰম, তিনি বেদ আৰু তিনি অগ্নি। এই তিনি জনেই সংসাৰত গৰিষ্ঠ। যি লোকে এই তিনি জনক সদাই সন্তুষ্ট ৰাখিব পাৰে; তেওঁ তাৰে ত্ৰিলোক জয় কৰি; সশৰীৰে প্ৰকাশিত হৈ দেৱতা সকলৰ নিচিনাকৈ স্বৰ্গত অতিশয় সুখ ভোগ কৰিবগৈ। মাতৃ ভক্তিৰে ভূৰ্লোক, পিতৃ ভক্তিৰে স্বৰ্গলোক আৰু গুৰু ভক্তিৰে ব্ৰহ্মলোক লাভ কৰা যায়। যি জনে এই তিনি জনক আদৰ কৰে, তাৰ ধৰ্ম্মক আদৰ কৰা হয়। আৰু যি লোকে এই তিন জনক অনাদৰ কৰে, তাৰ ধৰ্ম্ম কৰ্ম্ম সকলো বৃথা। যিমান দিন এওঁলোক জীয়াই থাকে, তিমান দিন লৈকে স্বতন্ত্ৰভাৱে কোনো ধৰ্ম্ম কৰ্ম্ম কৰিবৰ নিয়ম নাই; কিন্তু প্ৰতিদিনে এওঁলোকৰ হলে প্ৰিয় কাৰ্য্য সাধন আৰু সেৱা শুশ্ৰুষা কৰিব লাগিব। এওঁলোক সেৱাদিৰ অবিৰোধে পৰলোক কামনাৰে কায়-মন-বাক্যেৰে যি অলপ ধৰ্ম্ম কৰ্ম্মৰ অনুষ্ঠান্ কৰিব; সেই এটাইকে তেওঁলোকক নিবেদন কৰিব।

 তিনো জনক উল্লিখিত মতে শুশ্ৰুষা কৰিলে পুৰুষৰ ইতি কৰ্তব্য। (ইহ কালত কৰিব লগা কাম) শেষ হয়। এইয়েই সাক্ষাৎ পৰম ধৰ্ম্ম। তদ্ভিন্ন যজ্ঞাদি অন্যান্য যি কিছু ধৰ্ম্ম আছে, সেই এটাইকে উপধৰ্ম্ম বোলে। সামান্য লোকৰ ঠাইতে শ্ৰদ্ধা কৰি শ্ৰেষ্ঠ বিদ্যা শিকিব; অতি অন্ত্যজ অৰ্থাৎ চান্দালাদিৰ পৰাও পৰম ধৰ্ম্ম লাভ কৰিব; লৰাৰ পৰাও ভাল কথা গ্ৰহণ কৰিব। আৰু কুস্থানৰ পৰাও সুবৰ্ণাদি ৰত্নতুলি লব লাগে। স্ত্ৰী, ৰত্ন, বিদ্য়া, ধৰ্ম্ম, পবিত্ৰতা, হিতোপদেশ আৰু শিল্প বিদ্যা সকলোৰে পৰা সকলোৱে লাভ বা শিক্ষা কৰিব পাৰে।


  • বোপাক গাৰ্হপত্যং মাক দক্ষিণাগ্নি আৰু গুৰু আৰহনীয় অগ্নি। [ ২৩ ]

বিবাহ আৰু বিবাহ যোগ্যাযোগ্য।

 যি তিৰোতাৰ কেশ পিঙ্গল (অলপ ৰঙ্গাৰে মিহলি মুগা বৰণ) নাইবা ৰঙ্গা, যাৰ ছয় আঙ্গুলি প্ৰভৃতি বেছি অঙ্গ থাকে, যিজনী চিৰ ৰোগিনী; যাৰ গাত লোম নাই, নাইবা বেচি লোম আছে, যি জনী অতিশয় কথকী আকৌ যি জনীৰ চকু, পিঙ্গল বৰ্ণ, এনেকুৱা কন্যাক বিবাহ কৰিবৰ বিধি নাই। নক্ষত্ৰ, গছ, নদী, ম্লেচ্ছ, পৰ্বত, চৰাই, সৰ্প, আৰু সেৱা বোধক যি ছোৱালীৰ নাম তাক, আকৌ যাৰ নাম অতি ভয়ানক তাইকো বিয়া কৰিব নে লাগে। যি ছোৱালীৰ কোনো অঙ্গবিকৃতি নাই, যাৰ নাম সুখেৰে উচ্চাৰণ কৰিব পাৰি; যি জনীয়ে [ ২৪ ] হংস কিম্বা হাতিৰ নিচিনা খোজ কাঢ়ে যাৰ লোম্‌, কেশ আৰু দাঁত সমান আৰু চুটি ন হয়; এনেকুৱা কোমলঙ্গী ছোৱালীক বিয়া কৰিব লাগে। যি ছোৱালীৰ ভায়েক নাই, নাইবা যাৰ বাপেকৰ ঠিক নাই, জ্ঞানি মানুহে সেই ছোৱালিক জহৰা আৰু মদ খোবা লোকৰ পৰা জন্মা আশঙ্কা কৰি বিয়া ন কৰিব।

 কলিত অৰ্থাৎ বৰ্তমান সময়ে চাৰিও জাতিৰে সবৰ্ণা ছোৱালী মাথোন বিয়া কৰা নিয়ম আছে।* যদি উত্তমে হীন জাতীয়া তিৰোতাক বিয়া কৰে; তেন্তে তাহাঁতৰ পুত্ৰ পৌত্ৰাদি সহিতে বংশানুক্ৰমে পতিত হয়।

 শূদ্ৰা গমন কৰিলে ব্ৰাহ্মণৰ অধোগতি হয়, আকৌ সেই শূদ্ৰাৰ গৰ্ভে পুত্ৰ জন্মালে ব্ৰাহ্মণৰ ব্ৰহ্মন্য নে থাকে যেনে-

শূদ্ৰাং শয়ন মাৰোপ্য ব্ৰাহ্মণোযাত্যধোগতিম্।
জনয়িত্বা সুতং তস্যাং ব্ৰাহ্মণ্যা দেৱহীয়তে॥১৭॥

(ইতি মনুঃ তৃঃ অং)

যি ব্ৰাহ্মণৰ দেৱ পিতৃ আৰু অতিথিৰ কাৰ্য্যে শূদ্ৰা প্ৰধান অৰ্থাৎ গৃহিণীৰ নিচিনা হৈ উক্ত কামাত যোগ দিয়ে, তাৰ সেই হব্যকব্য দেবতা আৰু পিতৃ লোকে গ্ৰহণ নকৰে; আৰু সেই গৃহী ব্ৰাহ্মণ সেই অতিথি সেবাৰ দ্বাৰাই স্বৰ্গ লাভ কৰিবলৈ নোৱাৰে। শূদ্ৰাক চুমা খোৱা শুদ্ৰাৰ বিশ্বাসী হোৱা আৰু সূদ্ৰাৰ গৰ্ভে সন্তান জন্মোৱা ব্ৰাহ্মণৰ কোনো প্ৰকাৰ নিষ্কৃতি নাই। যেনে-


 *পূৰ্ব্ব পূৰ্ব্ব তিনি যুগ্মত ব্ৰাহ্মণাদি বৰ্ণ সকলে অসবৰ্ণা কন্যাও বিয়া কৰিছিল; কিন্তু বৰ্তমান কলি যুগত সেই নিয়ম ৰহিত হৈছে। সেই দেখি এই পুথিত অসবৰ্না বিবাহৰ নিয়ম প্ৰণালী বোৰ মিছা মিছি

লেখি, পুথিৰ কলেবৰ বৃদ্ধি কৰা নগল। [ ২৫ ]

 

বৃষলী কেন পীতস্য নিশ্বাসো পহতস্য চ।
তস্যাষ্ণৈব প্ৰসূতস্য নিষ্কৃতিণ বিধিয়তে।। ১৯

(ইতি মনুঃ তৃঃ অঃ)

 চাৰিও বৰ্ণৰ ইহ আৰু পৰকাল হিতাহিত জনক স্ত্ৰীলভাৰ উপায় স্বৰূপ আঠ প্ৰকাৰ বিবাহ আছে। যেনে ব্ৰাহ্ম দৈৱ, আৰ্য্য, প্ৰাজাপত্য, অসুৰ গান্ধৰ্ব্ব, ৰাক্ষস আৰু পৈশাচ্,। এই আঠ প্ৰকাৰ বিবাহৰ যি যি বৰ্ণৰ যি যি বিবাহ উপযুক্ত আৰু যি বিবাহে যি গুণ দোষ জন্মে, আকৌ বিবাহোৎপন্ন সন্তানৰ পৰা যি বোৰ গুণাগুণ উৎপন্ন হয়, এই সকল কোৱা যাওক।

 প্ৰথম ছয়টি বিবাহ অৰ্থাৎ ব্ৰাহ্ম, দৈব, আৰ্য, প্ৰজাপাত্য, অনুৰ গান্ধৰ্ব্ব এই কেইটি ব্ৰাহ্মণৰ পক্ষে বিহিত , শেষৰ পৰা চাৰিটি অৰ্থাৎ অসুৰ, গান্ধৰ্ব্ব, ৰাক্ষস আৰু পিশাচ এই কেইটি ক্ষত্ৰিয়ৰ পক্ষে অবিহিত ন হয়। বৈশ্য আৰু শূদ্ৰৰ পক্ষে অসুৰ, গন্ধৰ্ব্ব আৰু পিশাচ এই তিনিটা বিহিত বুলি জানিবা।

 এটাই কেইটি বিবাহৰ ভিতৰত পিশাচ আৰু অসুৰ এই দুটী অধৰ্ম্ম জনক। এই দুটি বিবাহ কৰা কেতিয়াও উচিত ন হয়। কেতিয়াবা কেতিয়াবা মিশ্ৰ বিবাহ হয় যেনে অৰ্জুন আৰু সুভদ্ৰাৰ বিবাহ। এইটি বিবাহ গন্ধৰ্ব্ব আৰু ৰাক্ষস উভয় সংযোগে হৈছিল।

 ছোৱালীক সবিশেষ বস্ত্ৰালঙ্কাৰে শোভিত আৰু সন্মানীত কৰি বিদ্বান, সদাচাৰী যুক্ত দৰাক স্বয়ং নিমন্ত্ৰণ কৰি নি, বিয়া দিয়াকে ব্ৰাহ্ম বিবাহ যোলে। বেদাদিক মতে যজ্ঞ আৰম্ভ হলে সেই যজ্ঞত পুৰোহিতক অলঙ্কৃত (ভূষিত ৰা শোভিত) কৰাই কন্যাদান কৰাকে দৈব বিবাহ বোলে। যজ্ঞাদিৰ আৱশ্যক বুলি দৰাৰ পৰা যি এহাল কি দুহাল হালোৱা গৰু কিম্বা অদমূল্য লৈ বিধিৱতে কন্যাদান কৰিলে [ ২৬ ] আৰ্য বিবাহ বোলে "তোমালোক দুই ও জনে গৃহস্থী ধৰ্ম্মাচৰণ কৰিবা" এই অনুৰোধ কৰি, বিধিৱতে অলঙ্কাৰাদি সহিতে উচৰ্গা কৰি দৰাক যি কন্য়া দান কৰা যায় সি প্ৰজাপত্য বিবাহ। অশাস্ত্ৰ মতে স্বইচ্ছায় কন্যাৰ পিত্ৰাদিক আৰু কান্য়াক ধন দি যি কন্যা গ্ৰহণ কৰা হয়, তাকে আসুৰিক বিবাহ বোলে। দৰা-কন্যা উভয়ে পৰস্পৰ প্ৰথমে মৈথুনে- চ্ছায় মিল হৈ, পিছে হোমাদিৰ দ্বাৰাই বিবাহ সিদ্ধ কৰাক গান্ধব্য়; কন্য়া পক্ষৰ মানুহ বোৰক মাৰি কাটি, তাহাঁতৰ ঘৰ দুৱাৰ ভাঙ্গি কন্দা কটা কৰাই, কন্যাক বলেৰে ধৰি আনি বিয়া কৰাকে ৰাক্ষস বিবাহ বোলে। টোপনি যোৱা,মদখাঈ অস্থিৰ বা বলিয়া হোৰা তিৰোতাক নিৰ্জন ঠাইত গমন কৰাকে পৈশাচিক বিবাহ বোলে। এই আট বিধ বিবাহৰ মাজত এই পিচাশ বিয়া অতিশয় পাপ জনক আৰু অধৰ্ম্ম।

 হস্তোদক দান পূৰ্ব্বক কন্যা দান কৰাই ব্ৰাহ্মণৰ পক্ষে উত্তম। ক্ষত্ৰিয়াদি আন তিনি বৰ্ণৰ পৰম্পৰ ইচ্ছানুসাৰে অৰ্থাৎ কেবল কথাতেও কন্য়া দান সিদ্ধ হয়।

 অনিন্দিতা স্ত্ৰী বিয়া কৰিলে অনিন্দিত সন্তান জন্মে। আৰু নিন্দিত বিবাহত মানুহৰ নিন্দিত সন্তান জন্ম ধৰে। এই হেঁতুকে পৰা পক্ষে নিন্দিত বিবাহ পৰিত্যাগ কৰিব লাগে।

একাদশ অধ্যায়।

স্ত্ৰীসহবাস, পুত্ৰোৎপাদন, কন্যাদান আৰু স্ত্ৰীৰক্ষা।

 ঋতুকালে অবস্য়ই স্ত্ৰীগমন কৰিব। কেতিয়াও ঋতুকাল উলঙ্ঘন কৰিব নে লাগে। ঋতু কালৰ বাহিৰে অন্য় সময়েও ভাৰ্যাৰ তৃপ্তাথে ৰতি ইচ্ছা কৰা স্ত্ৰী-সহবাস কৰিব পাৰে; কিন্তু কি ঋতু কালে, কি অন্য সময়ে চতুৰ্দশী, অষ্টমী অমাবস্যা, পূৰ্ণিমা, সংক্ৰান্তি আদি পৰ্ব্বদিন [ ২৭ ] বৰ্জন কৰিব লাগে। স্ত্ৰীলোকৰ প্ৰথমৰ পৰা ষোল্ল ৰাতি ঋতুকাল জানিবা। তাৰ ভিতৰত প্ৰথম চাৰি ৰাতি আৰু একাদশ আৰু ত্ৰোয়োদশ এই ছয় ৰাতি স্ত্ৰী গমন নিষিদ্ধ। বাকী দহ ৰাতি স্ত্ৰী গমন প্ৰশস্ত। এই দহ ৰাতিৰ ভিতৰত ছয়, আট, দহ প্ৰভৃতি যুগ্ম ৰাতি শ্ৰীগমন কৰিলে যদি গৰ্ভ হয়; তেন্তে সেই গৰ্ভত পুত্ৰ জন্মে। যেনে;—যুগ্মাসু পুত্ৰঃ জনয়তে স্ত্ৰীয়োঃ হ যুগ্মাসু ৰাত্ৰিযু। আৰু পাঁচ, সাত প্ৰভৃতি অযুগ্ম নিশাত স্ত্ৰীগমন কৰিলে যদি গৰ্ভ হয়। তেন্তে সেই গৰ্ভত ছোৱালী জন্মে। এই কাৰণে পুত্ৰ কামনা কৰা লোকে ঋতু কালে যুগ্ম নিশাহে স্ত্ৰীগমন কৰা উচিত। অযুগ্ম নিশা হলেও পুৰুষৰ বীৰ্যাধিক্য হেতুকে পুত্ৰ ওপজে। যেনে;---পুং বীৰ্য্য়া- ধিকে পুং সাং স্ত্ৰীং বক্তত্যধিকে স্ত্ৰীয়াং। সেই দৰে যুগ্ম নিশাতো স্ত্ৰীৰ বীৰ্য্যাধিক্য গতিকে ছোৱালী সন্তান হয়। উভয়ৰ বীৰ্য্য সমান হলে ক্লীব কিম্বা জমজ পুত্ৰ-কন্যা হয়। আকৌ যদি উভয়ৰ বীৰ্য্য অসাৰ নাইবা অলপ হয় অৰ্থাৎ সন্তানোৎপাদনৰ নিমিত্তে যিমান বীৰ্যৰ আবশ্যক তিমান জোখাৰে ন হয়, তেনে হলে গৰ্ভ নহয়।

 যি লোকে ওপৰত কোবা নিন্দিত ছয় নিশা আৰু আনিন্দিত, দহ নিশাৰ যি কোনো আঠ নিশা এই চৈদ্ধ নিশাত স্ত্ৰীসংসৰ্গ পৰিত্যাগ কৰি, আৰু অমাবশ্যাদি পৰ্ব্বদিন বৰ্জিত ক্ৰমে অবশিষ্ট দুই ৰাতি মাথোন স্ত্ৰী গমন কৰে, তেও যি আস্ৰীমীয়েই হওক ব্ৰহ্মচাৰী হৈয়েই থাকে।

 বাপেকে কন্যা দানৰ নিমিওে অলপো ধন লব নেলাগে। কিয়নো ধন ললে সন্তান বিক্ৰয় কৰা হয়। সন্তান বিক্ৰয় কৰিলে গৰু মৰাৰ তুল্য পাপ হয়। বাপেক মোমায়েক আদি কন্য়াৰ গৰাকী সকলে যদি কন্য়া কিম্বা ভগিনীৰ টকা নাইবা দাসী, ঘোৰা গাড়ী বস্ত্ৰাদি উপভোগ কৰে, তেন্তে সেই পাপীৰ অধোগতি লাভ হয়। বৰৰ পক্ষৰ কাক ইচ্ছা কৰি; [ ২৮ ] যি ধন দান কৰে তাক পিত্ৰাদিয়ে নেৰাখি, যদি কন্য়াক দিয়ে, তে নে হলে তাক বিক্ৰয় নোবোলে।

 স্ত্ৰী লোকক যত্নেৰে ভোজনাদি প্ৰদান আৰু অলঙ্কাৰাদিৰে সদাই সুৱনি কৰি আৰু সুখেৰে ৰখা বাপেক ভায়েক; পতি আৰু দেৱৰ সকলৰ কৰ্ত্তব্য কৰ্ম্ম। যি বংশৰ নাৰী সকলৰ উপযুক্ত সমাদৰ আছে সেই বংশৰ প্ৰতি দেৱতা সকল প্ৰসন্ন থাকে। আকৌ যি বংশত তিৰো তাৰ আদৰ নাই; সেই বংশৰ যাগাদি ক্ৰিয়া কৰ্ম্ম সকলো বৃথা হৈ যায়। যি বংশৰ স্ত্ৰী সকল সদায় দুঃখিত থাকে; সেই কুল শীঘ্ৰে বিনাশ হয়। যি ঘৰত তিৰোতা বোৰৰ কোনো দুঃখ নাই সেই পৰিবাৰৰ সদাই শ্ৰীবৃদ্ধি হয়। তিৰোতা বোৰ দুঃখেৰে মনোকষ্টে থাকি যি গৃহস্থক অভিশাপ দিয়ে; সেই কুল বিনাশ প্ৰাপ্ত হয়। এতেকে যি লোকে শ্ৰী বৃদ্ধিৰ কামনা কৰে; সদাই সাধ্যানুসাৰে ভাত কাপোৰ আৰু অলঙ্কাৰাদিৰে তিৰোতা বিলাকক আদৰ কৰা তেওঁলোকৰ কৰ্তব্য যি পৰিবাৰ স্বামী ভাৰ্যা উভয়ে পৰস্পৰে পৰম্পৰৰ প্ৰতি সদাই সন্তুষ্ট থাকে, নিশ্চয় সেই কুলত লক্ষ্মী অবস্থিতি কৰে। বস্ত্ৰালঙ্কাৰেৰ সুৱনী নহলে স্ত্ৰীয়ে স্বামীৰ প্ৰমোদ জন্মাবলৈ নোৱাৰে। যদি স্ত্ৰীয়ে অলঙ্কাৰাদিৰে মনোহৰ ভাবে শোভিতা হৈ থাকে; তেনেহলে সদাই ঘৰখন সুবনী হৈ থাকে। আকৌ যদি স্ত্ৰী শোভিতা ন হয়; সমুদায় ঘৰ অসুৱনী যেন দেখি।

 কু বিবাহ শ্ৰাদ্ধাদি ক্ৰিয়াকৰ্ম লোপ, বেদ শাস্ত্ৰৰ অধ্যয়ন ৰহিত আৰু ব্ৰাহ্মণক অনাদৰ কৰা আদি কাৰণে অতি শ্ৰেষ্ঠ কুলও ক্ৰমে নিকৃষ্ট হৈ যায়।

 ব্ৰাহ্মণে কপোৰ বোৱা আদি শিল্পকাম; টকা ধাৰ দি সুত গ্ৰহণ; শূদ্ৰাৰ গৰ্ভে সন্তানোৎপাদন, গৰু ঘোৰা; শকটাদি কিনা বিকা’ কৃষি

ৰাজসেবা অজাতি যাজক; “শ্ৰুতি আৰু বেদ ৰহিত কাম কৰাৰ পৰা শীঘ্ৰ কুলহীন হৈ যায়। [ ২৯ ]

পঞ্চ মহা যজ্ঞ অৰু অতিথি সেৱা।

 গৃহস্থী লোকে বিধিৱতে অষ্টকাদি গৃহকৰ্ম সম্পন্ন কৰিব; পঞ্চ মহা যজ্ঞৰ অনুষ্ঠান আৰু আহ্নিক পাঁচ ক্ৰিয়া সম্পাদন কৰিব। গৃহস্থৰ পাচটি প্ৰানীবধস্থান আছে, যেনে; জুইশাল যাত বা শিল; বাঢ়নি; উৰাল আৰু পানী ৰখা কলহ। এই পাঁচটিৰ দ্বাৰাই প্ৰানী হিংসা হয়।এই কেইটি গৃহ প্ৰয়োজনীষ কামৰ যি পাপ জন্মে; সেই পাপ বোৰৰ পৰা ৰক্ষা পাবৰ কাৰণে মহৰ্ষি সকলে গৃহস্থৰ পক্ষে নিতৌ পঞ্চমহা যজ্ঞৰ বিধান কৰিছে।

 অধ্যয়ন; অধ্যাপনৰ (পঢ়া আৰু পঢ়োৱা) নাম ব্ৰহ্মযজ্ঞ; পানী আৰু অন্নাদিৰে পিতৃ লোকৰ তৰ্পণ কৰাৰ নাম পিতৃযজ্ঞ; হোম নাম দৈবযজ্ঞ পশু চৰাই প্ৰভৃতিক অন্নাদি প্ৰদানৰ নাম ভৃতযজ্ঞ; আৰু অতিথি সেৱাক মনুষ্যষজ্ঞ বোলে। শক্তি থকাতে যি গৃহস্থ উক্ত পঞ্চ মহাষজ্ঞ এদিনো পৰিত্যাগ নকৰে তেওঁ গৃহস্থ ধৰ্ম্মে থাকিও উক্ত পঞ্চমহা পাপত লিপ্ত ন- হয়। আৰু যি লোকে এই পাঁচ যজ্ঞ নকৰে তাৰ নিশ্বাস প্ৰশ্বসাদি থাকিলেও সি মৃত্যু তুল্য়।

 দৰিদ্ৰ লোকে যদিও অতিথি সেৱা প্ৰভৃতি কাৰ্য্য কৰিবলৈ অশক্ত হয়; তথাপি বেদাধ্যয়নে আৰু হোম কামত সদাই নিযুক্ত থাকিব; আৰু ফল জল খাৱাইও পিত্ৰাদি উদ্দেশে যথা যোগ্য মতে শ্ৰাদ্ধ কৰিব।

 যেনে কুৱা প্ৰাণ বায়ুক আশ্ৰয় কৰি, সমুদাই প্ৰাণী জীবিত আছে। সেই ৰূপে গৃহস্থক আশ্ৰয় কৰি অন্যান্য অশ্ৰমী সকলে প্ৰানধৰিআছে, ন এই কাৰণে গৃহবাস ধৰ্ম্ম আন সকলো ধৰ্ম্ম তকৈ শ্ৰেষ্ঠ। যি লোকে পৰ- কালে স্বৰ্গ কামনা আৰু ইহ কালত সুখভোগ কৰিবলৈ ইচ্ছা কৰে, তেওঁ [ ৩০ ] অতি যত্নেৰে গৃহস্থ ধৰ্ম্ম প্ৰতিপালন কৰিব লাগে। দুৰ্ব্বলেন্দিয় লোকে ইন্দ্ৰিয় বোৰক নিয়মে নেৰাখিলে এই পবিত্ৰ গৃহবাস ধৰ্ম্ম প্ৰতিপালন কৰা কঠিন।

 ঋষি সকল; পিতৃ সকল, দেৱতা সকল, এওঁলোক এটাইয়ে গৃহ লোকক আশা কৰি থাকে। এতেকে এওঁলোকৰ প্ৰতি একান্ত মনে কৰ্ত্তব্য কৰ্ম্ম বোৰ পালন কৰাই গৃহস্থৰ উচিত কৰ্ম্ম। অন্যান্য ধৰ্ম্মতকৈ গৃহস্থৰ পক্ষে অতিথি সেবাই প্ৰধান ধৰ্ম। যেনে;—

ন বৈ স্বয়ং তদশ্নীয়াদ তিথি অন্ন ভজয়েৎ।
ধনং যশস্যমায়ুষং স্বৰ্গ্যাঞ্চতিথি পূজলম্।।

(ইতি মনুঃ তৃঃ অঃ ১০৬ ।।)

 অতিথি প্ৰসন্ন কৰাৰ বলেৰেই গৃহী লোকে ধন, যশ, আয়ুঃ আৰু স্বৰ্গ লাভ কৰে। সকলো অতিথিকে সমান ব্যৱহাৰ কৰা অনুচিত। অৱস্থা নুযায়ী অতিথিক তাৰতম্য কৰিব। অৰ্থাৎ উত্তম অতিথিক উত্তম ৰূপে, হীনক হীন ৰূপে আৰু সমানক সমভাবে ব্যবহাৰ আৰু শুশ্ৰূষা কৰিব লাগে। ব্ৰাহ্মনে তলৰ তিনি বৰ্ণৰ লোকৰ অতিথি গণ্য ন কৰিব। তথাপি অভ্য়াগত হলে দয়া কৰি খাব শুব দিয়া উচিত। বন্ধু জাতি আৰু গুৰু এওলোকেও অতিথি গণ্য ন হয়। লোক অভ্যাগত হলে, যথাসাধ্য শুশ্ৰূষা কৰা স্বাভাবিক ধৰ্ম্ম। অতিথিক নদিয়াকৈ গৃহস্থ লোকে আগে খোবা অনুচিত, কিন্তু নতুনকৈ বিয়া কৰি অনাস্ত্ৰী, বোৱাৰী বা দুহিতা, লৰা, ৰোগী আৰু গৰ্ভবতী বোৰক অতিথিৰ আগে খুওবাক কোনো দোষ নাই।

যেনে,—

সুবাসিণীঃ কমাৰাংশ্চ ৰগিনো গৰ্ভিনীস্তথা।
অতিথিভ্য়োহগ্ৰ এধৈতান ভোজয়েদ বিচাৰয়ণ।।

(ইতি মনুঃ তৃঃ অঃ ১১০ ।।

) [ ৩১ ]


 যি লোকে অতিথি আরু উল্লিখিত সুবাসিণী আদিক নু খুওবাকৈ আগয়ে নিজে ভোজন কৰে, সি মৰিলে তাৰ দেহ শিয়াল-কুকুৰে খায়। এতেকে গৃহস্তই সৰ্ব্ব শেষে ভোজন করিব। যি লোকে কেবল নিজৰ উদ্দেশে অন্ন রান্ধে সি সেই অন্ন পাপ ভোজন কৰে। যেনেং;-

ভুঞ্জতে তেত্বদ্য়ং পাপাঃ যে পচ্য্ন্ত্য়াত্ম কারণাৎ॥

(ইতি গীতা ৩য় অধ্যায়)

 অতিথি ঘৰক আহিলে, সমাদৰে আহবান কৰি বিনয় মাতেৰে মাতি, যথা সাধ্য শুশ্ৰূষা কৰি, সন্তোষ দিব। যদি তাকে নকৰি অতিথিক বেজাৰ দি ও ভতায়; তেন্তে সেই অতিথিয়ে গৃহস্থৰ সমস্ত পুণ্য গ্ৰহণ কৰি, তাৰ সমস্ত পাপ গৃহস্থক দি যায়। যেনেং;-

অতিথিৰ্যস্য় ভগ্নাশৌ গৃহাৎ প্ৰতি নিবৰ্ত্ততে।
সতম্মৈ দুষ্কৃতং দত্যা পুণ্যমাদায় গচ্ছতি॥

ত্ৰয়োদশ অধ্যায়।

শ্ৰাদ্ধ কালে ব্ৰাহ্মণ শুশ্ৰূূষা
আৰু যোগাযোগ্য বিচাৰ।

 পিতৃ লোকৰ মাহ আৰু বছৰৰ মুৰতযিশ্ৰাদ্ধ কৰাৰ নিয়ম আছে,তাক নিৰামিষ হৈ ৰত্ন পূৰ্ব্বক সম্পাদন কৰিবলৈ লাগে।

 দেব কাৰ্য্য়ে দুই আৰু পিতৃ কামে তিন জন কিম্বা অপাৰ্থক পক্ষে উভয় কাৰ্য্য়ে এক এক জন ব্ব্ৰাহ্মণ ভোজন কৰা বলৈ লাগে। ধনী লোক [ ৩২ ] হলেও ইয়াতকৈ বেচি ব্ৰাহ্মণ ভোজন কৰোৱা উচিত নহয়। কিয়নো ব্ৰাহ্মণ বেচি হলে তোওঁ লোকৰ সেৱা শুশ্ৰুষা আরু যোগ্য়াযোগ্য বিচাৰ কৰাৰ নিয়ম নেথাকে; এই হেঁতুকে কাৰ্য্য়ে ব্ৰাহ্মণ বেচি কৰা অনুচিত।

 মাহিলি শ্ৰাদ্ধ প্ৰতি অমাৱস্যায় আরু বছৰেকীয়া শ্ৰদ্ধা মৃত্যু মাহ তিথি মিলাত কৰিলে, পিতৃলোকৰ উপকাৰ হয়। যি লোকে এই পিতৃ কাৰ্য্য যথা সময়ে নিয়মিত রূপে কৰি থাকে, তেঁওৰ ধন ধান্যাদি সম্পদ লাভ হয় |

 পূজ্যত্তম বেদাধ্যায়ী ব্ৰাহ্মণক দেৱ পিতৃ সম্বন্ধীয় হব্যকব্যাদি অন্নবোৰ প্ৰদান কৰা দাতা সকলৰ কৰ্ত্তব্য। তেনেকুৱা ব্ৰাহ্মণক দান কৰিলে মহা ফল জন্মে।

 দেৱ-পিতৃ কাৰ্য্য়ে এটি বেদজ্ঞ ব্ৰাহ্মণক ভোজন কৰালেই সম্পূৰ্ণ ফল লাভ হব। বেদ ন জনা এক লক্ষ ব্ৰাহ্মণক ভোজন কৰালেও একো ফল ন হব।

 যি ব্ৰাহ্মণৰ উপৰী পুরুষ সকল বেদজ্ঞ আছিল, তেনেকুৱা ব্ৰাহ্মণ বিচাৰ কৰি লোৱা উচিত। তেনে ব্ৰাহ্মণক দান কৰিলে, অতিথি সেৱার নিচিনা মহা ফল পোয়া যায়॥

 শোণিত লগা হাত যেনে শোণিতেৰে ধুলে কেতিয়াও নিকা নহয় , তেনেকুৱা মূৰ্খ জ্ঞানহীন পাপী ব্ৰাহ্মণ লোকক ভোজন কৰালেও পাপীৰ পাপ দূৰ নহয়। এতেকে অতিশয় জ্ঞানী বেদজ্ঞ ব্ৰাহ্মণকেই হব্য কব্য় প্ৰদান কৰা উচিত।

 শ্ৰাদ্ধৰ কাৰ্য্য়ত শত্ৰু - মিত্ৰ উভয় ব্ৰাহ্মণকে নিমন্ত্ৰ কৰা উচিত নহয়। শত্ৰু ও নহয় মিত্ৰ ও নহয় তেনেকুৱা ব্ৰাহ্মণক শ্ৰাদ্ধত ভোজন কৰোৱা কৰ্ত্তব্য় |প্ৰায় শ্ৰাদ্ধাদিত কেৱল মিত্ৰ সকলে মাথোন ভোজন কৰে তেনে [ ৩৩ ] সেই কামত একো ফল নাই। আৰু সি কেতিয়াও স্বৰ্গ লাভয় অধিকারী নহয়। যেনে;-

যঃ সঙ্গতানি কুৰুতে মহা শ্ৰাদ্ধেন মানবঃ।
স স্বৰ্গচ্চ্যবতে লোকাচ্ছাদ্ধামিত্ৰো দ্বিজাধমঃ॥

( ইতি মনুঃ তৃঃ অঃ ১৪০॥ )

 ব্ৰাহ্মণক নিয়ম পূৰ্ব্বক দক্ষিণা দান কৰিলে দাতা আৰু দান গ্ৰহণকারী এই দুইও জনে ইহ পর উভয় লোকে ফল লাভ করে। শ্ৰাদ্ধে স্থল বিশেষে মিত্ৰকেই, ভোজন করাবলৈ পারে কিন্তু শত্ৰু যদি অতি বিদ্বানো হয় তথাপি তাক ভোজন করোৱা উচিত নহয়। শত্ৰুলোকে শ্ৰাদ্ধীয় দ্ৰব্য ভোজন কৰিলে, পৰ লোকৰ পক্ষে একেবাৰেই নিষ্ফল। যেনে;-

কামঃ শ্ৰাৰ্দ্ধে হয়েৰ্চ্চান্মত্ৰং নাভিৰূপ মপিত্বৰিম্।
দ্বিষতাহি হৰিৰ্ভুক্তং ভবতি প্ৰেত্যনিষ্ফলম॥

( ইতি মনুঃ তৃঃ অঃ ১৪৪।)

 বেদ পারগ ঋগ্বেদী শাখাধ্যায়ী যজুৰ্ব্বেদী কিম্বা সমাপ্তাধ্যায়ী সাম্ বেদী , এই তিনি ব্ৰাহ্মণর একজনও যাৰ শ্ৰাদ্ধত সম্মানিত হৈ ভোজন করে; তাৰ পিত্ৰাদি সপ্তম পুরুষৰ চিৰস্থায়িনী তৃপ্তি লাভ হয়। এনেকুৱা ব্ৰাহ্মণৰ যদি নেপায়, তেন্তে মাতামহ, মামা, ভাগিন, শসুৰ, গুরু, কন্যাৰ পুত্ৰ, জামাতা, বন্ধু পুৰোহিত, শিষ্যাদিকেই ভোজন কৰাব।

 যি ব্ৰাহ্মণে চুৰ কৰে, যি জন পতিত, ক্লীব, নাস্তিক ধৰ্ম্মাৱলম্বী , বেদাধ্যায়ন নকরে; চৰ্ম্ম রোগী, দ্য়ুতক্ৰীড়া করে, বহুযাজক্ বেজালি, করে, প্ৰতিমা পৰিচাৰক মাংস বেচে বানিজ্য করে জীবিকা নিৰ্ব্বাহ করে, গাঁওৰ বা রজার চাকৰী করে, কুনখি, যাৰ দাঁত ৰোয় কলা, [ ৩৪ ] ( গুরুর অবাধ্য, যক্ষ্মারোগী, প্ৰবৰ্ত্তন কারণে গরু আরু ছাগলী রখিয়া হয়। পঞ্চযজ্ঞ নকরে, ব্ৰাহ্মণক হিংসা করে, ভাৱনা নৰ্ত্তন (গান) বৃত্তিৰে প্ৰতিপালিত হয়; আগে ব্ৰহ্মচারী বা সন্ন্যাস ধৰ্ম্মধরি, পিছত স্ত্ৰী-সম্পৰ্ক দ্বারাই ব্ৰহ্মচৰ্য্য় নষ্ট করে, যি সবৰ্ণা বিয়া করা নাই, যার স্ত্ৰীৰ উপপতি আছে, যি টকালৈ বেদ শিকায় সেই অধ্যাপক, নিজর শিষ্য, যি শূদ্ৰক পঢ়ায়, যি যোনে নিয়মরমীয়াল আরু কঠুবা কথা কয়; যি জন যাজক, অকারণে মাক বাপেক আরু গুরুক- পরিত্যাগ কৰিছে, যি ব্ৰাহ্মণে পতিত লোক সহিতে পঢ়ে, আরু কন্যা দানাদি সম্বন্ধি লোকে সহিতে মিলিছে; যি জনে ঘর পুরিছে যি জনে মানুহ মারিবলৈ বিষ দিয়ে আরু সমুদ্ৰ যাত্ৰা করে, যি জনে বাপেকর লগত বিবাদ করে, আনৰ দ্বাৰাই ধন দি জুৱা খেলায়, মদ খায়, অপবাদ যুক্ত লুকাই অধৰ্ম্ম করে, ধনু শৰাদি সাজে, ডাঙ্গর ভনীক বিয়া নিদিয়াকৈ সরু ভনীক দিয়ে আরু তেনেকুৱা বিয়ারপতি, মিত্ৰদ্ৰোহী, যাৰ অঙ্গহানী আরু অঙ্গবিকৃতি, যার গলত মালাৰ নিচিনা রেখা থাকে, যার ৱগা কুষ্ঠ আছে, যি জন দুষ্ট, কামুক আরু বেদশাস্ত্ৰ নিন্দা করে, যি জনে গৰরু, ঘোরা, হাতী, উট প্ৰভৃতি শিকায়, যি জনে নক্ষত্ৰাদি গণণা করি জীবিকা করে, যুদ্ধ শিখায় আরু করে যি সেতু আরু বান্ধ, বান্ধি পানীর সোত আন পিনে নিয়ে বা বন্ধ করে, যি জনে ঠিকা কাম আরু দূতর কাম করে, বেশ্যা স্ত্ৰী গমন করে, শূদ্ৰ সেৱায় দ্বারা জীবিকা নিৰ্ব্বাহ করে, অনেক জাতির যাজক, আচার হীন, ধৰ্ম্ম কামত উৎসাহ নকরে, ব্যাধি হৈ যার ভরি ডাঙ্গর হৈছে, নিজে কৃষি করি জীবিকা নিৰ্ব্বাহ করে, যি জনে শ্মাশনর কাম করে আরু যি বিধবা বা সধবা পুনঃ বিয়া করে এই বোর, ব্ৰাহ্মণক জ্ঞানী লোকে কেতিয়াও দেৱ আর পিতৃ কাৰ্য্য়ে হব্য়কব্য়

আরু দানাদি নিদিব দিলে কোনো ফল নাই। পাপ হে হয়। [ ৩৫ ]

যেনো;-(মনুঃ তৃঃ অধ্যায়ৰ ১৫০ পৰা ১৬৬ শ্লোক পৰ্যন্ত ছোৰা)।

চতুৰ্দ্দশ অধ্যায়।

শ্ৰাদ্ধৰ নিয়ম আৰু ঠাই নিৰূপণ

আৰু পিতৃলোকৰ নাম।

 শ্ৰাদ্ধ কৰ্ম্ম উপস্থিত হলে তাৰ আগৰ দিনে নাইবা শ্ৰাদ্ধ দিনে, কম পক্ষে অন্ততঃ তিনি জন যোগ্য ব্ৰাহ্মণক যথোচিত সম্মানেৰে নিমন্ত্ৰণ কৰিব লাগে। ব্ৰাহ্মণ শ্ৰাদ্ধত নিমন্ত্ৰিত হলে, সেই দিনৰ পৰা শ্ৰাদ্ধ হোৱা ৰাতি স্ত্ৰী গমনাদি পৰিত্যাগ কৰি পবিত্ৰ ভাবে থাকিব আৰু সন্ধ্যাদিত বাহিৰে বেদাদি শাস্ত্ৰ পাঠ কৰিব নেলাগে। নিমন্ত্ৰণ কৰা ব্ৰাহ্মণৰ শৰীৰ ত পিতৃ সকল অদৃশ্য ৰূপে অনুপ্ৰবেশ কৰে। আৰু তেওঁ লোক বহিলেও পিতৃলোকো বহে। দেৱ পিতৃ কামত উচিত নিয়মে নিমন্ত্ৰিত হৈও ব্ৰাহ্মণ যদি ব্ৰহ্মচৰ্য্য় আৰু শ্ৰাদ্ধ ভোজনাদি নিয়ম পালন নকৰে, তেন্তে সেই পাপে তাৰ শুকৰ যোনী প্ৰাপ্তি হয়। যি ব্ৰাহ্মণ শ্ৰাদ্ধলৈ নিমন্ত্ৰিত হৈ স্ত্ৰী সম্ভোগাদি কৰে, শ্ৰাদ্ধ কৰ্ত্তাৰ যি পাপ থাকে, সমস্ত তাৰ গাত সোমায় গৈ।

 পিতৃ সকল অতিশয় শান্ত আৰু শুচি আৰু সদাই ব্ৰহ্মচাৰী ভাবে থাকে। তেঁও লোক উদাৰ গুণ বিশিষ্ট মহাত্মা আৰু তেঁও লোক দেৱতা সকলৰো উপৰি, সেই দেখি তেঁও লোকক উপাসনা কৰিব খুজিলে তেঁও লোকৰ নিচিনা হোৱা শ্ৰাদ্ধ কৰ্ত্তা আৰু কৰোতা দুইৰো আবশ্যক।

 ব্ৰাহ্মণ সোমপ, ক্ষত্ৰিয়ৰ হবিভুজ, বৈশ্যৰ আজাপ, আৰু শূদ্ৰৰ পিতৃ সকলৰ নাম সূকালিন্। ইয়াৰ ভিতৰত ভৃগু পুত্ৰ বোৰ সোমপ অঙ্গি[ ৩৬ ] বাৰ পুত্ৰ সকল হৰিৰ্ভুজ; পুলস্ত্যৰ সন্তান বোৰ আজাপ; আরু বশিষ্ঠৰ সন্তান সকল সুকালিন নামে বিখ্যাত। ওপৰত যি বোৰ প্ৰধান পিতৃ সকলৰ বিষয় কোৱাহল এই জগতত তেঁও লোকৰ পুত্ৰ পৌত্ৰাদি অনন্ত বংশ পৰম্পৰাকেও পিতৃ লোক বুলি জানিবা।

 পৰিচৰ্যাদি ঋষি সকলোৰ পৰা পিতৃ লোক হৈছে; পিতৃ লোকৰ পৰা দেৱদানব, আৰু দেৱতা সকলৰ পৰাই এই চৰাচৰ জগত 'অনুক্ৰমে উৎপন্ন হৈছে।

 পিতৃ লোকক রূপৰ পাত্ৰত কিম্বা ৰৌপ্য মিহলি থকা তাম্ৰাদি পাত্ৰত শ্ৰদ্ধাৰে জল দান কৰিলে, তেঁও লোকৰ অতিশয় তৃপ্তি হয়।

 দেৱকাৰ্যাপেক্ষা পিতৃ কাৰ্য্য় অতি যত্ন পূৰ্ব্বক কৰিব লাগে। কেবল পিতৃ কাৰ্য্যৰ সহায়ৰ কাৰণে হে দেৱকাৰ্য্য বিশ্বদেব আবাহনাদি কৰা যায়। তাকে ন কৰিলে ৰাক্ষস বোৰে শ্ৰাদ্ধ নষ্ট কৰে। এই কাৰণে শ্ৰাদ্ধ কাৰ্য্য়ৰ পূৰ্বে্বই দেবকাৰ্য কৰা কৰ্ত্তব্য।

 শ্ৰাদ্ধ কামৰ নিমিত্তে হাড়, এঙ্গাৰাদি নথকা শুচি আৰু নিৰ্জন ঠাইলৈ, তাক গোবৰ দ্বাৰা লেপন কৰিব লাগে। সেই ঠাই খন যদি আগয়ে দক্ষিণ দিকে ক্ৰমে এণ্ঢলীয়া ন হয়; তেন্তে কোদালেৰে খানি এণ্ঢলীয়া কৰিলব। শুচি অনাবৃত ঠাইত নদীৰ পাৰত আরু নিৰ্জনত শ্ৰাদ্ধৰ ঠাই কৰিলে পিতৃ সকল সন্তুষ্ট হয়। সেই ঠাইত কুশযুক্ত ভিন্ন ২ আসন পাতি নিমন্ত্ৰিত ব্ৰাহ্মণ সকলে স্নানাচমন কৰিলে একে একে প্ৰত্যেককে বহুৱাব। দেৱ ব্ৰাহ্মণৰ আসনত পুৰ্ব্বাগ্ৰ দুইকুশ, আরু পিতৃ ব্ৰাহ্মণৰ দক্ষিণাৰ্গ এককুশ প্ৰদান কৰিব। পিছে গন্ধ মালা ধুপ দীপাদিবে দেৱ ব্ৰাহ্মণক আগে আরু পিতৃ ব্ৰাক্ষ্মণক পিছে পূজা কৰিব। পিছে ব্ৰাহ্মণক কুশ আরু তিল মিহলি অৰ্ঘ্যজল দান কৰি, সকলোৰে আজ্ঞা লৈ বক্ষমান ৰীতিক্ৰমে অগ্নিত হোম কৰিব। যদি নিজে অগ্নি . [ ৩৭ ] আৰাধনা করিবলৈ নেজানে, তেন্তে ব্ৰাহ্মণৰ হাতেৰেই উক্ত আহুতি তিনটী প্ৰদান কৰিব। কিয়নো অগ্নি আৰু ব্ৰাহ্মণ উভয়ে সমান। পূজাদি যিমান যি কৰা যায় সমস্ত দক্ষিণ মুখহৈ কবি। দক্ষিণ হাতেৰে পিণ্ডৰ আধাৰ থকা মাটিত জলদান কৰিব লাগে। অগ্নিত আহুতি প্ৰদান কৰি হুতাব শিষ্ঠ দ্ৰব্য সকল লগ কৰি, তিনটি পিণ্ড প্ৰস্তুত ক্ৰমে দক্ষিণ মুখে একান্ত মনে দক্ষিণ হাতৰ পিতৃ তীৰ্থেৰে সেই কুশৰ ওপৰে প্ৰদান কৰিব। আদেশ মতে যত্ন পূৰ্ব্বক কুশ আরু পিণ্ডা ধাবৰ উপৰ পিণ্ড দান কৰি, লেপভুক (ভূকত খোৱা) বুদ্ধ প্ৰপিতা মহাদি উৰ্দ্ধ তিনি পুৰুষৰ তৃপ্তিৰ জন্যে সেই পিণ্ডাধাৰৰ গোবত হস্ত ঘৰ্ষণ কৰিব। তাৰ পিছে উত্তৰ মুখ হৈ আচমন কৰি অন্তৰৰ বায়ুৰোধ পূৰ্ব্বক "বসস্থায় নমস্তভ্যং" ইত্যাদি মন্ত্ৰেৰে ছয় ঋতুক নমস্কাৰ কৰিব। আৰু “নমেবঃ পিতৰঃ” ইত্যাদি মন্ত্ৰেৰে দক্ষিণ মুখে পিত্ৰাদিকো নমস্কাৰ কৰিব। জল পাত্ৰত থকা শেষ জল, প্ৰত্যেক পিণ্ডৰ গুৰিত ক্ৰমে ক্ৰমে উচৰ্গ কৰিব, আরু যি ৰূপে ক্ৰমান্বয়ে পিণ্ড দিয়া হৈছে, একান্ত মনে সেই রূপে ক্ৰমে ক্ৰমে প্ৰত্যেক পিণ্ডৰেই আঘ্ৰাণ লৱ। তাৰ পিছে প্ৰতি পিণ্ডৰে পৰা অলপ্ অলপকৈ লৈ আসনত বহি থকা ব্ৰাহ্মণক আগে ভোজন কৰাব। পিতা বৰ্ত্তমাণে পিতামহাদি তিনি পুরুষৰ শ্ৰাদ্ধ কৰিব তাৰ পিছে ব্ৰাহ্মণ সকলৰ হাতে পিণ্ডাধাৰ আৰু তিল জল দি পূৰ্বে্ব কোৱা পিণ্ডাগ্ৰা বিলাক “প্ৰিত্ৰোস্বধান্তঃ” ইত্যাদি বুলি সম্পূৰ্ণ কৰিব।


[ ৩৮ ]

পিছে অন্নপূৰ্ণ পাত্ৰ আৰু অন্যান্য ফল-মূল-দ্ৰব্যাদি নিজে দুইও হাতে লৈ, পৰিবেশনাৰ্থ ভাগ ভাগ কৰি ব্ৰাহ্মণ সকলৰ গুৰিত ৰাখিব। এই সময় চকুলো পেলাব, খং কৰিব, মিছা কথা কব নেলাগে আরু উক্ত বস্তু বোৰ ভৰিৰে স্পৰ্শ কিম্বা সিচৰাই পেলাবও নেলাগে।

 ব্ৰাহ্মণ ভোজন কৰোৱা সময় পৰমাত্মা বিষয় আলাপ আরু শ্ৰাদ্ধ সময়ে ব্ৰাহ্মণ সকলক বেদ ধৰ্ম্মাদি শুনাব লাগে।• লাহে লাহে ভোজন কৰায় আৰু অন্নাদিৰ গুণ বৰ্ণাই ব্ৰাহ্মণ বিলাকক সেই বোৰ বস্তু ভোজন কৰিবলৈ অনুৰোধ কৰিব লাগে।

 শ্ৰাদ্ধ সময়ে নেপালী কম্বল, কন্যাৰ পুত্ৰ আৰু তিল এই তিনটি বস্তু অতি পবিত্ৰ।

 শৌছ, খং, কাম এই তিনটি লৰা লৰিকৈ নকৰি, শান্ত ভাবে লাহে লাহে কৰা উচিত, মূৰ কাপোৰেৰ ঢাকি, খড়ম পিন্ধি আরু দক্ষিণ মুখ হৈ ভোজন কৰিব নেলাগে। ই ৰাক্ষসৰ লক্ষণ।

যেনে;—যদ্বেষ্টিতশিবা ভূঙ্ ক্তে যদ্ভুঙ্ ক্তে দক্ষিণামুখ:।
সোপানৎ কশ্বযদ্ভুঙক্তে তদ্বৈ ৱস্কাৎসিভূঞ্জতে॥ ২৩৮ ॥

(ইতিঃ মনুঃ তৃতীয় অধ্যায়)

 হোমে, দান, কাৰ্য্যে, ভোজন সময়ে, পিতৃশ্ৰাদ্ধে আরু দেৱ কাৰ্য্য়ে চাণ্ডাল, কুকুৰ, কুকুৰা, শুকৰ, ৰজস্বলা স্ত্ৰী, আরু ক্লীব এই বিলাকে দেখিলে, সেই সেই কামৰ ফল নহয়। এতেকে শ্ৰাদ্ধৰ ব্ৰাহ্মণ ভোজন কালে যেন এই বোৰক ব্ৰাহ্মণ সকলে দেখা নেপায়, তাৰ যত্নত থাকিব। উক্ত কাৰ্য্য়াদিতে উক্ত লিখিত প্ৰাণী বোৰক


[ ৩৯ ] কেতিয়াও ওচৰলৈ আহিবলৈ নিদিব। আকৌ কনা খোৰা হীনাঙ্গ

আধিকাঙ্গ লোক যদি শ্ৰাদ্ধ কৰ্ত্তাৰ আত্মীয়ও হয় তথাপি ইহঁতক শ্ৰাদ্ধৰ ঠাইৰ পৰা নিলগাব লাগে। শ্ৰাদ্ধ কালে ব্ৰাক্ষ্মণ ভোজনৰ উচ্ছিষ্ট অন্ন আৰু বস্তু বোৰ ভাল ঠাইত পেলাই লাগে।

 শ্ৰাদ্ধ কৰি সেই দিৱাৰাত্ৰি স্ত্ৰী সম্ভোগ কৰিব নেপায়। কৰিলেও নিজৰ মহাপাপ হয় আরু পিতৃলোক এক মাহ বিষ্ঠাত শুই থাকে।

যেনে;-শ্ৰাদ্ধভুগ্, বৃষলীতল্লং তদৰ্বোহধি গচ্ছতি।
তস্যাঃ পুৰিষে তম্মাসং পিতৰতস্য শেৰতে॥ ২৫০॥

ইতি মনুঃ ৩ঃ অঃ)

 নিমন্ত্ৰিত ব্ৰাহ্মণ সকলক যথা যোগ্য মতে শুশ্ৰুষা কৰি দি, নিজে শুচি হৈ একান্ত মনে মৌনাবলম্বী হৈ, দক্ষিণ পিনে চাই চাই তলত লিখা বোৰ প্ৰাৰ্থনা কৰিব। যেনে; হে পিতৃ সকল! আমা লোকৰ কুলত যেন দানী লোকৰ সংখ্যা বেচি হয়; অধ্যায়ন অধ্যাপনাদিৰ দ্বাৰা যেন বেদ শাস্ত্ৰৰ সদাই আলোচনা হৈ থাকে। আৰু যেন বংশ বৃদ্ধি হয় ইত্যাদি। এই ৰূপ প্ৰাৰ্থনা শেষ হৈ গলে, পিণ্ড বিলাক গৰু ছাগলীৰে খুৱাব কিম্বা অগ্নিত পুৰিব, নাইবা পানীত পেলাই দিব। পিছে হাতধুই আচমন কৰি জাতি সকলক ভোজন কৰাৰ জ্ঞাতি সকলৰ হৈ গলে, মাতৃ পক্ষৰ ব্ৰাক্ষ্মণ আরু অন্য়ান্য় লোকক খুৱাব | এই ভোজন কাজ শেষ হৈ গলে দেশাচাৰ মতে অন্য়ান্য় নাম-কীৰ্ত্তনাদি আরু দৈনিক কাম কৰি থাকিব। [ ৪০ ] কৰ্ত্তব্য়; ইয়াৰে পিতৃলোক অক্ষয় তৃপ্তি পায়। শ্ৰাদ্ধ কাৰ্য্য় যুগ্ম তিথিত কৰা মহাফলন শ্ৰাদ্ধৰ সমুদায়ী কাম কুশ হয়ে পিতৃ তীৰ্থেৰে সমাপন কৰিব লাগে।

 ৰাতি উভয় সন্ধ্যা সময়, আরু সূৰ্যোদয় কালেৰ শ্ৰাদ্ধ কাৰ্য্য কৰাৰ নিয়ম নাই। বছৰ বছৰ হেমন্ত, বৰ্ষা আৰু গ্ৰীষ্মকালে শ্ৰাদ্ধ কৰিলে অনান্য ঋতুকৈ বেছি ফল হয়।

পঞ্চদশ অধ্যায়।

নীতি কথা,পাপ পূণ্যর বিচার
আৰু দান গ্ৰহণ বিধি।

 উদয় আৰু অন্ত এই উভয় সময়ে সূৰ্য্য দৰ্শন কৰিবলৈ নেপায়। সেই ৰূপে গ্ৰহণৰ সময় পানীত প্ৰতিবিম্ব আৰু আকাশৰ ঠিক মাজ ঠাইৰ সূৰ্য্যকো দেখিব নেপায়।

 দামুৰি বান্ধি ৰখা জৰী চেৰাব নে লাগে। বৰষুণৰ সময় লৰি যাৰ আর পানীত নিজৰ মূৰ্ত্তি দেখিব নেপায়।

 মাটিৰ টিলা (ভেঁটি। গরু, দেবমূৰ্ত্তি, ব্ৰাহ্মণ, ঘিউ, মৌ, চাৰি আলিৰ মুৰ আরু অতিশয় ডাঙ্গৰ গছ, এই বিলাকক দক্ষিণ পিণে ৰাখি যাত্ৰা কৰিব লাগে।

 ভাৰ্য্যাৰ লগত একেলগে বহি ভোজন কৰিব নেলাগে, মাকে ভোজন কৰাত হাঁহিৰ খুৰাতে হামিয়াত নিজ- ইচ্ছায় অসাৱধান হৈ খহি থকাত, চকুত, কজল দিৱ ধৰাত, খালীগায়ে তেল দিব ধৰাত আৰু সন্তান প্ৰসব কৰাৰ সময় ভাৰ্য্য়াক দেখিব নেপায়। [ ৪১ ]  এক বস্ত্ৰে ভোজন কৰিব নেপায়, নাঙ্গঠ হৈ গা নুধুব। বাটত ছাইৰ ওপৰত আৰু গৰুচৰা পথাৰত খেতিৰ নিমিত্তে চাহ কৰা মাটিত, পানীত, মৰি শালিত, পৰ্ব্বতত, দেৱতাৰ ঘৰত, উইচিলাত, প্ৰাণী থকা গাঁতত, বুলি যওঁতে ২ থিয়ৈ থিয়ৈ, আরু নদীৰ পাৰত মল-মূত্ৰ ত্যাগ নকৰিব। আকৌ বায়ু অগ্নি ব্ৰাহ্মণ, পানী আরু গরু এই বোৰ আগত দেখি ২ কেতিয়াও মল মূত্ৰ ত্যাগ নকৰিব। কাঠ, দলি চপৰা পাত বা তৃণাদিৰে মাটি ঢাকি, আরু কাপোৰেৰে মুৰ গা আচ্চাদন কৰি নীৰবে বহি শৌচাচাৰ কৰিব লাগে।

 দিনত আৰু উভয় সন্ধ্যা সময়ে উত্তৰ মুখে আৰু ৰাতিত দক্ষিণ মুখে বহি মল মুত্ৰ ত্যাগ কৰিব। এন্ধাৰৰ নিমিত্তে কিম্বা মেঘৰ ছায়াৰ বাবে দিকবিদিক জ্ঞান নোহোৱা হলে, আকৌ পীড়িত নাই বা ভয়ৰ কোনো কাৰণ উপস্থিত হলে, যি মুখেই হওক মল মুত্ৰ ত্যাগ কৰিলে দোষ নাই।

 মুখেৰে ফুদি জুই ধৰিব আৰু পত্নীক উলঙ্গাবস্থায় দেখিব নেলাগে। জুইত অপবিত্ৰ বস্তু পেলাব, ভৰি সেকিব শুৱা খাট্ বা চাদৰ তলত্ ভাৰ পিচনত ৰাখিব আৰু অগ্নি চেৰাবৰ ও নেলাগে।

 সন্ধ্যা সময়ত খাব, শুব আৰু ফুৰিব নেপায়। দিনত খোৱাত অতি তৃপ্তি হলে আকৌ ৰাতি খাব নেলাগে। দীঘল মাৰিৰে মাটি খান্দিব আৰু নিজৰ পিন্ধা মালা-মণি নিজে খহাব নেপায়।

 পানীত মল মূত্ৰ আরু তদ্ লিপ্ত কাপোৰ থোৱা,কিম্বা ৰিখ আরু তেজ পেলাব নালাগে।

 শূন্য় ঘৰত অকলে শুব,মানী লোকক টোপনিৰ পৰা উঠাব ,ৰজস্বলাৰ সহিতে আলাপ কৰিব নেপায় আৰু যাচি (অনিমন্ত্ৰিত) যজ্ঞলৈ নেযাব। [ ৪২ ] ( ৪২ ) যত বহুত অধৰ্ম্মী দুষ্ট মানুহ থাকে, সদাই ৰোগ হয়,আৰু চান্ডালাদি অন্ত্যজাতি থকা ঠাইত বসতি নকৰিব। আকৌ অকলে বেচি দূৰৈ বাটকো নেযাব। আজলিৰে পানী কিম্বা উৰুৰ ওপৰত ৰাখি কোনো বস্তু খোৱা আৰু অকথাতে আনন্দিত হোবা অনুচিত। সেইৰূপে অশাস্ত্ৰীয় নাচ গান আৰু নিজৰ গাত কিম্বা কাঠ আদিত বাদ্য কৰা, কাষলতি বজোৱা, দাঁতে দাঁতে লগাই শব্দ কৰা বেয়া। আৰু গাধৰ নিচিনা মাতিবও নেলাগে। কাহৰ পাত্ৰত ভৰি লগাব আৰু ভঙ্গা নাইবা বিঘ্নৰ সন্দেহ থকা সাজত ভোজন কৰিবও নেলাগে। এইৰূপে আনৰ চৰ্ম্ম পাদুকা, কাপোৰ, লগুণ, অলঙ্কাৰ, মালা আৰু কমন্ডলু এই বোৰ ব্যৱহাৰ কৰিবও নেলাগে। টেঙ্গৰ আৰু অশিক্ষিত ক্ষুধাৰ্ত, ৰোগী, শিংভঙ্গা, কনা, খুৰা ভঙ্গা লেজ ছিগা ঘোঁৰা হাতী প্ৰভৃতিত উঠিব নেলাগে। পুৱাৰ ৰদ, চিতাৰ ধোৱা আৰু ভঙ্গা আসন বৰ্জন কৰিব। নিজক নিজে নখ, লোম উঠাব, নখেৰে তৃণ ছিগিব আৰু নিস্ফল অৰ্থাৎ ভবিষ্যতৰ অমঙ্গল হোৱাৰ সম্ভৱ থকা কাম কৰিব নেলাগে। সূৰ্য অস্ত গলে তিল সম্বন্ধীয় কোনো বস্তু ভোজন কৰিব নেপায়। এই বোৰ কাম কৰিলে আয়ুক্ষয় হয়। লাঙ্গঠ হৈ আৰু তিতা ভৰিৰে শুৱ নেলাগে। খোৱা মুখে কথা, কব, চকুৰে দেখা নোপোৱা, আৰু দুৰ্গম ঠাইক যাব, পৰাপক্ষে নদীত সাঁতৰিব নেলাগে। মল মুত্ৰৰ পিনেও চাব নেপায়। + ভিতা ভৰিলে ভাত খালে আয়ু বৃদ্ধি হয় । [ ৪৩ ] (89) চুলি, ছাই, হাড়, খোলা কপাহৰ গুটি আৰু তুহ এই বোৰ বস্তুত উঠিলে আয়ুক্ষয় হয়। . দুই ও হাতৰে আপোনাৰ মুখ খজুৱা বেয়া। চুৱা মূখে মুড়, সাৰিব নেলাগে। আৰু মুড় তিয়াই হাতেৰে পিহি গা ধুব লাগে। গাধুই আকৌ গাত তেল ঘঁহা অনুচিত। শৱৰ গুৰত, অধাৰ্ম্মিকৰ গুৰিত, কন্দাকটা ঠাইত, অনেক লোক গোট খোৱা ঠাইত, খাই উঠি, বাতিয়াই, টেঙ্গা উগাৰ কৰি আৰু শৰীৰত তেজ ওলালে শাস্ত্ৰ পঢ়িব নেলাগে। ভোজনান্তে, পীড়িত অৱস্থায়, আৰু মাজনিশা অনেক কাপোৰ গাত লৈ গাধুব নেলাগে। পানীৰ কাৰণ ভাল কৈ জনা না থাকিলে সেই নদীত সুমিগা ধোৱা অনুচিত। দেব প্ৰতিমা পিত্ৰাদি গুৰুজন, ৰজা, স্নাতক ব্ৰাহ্মণ, কপিলা গাই আৰু ঈশ্বৰৰ ভক্ত, এওঁলোকৰ চায়া চেৰাই যাব নেলাগে। অধিক বয়সীয়া, ক্ষত্ৰিয়, সৰ্প, বেদজ্ঞ ব্ৰাহ্মণ আৰু দুৰ্ব্বল লোকক অপমান দিব নে লাগে। শ্ৰীলাভ দুৰ্লভ বুলি নে ভাবি, মৃত্যুকাল পৰ্য্য়ন্ত শ্ৰীবৃদ্ধিৰ চেষ্টা কৰিব। মিছা কথা নকব আৰু সচা কথাকো ভাল লগা কৈহে কব । . অঙ্গহীন, অধিকাঙ্গ, বিদ্যাহীন, বয়োধিক ৰূপহীন, নিৰ্ব্বলী আৰু নিৰ্ধমী এই সকলক নিজ নিজ হীনতাৰ উল্লেখ কৰি নিন্দা নকৰিব ।আৰু অশুচি হৈ হাতেৰে খাই,ব্ৰাহ্মণ,অগ্নি নুচুব ।শৰীৰে কিম্বা অশুচি অৱস্থায় আকাশৰ তাৰা দিও নেচাব । [ ৪৪ ] ( 88 ) সদাই অন্তৰে বাহিৰে শুচি থাকিব, জিতেন্দ্ৰিয় হব , এলাহ নকৰি সদাই শাস্ত্ৰাদি পাঠ কৰিব আৰু উদ্যোগী হব। সদাই বেদাভ্যাস, বাহ্য়াভ্যান্তৰ গুচি, ধৰ্ম্মালাপ, আৰু সৰ্ব্বজীবে মৈত্ৰীভাব এই কয়টি ব্ৰাহ্মণ সকলৰ পৰম ধৰ্ম্ম। ঘৰৰ ওচৰতে বিষ্ঠা মূত্ৰ ত্যাগ কৰা; ভৰি ধোৱা আৰু চুৱা পেলোৱা উচিত নহয়। অগ্নি ঘৰত ৰেতঃপাত কৰিব নে লাগে। শৌচাচাৰ, দেহসজ্জা, (অলঙ্কাৰাদি পিন্ধা কাজ ) স্নান, দাঁতধোৱা কাম, অঞ্জন লেপন আৰু ঈশ্বৰৰ সেৱাদি বেদাদিক কাম দিনৰ আগ বেলাতে কৰিব লাগে। আৰু শেষ ৰাতিও কৰাৰ বিধি আছে। সকল ধৰ্ম্মৰে মূল আচাৰ, এতেকে এই আচাৰ যত্নেৰে প্ৰতিপালন কৰিব লাগে। মানুহ সদাচাৰৰ পৰাই ইকালত দীৰ্ঘায়ু, মনোমত সন্তান-সন্ততি আৰু অক্ষয় ধন লাভ হয়। ইয়াৰে যদি কিবা কুলক্ষণ থাকে, সিও নষ্ট হয়। অনাচাৰী লোক, অধৰ্ম্মী, সমাজত নিন্দিত, দুঃখভোগী, ৰোগী আৰু অল্পাযু হয়। যি সদাচাৰী তেওঁ সকলো প্ৰকাৰ সুভলক্ষণ হীন হলেও এশ বছৰ জীয়াই থাকে। পৰৰ উপকাৰেই ধৰ্ম্ম, পৰৰ অপকাৰেই পাপ, আৰু স্বাধীনে সুখ, পৰাধীনে দুঃখ। পাপ-পুণ্য আৰু সুখ দুখৰ এই সংক্ষেপ লক্ষণ জানিবা। আৰু সদাহ মনত ৰাখিব লগীয়া। সঙ্গৰ বশবৰ্ত্তী হৈ ব্ৰাহ্মণৰ উপৰ মাৰি তুলিলেও সেই পাপে তাৰ এশ বছৰ নৰক ভোগ হয়। আন কি ব্ৰাহ্মণক তৃণাদিবে ও মাৰিব নে লাগে । ডাঙ্গৰ ভাইক পিতৃ তুল্য, আৰু আপনাৰ স্ত্ৰীক নিজৰ দেহৰ অভিন্ন বুলি জ্ঞান কৰিব লাগে। দাস-দাসীক আপোনাৰ ছায়াৰ নিচিনা বিবেচনা কৰিব আৰু আপোনাৰ কন্য়াক পৰম স্নেহৰ পাত্ৰ বুলি জানিব । এতেকে [ ৪৫ ] ________________

(৪৫)। ইহঁতৰ পৰা দুঃখিত বা অপমানিত হলেও খং নকৰি সহ্য় কৰিব লাগে। কোনো প্ৰকাৰে ইহঁতৰ সৈতে বিবাদ কৰিব নে লাগে। বি ব্ৰাহ্মণ ভণ্ড তপন্থী বা ৰকব্ৰতী নাইবা বেদানবিজ্ঞ তাক জল মাত্ৰও প্ৰদান কৰাজ্ঞানী লোকৰ অনুচিত। এনে দান কৰিলে দাতা আৰু গ্ৰহীতা উভয়ে পৰকালত বিপদগ্ৰস্ত হয়। ইয়াত দান কৰ্ত্তাৰ শিলৰ ভেলত উঠি নদী পাৰ হোৱাৰ ফল হয়। আনৰ ঘোৰা, শকট, শষ্যা আসন, নাদ বা খাল, ঘৰ-বাড়ী এই বোৰ হুকুম নলৈ ব্যবহাৰ কৰিব নেলাগে। কৰিলে গৰাকীৰ পাপৰ চতুৰ্থাংশ ভোগী হব লাগে। যম আক নিয়ম উভয়েইহে মুক্তি কৰিব পাৰে; অকলে হলে কোনোৱে নোবাবে। ভ্ৰণহত্যা কাৰীয়ে দেখা অন্ন, কেশ আৰু পোক, কীট আদি থকা অন্ন ইচ্ছা কৰি ভৰি লোগোৱা অন্ন, ৰজস্বলায়, কুকুৰে আৰু চৰাই বোৰে ঠোটেৰে লাৰা (চোৰা) অন্ন, গৰুৱে ঘ্ৰাণ লোৱা অন্ন, সাধাৰণৰ কাৰণ ৰন্ধা অন্ন, বেশ্যাৰ অন্ন, যোনে মিছা সাখী কয়, যি অকৃতজ্ঞ আৰু যাৰ স্ত্ৰীৰ উপপতি আছে। যি জনে স্ত্ৰীৰ বুদ্ধিত চলে, পণ্ডিত সকলে নিন্দা কৰা অন্ন, মহাপাতকীৰ, ক্লীবৰ ব্যভিচাৰিণীৰ অন্ন আৰু কাৰো খাই এৰা আকৌ ওপৰত হাঁচি পৰা অন্ন নেখাব। বাহী পায়স খোৱাও উচিত ন হয়। ওপৰত কোৱা অন্ন বোৰ নিজৰ চাল, হাড় আৰু লোম বুলি পৰিত্যাগ কৰিব। যদি

দয়া,ক্ষমা ঈশ্বৰচিন্তা,অহিংসা পৰৰ দ্ৰব্য় চুৰ নকৰা আদিক নাম যম আৰু স্নান উপবাস শাস্ত্ৰ পাঠ, আৰু পবিত্ৰ থকাকে নিয়ম বোলে । [ ৪৬ ] ________________

( ৪৬) নাজানি খায় ,তেন্তে তিনি। ৰাতি উপবাস কৰিব। কিন্তু জানি শুনি খালে এক প্ৰজাপত্য ব্ৰত কৰিব লাগিব। বেতস, বিষ্ঠা আৰু মূত্ৰ খালে ও এই প্ৰায়শ্চিত্ত জানিবা। হোতেলৰ অন্ন খালেও পুৰ্ব্বে কোৱা পূণ্য নষ্ট হয়। দান কৰি গৰ্ব্ব কিম্বা পৰৰ আগত প্ৰকাশ কৰিলে দানৰ ফল নষ্ট হয়। পৰকালত সহায় কৰিবলৈ পিতৃ মাতৃ, স্ত্ৰী পুত্ৰ আৰু জাতি আদি বন্ধু কোনেও সঙ্গত নেথাকে; কেৱল ধৰ্ম্মইহে সেই ঠাইৰ সহায়। জীব অকলে ওপজে, অকলে লয় পায়; আৰু অকলেই নিজৰ ভাল বেয়া কামৰ ফল ভোগ কৰে। এক খণ্ড কাঠৰ নিচিনা মৃত্যু দেহক মাটিত পেলাই যেতিয়া পাচ মুখ কৰি বন্ধু বান্ধব সকল ঘৰলৈ আহে; তেতিয়া কেৱল ধৰ্ম্মই সেই জীৱৰ লগত যায়। এতেকে সেই কালৰ সহায়ৰ নিমিত্তে নিতৌ অলপ অলপকৈ ধৰ্ম্ম সঞ্চয় কৰি ৰাখিলে সেই ধৰ্ম্মৰ সহায়ে দুঃখ জনক নৰকাদিৰ পৰা নিস্তাৰ পোৱা যায়। ধৰমী মানুহৰ যি পাপ হয়, তাক ধৰ্ম্মে নষ্ট কৰে। আৰু অন্তিমে তেওঁৰ দীপ্তিমান শৰীৰক অবিলম্বে স্বৰ্গাদি মহা সুখকৰ ঠাইলৈ নিয়ে। শয্যা, গৃহ, কুশ, কৰ্পূৰাদি গন্ধদ্ৰব্য, পুস্প, ফল-মূল, খাগীৰ, মনি, ধান-চাউল, যব, শাক মাছ, মাংস, দৈ, মৌ আৰু অভয় দান এই বোৰ বন্ত দোষীত কাম কৰি পতিত হোৱা অৰু হীন জাতিৰ লোক সকলে অবাচিত অৰ্থাৎ নোখোজা কৰি দিলে গ্ৰহন কৰিব পায় । [ ৪৭ ] ________________

যোৰশ অধ্যায়। অল্প বয়সত মৃত্যুৰ কাৰণ; আৰু ভোক্ষাভোক্ষ মাংস। বেদ অভ্যাস নকৰিলে, সদাচাৰ পৰিত্যাগ কৰিলে, কৰ্ত্তব্য কাম কৰিবলৈ এলাহ কৰিলে, আৰু দোষীত অন্ন ভোজন কৰিলে মানুহৰ আয়ুক্ষয় হৈ অসময়ে মৃত্যু হয়। খুদুনা, ৰঘুন, ৰঙ্গাবৰ্ণৰ শাক অৰ্থাৎ ৰঙ্গা গাজৰ আদি , আৰু বিষ্ঠাদিত গজি উঠা দ্ৰব্যাদি অভক্ষ। কোন বৃক্ষ কাটিলে বা ভাঙ্গিলে যি এঠা ওলায়, গাই জগী দহ দিন অতীত নোহোৱাতে আৰু ৰজ স্বলা নাইবা দামুৰি মৰা গাই গাখীৰ, তিলৰ লগত মিহলি হোৱা চাউলৰ ভাত, গমৰ গুড়িত গাখীৰ আৰু মিঠৈ মিহলি কৰি সজা পিঠা, যজ্ঞাদি দেৱ কামত নলো গোৱা পশুৰ মাংস, একেটি খুৰা থকা পশুৰ গাখীৰ, যি বোৰ চৰাইয়ে কেচা মাংস খায় তাক আকৌ কুকুৰা, পাৰ আদি পোহনীয়া চৰাই, খুৰাত জোৰা নথকা পশু, পানী কাউৰী, হাঁহ, ৰামপাৰ, ডাউক, টিয়া, শালিকা আৰু যি বোৰ চৰাইয়ে ঠোঁটেৰে মাৰি কিম্বা নখৰে, চিৰি খায়, যি বোৰে পানীত ডুবি মাছ খায় এই বোৰক খাব নেলাগে। | শুকান মাংস আৰু যি ঠাইত নানাবিধ পশুৰ মাংস বিক্ৰিৰ নিমিত্তে ৰাখে, তাৰ পৰা কিনি আনি, যি বোৰ পশুৰে মাংস বিষ্টা খায় আকৌ শাপ, নেউল আৰু পাঁচ নখ থকা পশুৰে মাংস খাব নেলাগে। কিন্তু পাঁচ নখীয়াৰ ভিতৰত গুই,গড কাছ খৰগোষ ইহঁতক খোৱা বাধা নাই । [ ৪৮ ] ওপৰত যিবোৰ পশু -চৰাই আদিৰ মাংস খোৱা যুগুত বুলি কোৱা হৈছে এই বোৰ যদি অকাৰণত মাৰি খায়; তেন্তে দোষ হব। কেৱল শাস্ত্ৰানুযায়ী শ্ৰাদ্ধাদিৰ ভোজত দিয়া মাংস আৰু ৰোগৰ কাৰণে কিম্বা আহাৰা ভাবে প্ৰাণ যায় যায় এনেকুৱা অবস্থাতে হে মাংস খাব পাৰে। যেনে প্ৰোথিতং ভক্ষয়োন্মাং ব্ৰাহ্মণাঞ্চ কামায়া। যথাবিধি নিযুক্তন্ত প্ৰানামেব চাত্যায়ে। ২৭। ( ইতি মধুঃ পঃ অঃ ) অনাপত কালে অবৈধ মাংস খোৱা অনুচিত। অবৈধ মাংস খালে সেই পশুবোৰে তাক পৰকালত ভক্ষণ কৰিব, আকৌ পশুৰ গাত যিমান লোম থাকে তিমান বাৰ জন্ম ধৰিব আৰু প্ৰতিবাৰেই সেই পশুৰ দ্বাৰাই হত্যা হব। অকাৰণত মাংস খালে খোৱা লোকে পৰকালে যেনে পাপ ভোগ কৰে; ধনৰ কাৰণে পও মৰিয়া লোকেও সেই পাপ ভোগে। যেনে; তাদৃশং ভবত্যেনো মৃগহধৰ্থিনঃ। যাদৃশং ভৱতি প্ৰেত্য বৃথা মাংসানি খাদত। ৩৪। (ইতি মনুঃ পঃ কা) যি লোকে জীৱ সকলক বধ বন্ধনাদি কৰি ক্লেশ নিদিয়ে আৰু মনুষ্য়াদি কোনো প্ৰাণীকে হিংসা নকৰে, এটাইৰে হিতকাৰী হয়, তেঁও পৰকালে অতিশয় সুখ ভোগ কৰে আৰু যি ধৰ্ম্ম কৰ্ম্মাদিৰ আশা কৰে তাৰ সকলো লাভ হয়। মনুৰ মূল বাক্য এই যে প্ৰাণী হিংসা নকৰাকৈ যদি কোনো উপায়ে মাংস পোৱা নেযায়, এতেকে কি বৈধ কি অবৈধ কোনো [ ৪৯ ] (৪৯) মাংসকে মানুহে খোৱা উচিত ন হয়। যি শাস্ত্ৰৰ বিধি মতেও মাংস নেখায় তেওঁলোক সমাজত প্ৰিয় আৰু নিৰোগী হয় । আৰু কৈছে যে পশু মাৰিবলৈ অনুমতি দাতা, মৰা, ভাগ কৰা, মাংস কিনা, বিকা, ৰান্ধা, বছা, বা কুটা আৰু খোৱা এই এটাই বোৰই পশু মৰা পাতকী *। মাংস শব্দৰ অৰ্থ এই যে মাংস অৰ্থাৎ সোক সঃ অৰ্থাৎ সি (ভোজন কৰিব)। সপ্তদশ অধ্যায়। প্ৰেত আৰু জন্ম শুদ্ধি।

লৰাৰ দাত গজাৰ পিছত, চূড়াকৰণ আৰু উপনয়নৰ সময়ত যদি সেই লৰা মৰে। তেন্তে সপিও সমানোদক সকল অশুদ্ধ হয়। সেইৰূপ সন্তান জন্মিলেও এটাইয়ে অৰুচি হয়। সপিন্ডৰ মৃত্যু হলে, ব্ৰাক্ষ্মণৰ বেদ জ্ঞান আৰু অগ্নিচৰ্য্য় বিবেচনায় দশাহ অশৌচ আৰু চাৰি দিন তিনি দিন কিম্বা এক আহোৰাত্ৰ অশৌচৰ নিয়ম আছে। সৰ্বগুণ বিৰহিত ব্ৰাহ্মণৰ পক্ষে দশাহ অশৌচ বিহিত। সপিণ্ডৰ সপ্তম পুৰুষৰ পৰা সিপিনে অশৌচ নেথাকে। কিন্তু সমানোদক ভাৱ হলে সদাই থাকে। জন্ম-মৃত্যুৰ উভয় অশৌচেই এক নিয়মে পালন হোৱাৰ নিয়ম আছে। কেৱল মৃত্যু অশৌচে সপিণ্ডৰ এটাইয়ে অস্পৃশ্য থাকে আৰু মাছ, মাংস, তৈল্যাদি বৰ্জ্জনীয়। জন্মশৌচে হলে কেবল মাক বাপেকেই মাথোন অস্পৃশ্য় হয়। তাৰ ভিতৰতো মাকৰ দহদিন আৰু বাপেকৰ হলে স্নান কৰিলেই স্পৰ্শনীয় হয়। মনু সংহিতাৰ পঞ্চম অধ্যায় ৪৮।৪৯।৫০।৫১ শ্লোক দেখা। [ ৫০ ] ________________

(৫০)। পুৰুষে কামাহীন হৈ নিজস্ত্ৰীতে ৰেতঃপাত কৰাত স্নান কৰিলেই গুচি হয়; কিন্তু অপৰ স্ত্ৰীত হলে তিনি দিন অশৌচ খতিব লাগে। ব্ৰাহ্মণ যদি গুণবানেই হয়; তথাপি সপিণ্ডৰ শৱ স্পৰ্শ কৰিলে দহ অহোৰাত্ৰ অশৌচ, ভুগিব লাগিব। তিৰোতা বোৰৰ তিনি মাহৰ পৰা ছ মাহৰ ভিতৰত গৰ্ভশ্ৰাৱ হলে, মাহৰ সমান সংখ্যক অশৌচৰ দিন নিৰ্ণয় হয়। অৰ্থাৎ তিনি মাহৰ তিনি দিন, চাৰি মাহৰ চাৰি দিন ইত্যাদি। চুড়াকৰণ নোহোৱা লৰাৰ মৃত্যু হলে সপিণ্ড সকলে অহোৰাত্ৰিতেই শুদ্ধ হয়। কৃতচুড় হৈ উপনয়নৰ আগে য়ে মৰিলে, তিনি ৰাতি লাগিব। তিনি বছৰৰ কম বয়সীয়া লৰা মৰিলে তাৰ অগ্নিদাহ ৰা উদক ক্ৰিয়া কৰিব নেলাগে। গাঁওৰ বাহিৰে নি পুতি বা উদং ঠাইত পেলাই আহিলেই হয়। কিন্তু নামকৰণ হলে বা দাঁত গাজিলে, প্ৰেতৰ মঙ্গল কাৰণে উদক ক্ৰিয়াদি কৰা ভাল। সমানোদক সকলৰ সন্তান জন্মিলে, তিনি ৰাতি অশৌচ হয়। বিয়া দিবলৈ ঠিক্ ঠাক হোৱা ছোৱালী মৰিলে স্বামী আৰু বন্ধুবৰ্গে তিনি ৰাতি অশৌচ্, খাতিব লাগে। পিতৃ পক্ষৰ লোক সকলেও এইৰূপ অশৌচ পাতি "শুদ্ধ হয়। মৃতাশৌচ কোষৰতে হলে অকৃত্ৰিম (সন্ধ্যৰ বা কৰকচ) লোনেৰেঅন্ন ভোজ ন কৰিব আৰু তিনি দিন গা নিপিহাকৈ নদী প্ৰভৃতি বেচি নাইবা শোথ থকা পানীত গাধুৰ লাগে। মাছ মাংস খাব নেলাগে আৰু অকলে শুব লাগে। কিন্তু বিদেশত থকা লোকৰ যদি সপিণ্ড সকলে কেই দিন মান অতীত হোৰত মৰণৰ সম্বাদ পায়; তেন্তে যি কেই দিন বাকী থকাত শুনে; সেই কেই দিন মাথোন অশৌচ খাতিব [ ৫১ ] ________________

(৫১)। লাগে। বিদেশস্থ সপিণ্ডীব জন্ম অশৌচো এইৰূপ জানিব। যদি বহুদিন অতীত হোৱাত বাতৰি পোৱা যায়; তেন্তে শুনা দিনৰ পৰা তিনি ৰাতি মাত্ৰ অশৌচ হয়। এবছৰ হৈ যোবাত যদি শুনা যায়; তেন্তে শুনা মাত্ৰে স্নান কৰিলেই শুচি হয়। বহুদিন অতীত হলে সমানোদকে নাইবা পুত্ৰৰ জনম মৰণ শুনিলে, সবস্ত্ৰে স্নান কৰিয়ে শুচি হয়। অশৌচৰ ভিতৰত যদি আকৌ জনম বা মৰণ শৌচ হয়; তেন্তে প্ৰথম অশৌচৰ লগতে এই দ্বিতীয় অশৌচো যায়। এক ঘৰতে থকা বেদ শাস্ত্ৰজ্ঞ অপব লোক মৰিলে তিনি ৰাতি অশৌচ হয় কিন্তু এনেকুৱা ৰূপে মূৰ্খ মৰিলে এদিন মাথোন অশৌচ খাতিব লাগিব। মোমাই পুৰোহিত, শিষ্য পিতাৰ শহুৰ প্ৰভৃতি বন্ধুবৰ্গৰ মৃত্যু হলে পক্ষিণী ( দুই দিন আৰু এবাতি) অশৌচ হয়। সপিণ্ড মৰিলে বা জন্মিলে ব্ৰাহ্মণে দহ দিন, ক্ষত্ৰিয়ে বাৰদিন, বৈশ্যে পোন্ধৰ দিন আৰু শূদ্ৰই এমাহে শুদ্ধ হব। শূদ্ৰৰ উপনয়নৰ ঠাইত বিৰাহেই। অশৌচৰ দিনৰ সংখ্যা বেচি কম কৰা অনুচিত। যিবোৰ তিৰোতা পাষণ্ড বিলাকব আশিত যিবোৰ তিৰোতাই স্বইচ্ছায় অনেক পুৰুষৰ সহিতে সঙ্গম কৰে; যি বোৰে গৰ্ভপাত কৰে; বা কৰায়, পতিক মাবে আৰু যি বোৰে মদ খায় ইহঁতৰ উৰ্দ্ধদেহিক শ্ৰাদ্ধাদি ক্ৰিয়া নাই। ৰজাৰ সিংহাসনেই অশৌচৰ সমান; কিয়নো ৰজাই সেই আসনত বহি প্ৰজা সকলক পালন কৰি থাকে। চন্দ্ৰ, অগ্নি, সূৰ্য্য, বায়ু,

  • শৌতস্মাৰ্ত্ত অগ্নিক্ৰিয়াৰ ব্যাঘাট ন কৰিব। হোমাদি কৰ্ম্ম কৰিবৰ সময় সপিণ্ড হলে ও অশুচি ন হয়। [ ৫২ ] (৫২)

ইন্দ্ৰ, কুবেৰ, বৰুণ আৰু যম এই আঠদিক পালে, ৰজাৰ দেহত অৱস্থিতি কৰে। এই কাৰণে ৰজাৰ অশৌচ, হবলৈ নোবাৰে। কিয়নো উক্ত লোকপাল সকলৰ নিমিত্তেই পৃথিবীত শৌচাশৌচ, পালন হয়। এই হেতুকে তেওঁলোক সদাই শুচি আৰু এই দেৱতা সকল ৰজাৰ দেহত লিপ্ত থকাৰ কাৰণে ৰজাও শুচি।কেৱল সদ্যা শৌচ, মাথোন ৰজাৰ বিহিত আছে। ব্ৰাহ্মণে অশৌচান্তে শ্ৰাদ্ধাদি সম্পন্ন কৰি পানী, ক্ষেত্ৰিয়ে বাহন আৰু ধনুৰ্ব্বান, বৈশ্যে পশু খেদা মাৰি বা লাগাম আৰু শূদ্ৰে ও ক্ৰিয়াদি কৰি মাৰি স্পৰ্শ কৰি শুদ্ধ হব। অসপিন্দ মৰিলে তাক দহন বহনাদি কৰি, তিনি ৰাতি অশৌচ, পালন কৰি শুচি হয়। মাতৃ সম্বন্ধীয় বান্ধব সকলোক দহন কৰিও উক্ত নিয়মে অশৌচ পালন পূৰ্ব্বক শুচি হব। কিন্তু যদি শৱ দহনৰ পিছত মৃত্যু অসপিণ্ড কিম্বা তাৰ সপিণ্ডৰ ঘৰত বসতি নাইবা অন্ন ভোজন কৰে; তেন্তে দশাহ অশৌচ লাগিব। তাকে নকৰিলে এ দিন এৰাতিতেই শুদ্ধ হব। জ্ঞাতি কি অপৰ হলেও যদি ইচ্ছা কৰি শৱৰ লগত মৰিশালি- লৈ যায়; তেন্তে সবস্ত্ৰে দান কৰি, অগ্নিস্পৰ্শ পূৰ্ব্বক ঘিউ খালেই শুদ্ধ হয় । মানুহে জ্ঞান, তপস্যা, অগ্নি, আহাৰ, মাটি, মন, পানী, গোবৰ আদিৰে লেপন, বায়ু, সূৰ্য্য়, আৰু অৰ্থ শুদ্ধি এই কেইটিৰে শুদ্ধ হয়। যেনে;—বিদ্বানে ক্ষমাৰে, অকাৰ্য্য কৰা লোকে দান দ্বাৰাই, গুপ্তদ্বাৰে কৃত পাপ পানীৰে, বেদজ্ঞ ব্ৰাহ্মণ তপস্যাৰে বাহিৰা বস্তু আৰু দেহ পানী গোবৰ আদিৰে, মলি থকা নদী সোতেৰে, মনোদুষ্টা অৰ্থাৎ ইপৰ পুৰুষ সঙ্গমে চ্ছা কৰা তিৰোতা ৰজস্বলা হলে, দ্বিজে ত্তি [ ৫৩ ] ( ৫৩ ) সকলৰ সন্ন্যাস ধৰ্ম্ম গ্ৰহণ কিম্বা প্ৰবাস দ্বাৰাই, পানীৰে বাহ দেহ, সত্য বলে মন বিদ্যা আৰু ঈশ্বৰ চিন্তাৰে জীবাত্মা আৰু জ্ঞানেৰে বুদ্ধিৰ শোধন হৈ থাকে। অষ্টাদশ অধ্যায়। দ্ৰব্য শুদ্ধি। আৰু শৌচাচাৰদিৰে দেহ পবিত্ৰ ৰখাৰ নিয়ম। সোণা ৰূপা আদি ধাতু সকল শিলৰ বস্তু, শঙ্খ, মুক্তা ইত্যাদিৰ পাত্ৰ সকল পানী আৰু অগ্নিৰে শুদ্ধ হয়। যেনে সোনা আৰু ৰূপা, পানী আৰু অগ্নিৰে, তাম. কাঁহ, লো, পিতল, ৰাং, সীহৰ পাত্ৰ সকল চাই, টেঙ্গা আৰু পানীৰে শুচি হয়। ঘিউ তেল আদি জলীয় বস্তুবোৰ কাউৰী আদিৰে দোষীত হলে বেগত পৰিমাণ তিনি ডালি কুহেৰে লাৰিলে শুদ্ধ হয়। যজ্ঞ আৰু হৰি সেৱাত ব্যৱহাৰ্য্য় কাঠৰ দ্ৰব্য বোৰ অপবিত্ৰ হলে ঘিউ কিম্বা তেল ঘহী পিছত তপত পানীৰে ধুই পেলালে শুচি হয়। বেচি ধান বা অনেক কাপোৰ শাক আৰু ফলাদি কোনও + এই দ্ৰব্য শুদ্ধি বিষয়ে আমালোকে সদায় যি বোৰ শাস্ত্ৰ মতে শুদ্ধ কৰি থাকোঁ, সেই বোৰ আকৌ এই পুথিত লেখি পুথি আকাৰ বেচি কৰাৰ কোনো সোকাম নাই দেখি, সেই বোৰ এৰি দি, যি বিলাক অতি লাগতিয়াল আৰু সকলোৱে ক্ৰমে নেজানে, সমই বোৰ মাথোন লেখা হল। [ ৫৪ ] ( ৫8 ) প্ৰকাৰে অশুদ্ধ হলে পানী সিচৰাই দিলে শুচি হয়; কিন্তু অলপ, হলে ধোৱ লাগিব। বেশমি কাপৰ ক্ষাৰ আৰু মাটিৰে, নেপাল দেশিয় কম্বল নিম ফলৰ গুড়াৰে শুচি হয়। ভাত ৰন্ধা খৰিত পানী সিচৰাৰ আৰু মাটিৰ সাজ, পুনঃ পুৰিব লাগে। কিন্তু মাটিৰ সাজ, মদ, গু, মূত, শ্লেম্মা (কফ), পূজ নাইবা তেজেৰে অপবিত্ৰ হলে পুনঃ শুদ্ধ ন হয়। যদি কোনো থোৱা বস্তু ভোক্ষ চৰাইয়ে চুৱা কৰে, গৰুৱে সুঙ্গে; উৰা পিন্ধা কাপোৰ কিম্বা ভৰি লাগে, ওপৰত হাঁচি পৰে নাইবা কেশ- পোক আদিয়ে দুষিত কৰে; তেণ্ডে অলপ্, মাটি পেলাই দিলে শুদ্ধ হয়। এটি গৰুৰে খালে পিয়াহ গুচে এনে পৰিমাণ পানী যদি ৰং, গন্ধ আৰু ৰস যুক্ত ন হয় সি শুদ্ধ। আৰু যি বস্তু বিকিবলৈ হাট্ বাজাৰে ওলায় তাক যদি অনেকে স্পৰ্শও কৰে, তথাপি শুব্ধ। কাউবী প্ৰভৃতি চৰাইবোৰে গছৰ পৰা ঠোঁটেৰে ঠুকি পেলোৱা গছৰ ফল শুচি, মৃগ মৰাৰ সময় কুকুৰৰ মুখ শুচি; আৰু পশু পক্ষী কুকুৰে মাৰিলে তাৰ মাংস শুচি; আকৌ চণ্ডাল আদি হীন জাতিৰ ব্যাধে মাৰি যি মাংস আনে সিও শুচি। নাইৰ ওপৰে যি বোৰ ইন্দ্ৰিয় আছে, সেই সমুদাই পবিত্ৰ; কিন্তু নাইৰ পৰা তলে থি বোৰ ইন্দ্ৰিয় আছে সিবোৰ এটাইয়ে অপবিত্ৰ, এতেকে সিবোৰ ইন্দ্ৰিয় স্পৰ্শ কৰিলে অশুচি হয় আৰু শৰীৰৰ পৰা ওলোৱা মল বিলাকো অপবিত্ৰ জানিবা। যি বোৰ দ্বাৰে মল-মূত্ৰ ওলায় তাক মাটি আৰু পাণীৰে শুদ্ধ কৰিব। আৰু চৰ্ব্বি (তেল), বীৰ্য, তেজ, মস্তিস্ক; বিষ্ঠা, মূত, নাকৰ মল, সেপ্, চকুৰ মল আৰু ঘাম্ (এই চাৰিটি শৰীৰৰ মল) এই এটাইকে পাণী আৰু মাটিৰে শুচি কৰিব। ইয়াৰ ভিতৰত প্ৰথম ছয় বিধ মাটি আৰু পাণী উভয়ৰে আৰু শেষৰ ছয়টি কেবল পাণীৰেই শুচি কৰিব। [ ৫৫ ] ________________

যি লোকে পবিত্ৰ হৈ থাকিবলৈ ইচ্ছা কৰে, তেওঁ মূত্ৰাশৌচে লিঙ্গে এবাৰ; বাম হাতে ৩ বাৰ তাৰ পিছে আকৌ দুই হাতে দুবাৰকৈ মাটি পাণী লব। মৈথুনৰ পিছত ইয়াৰ দুগুণ। মৈথুনৰ পিছত মূত্ৰ ত্যাগ কৰিলে মূত্ৰাশৌচৰ চাৰি গুণ। মল ত্যাগন্তে লিঙ্গে এবাৰ, গুহ্য়ে তিনিবাৰ, বামহাতে দহবাৰ; আকৌ উভয় হাতে সাত্, সাত্, বাৰ আৰু দুইও ভৰিত ছয় বাৰকৈ পাণী সহিতে মাটিলব।* এই নিয়ম গৃহবাসী সকলোৰ পক্ষে বিধবাৰপক্ষে ইয়াৰ দুগুণ; সতী, বৈষ্ণৱ, ব্ৰহ্মযি আৰু ব্ৰহ্মচাৰিৰ পক্ষে ইয়াৰ চাৰি গুণ, বাণপ্ৰস্থী আৰু উদাশীনৰ পক্ষে তাৰ ছয় গুণ, যতীসন্ন্যাসীৰ পক্ষে তাৰ আঠগুণ জানিব। | মল-মূত্ৰ ত্যাগৰ পিছত শুদ্ধহৈ আচমন কৰি, ইন্দ্ৰিয়চ্ছিদ্ৰ বিলাক স্পৰ্শ কৰিব। বেদ শাস্ত্ৰাদি পঢ়িবৰ সময় আৰু অন্ন ভোজন কৰিও সদাই এই ৰূপে আচমন কৰিব। আচমন কালে তিনি বাৰ জলপান আৰু দুবাৰ মুখ মাৰ্জন কৰিব লাগে। স্বধৰ্ম্ম পৰায়ণ শাস্ত্ৰজ্ঞ শূদ্ৰে মাহে মাহে কেশ মুণ্ডন কৰিব,জনম মৰণে বৈশ্যৰ ন্যায় অশৌচ্ পালন কৰিব। আৰু ব্ৰাহ্মণৰ অৱশিষ্ট ভোজন কৰিব। যেনেং-শূদ্ৰানাং মাসিকং কাৰ্যবপনং ন্যায় বত্তিনাম্। বৈশ্যবচ্ছৌচকম্পশ্চ দ্বিজোচ্ছিষ্টঞ্চ ভোজনম্॥ ১৪ | (ইতি মনুঃ অঃ) (১) বৈষ্ণৱ ধৰ্মাবলম্বীৰ ভিতৰত কাৰো কাৰো মতে ইয়াতকৈ বেচি পৰিমাণে মাটি-পানী লোৱাৰ নিয়ম আছে। বাহুল্য হেতু ইয়াত লেখা নহল। | (২) উইৰ মাটি, ইন্দুৰৰ মাটি, অন্তৰ্জ্জল, মাটি, হালত উঠা মাটি, দুবুৰি বনৰ গুৰিৰ মাটি, শস্য স্থানৰ, শুৱা ঠাইৰ, চাৰি আলিৰ মুৰৰ বাগিছাৰ মাটি, গৰুৰ বাটৰ আৰু গৰু চৰোৱা পথাৰৰ মাটি এই সমস্ত ঠাইৰ মাটি, মাটি পানীত ব্যবহাৰ কৰিব নে লাগে। [ ৫৬ ] ________________

মুখৰ পৰা পাণী কণা ওলাই গাত্ পৰিলে, তাত্, গা চুৱা নেযায়, শ্মশ্ৰু ( ডাঢ়ি-গোঁফ) মুখত সোমালে আৰু উলিয়া বলৈ যত্ন কৰিও উলিয়াব নোৱাৰা দাঁতৰ মাজত থকা অন্নাদিৰ পৰা চুৱা নহয়। আনক মুখ ধুবলৈ ঢালি দিবাৰ সময় যদি পানী চিটা ভৰিত বা গাত পৰে তাতও চুৱা নহয়। কেইবা বেলি গা চলিলে বা বাঁতিয়ালে গা ধুই ঘিউ খালে আৰু ভাতগ খোৱাৰ পিছত বাঁতিয়ালে আচমন কৰিলেই শুদ্ধ হয়। | টোপনিৰ পৰা উঠি, হাচিয়াই, খাই উঠি খেকাৰ পেলাই, মিছ। কথা কৈ আৰু ক্ষুদ্ৰ ভোজন কৰি, বেদাদি শাস্ত্ৰ পঢ়িব লাগিলে আচমন কৰিহে পঢ়িব লাগে। উনবিংশ অধ্যায়। স্ত্ৰীধৰ্ম্ম। | তিৰোতা বোৰৰ বয়সানুসাৰে ছোৱালী, গাভৰু আৰু বৃদ্ধ এই তিনি কাল বিভাগ আছে। এই তিনি ও কালৰ কোনো সময়ে নিজ ঘৰত থাকি, কোনও কাম স্বাধীন ভাবে কৰা উচিত নহয়। স্ত্ৰীলোক ছোৱালীতে পিতৃৰ বশে, গাভৰু কালত স্বামীৰ বশে আৰু স্বামী মৰিলে বৃদ্ধকালে পুত্ৰৰ বশে থাকিব; কিন্তু কেতিয়াও স্বাধীন হৈ নে থাকিব। স্বাধীন হৈ থাকিলেই তিৰোতাই পিতৃ-মাতৃ উভয় লকে দূষিত কৰে। [ ৫৭ ]

যি লোকে পবিত্ৰ হৈ থাকিবলৈ ইচ্ছা কৰে, তেওঁ মূত্ৰাশৌচে লিঙ্গে এবাৰ; বাম হাতে ৩ ৰাৰ তাৰ পিছে আকৌ দুই হাতে দুবাৰকৈ মাটি পাণী লব। মৈথুনৰ পিছত ইয়াৰ দুগুণ। মৈথুনৰ পিছত মূত্ৰ ত্যাগ কৰিলে মূত্ৰাশৌচৰ চাৰি গুণ। মল ত্যাগন্তে লিঙ্গে এবাৰ, গুহ্য়ে তিনিবাৰ, বামহাতে দহবাৰ; আকৌ উভয় হাতে সাত্ সাত্ বাৰ আৰু দুইও ভৰিত ছয় বাৰকৈ পাণী সহিতে মাটিলব। এই নিয়ম গৃহবাসী সকলোৰ পক্ষে বিধবাৰপক্ষে ইয়াৰ দুগুণ; সতী, বৈষ্ণৱ, ব্ৰহ্মষি আৰু ব্ৰহ্মচাৰিৰ পক্ষে ইয়াৰ চাৰি গুণ, বাণপ্ৰস্থী আৰু উদাশীনৰ পক্ষে তাৰ ছয় গুণ, যতীসন্ন্যাসীৰ পক্ষে তাৰ আঠগুণ জানিব। মল-মূত্ৰ ত্যাগৰ পিছত শুদ্ধহৈ আচমন কৰি, ইন্দ্ৰিয়চ্ছিদ্ৰ বিলাক স্পৰ্শ কৰিব। বেদ শাস্ত্ৰাদি পঢ়িবৰ সময় আৰু অন্ন ভোজন কৰিও সদাই এই ৰূপে আচমন কৰিব। আচমন কালে তিনি বাৰ জলপান আৰু দুবাৰ মুখ মাৰ্জন কৰিব লাগে। স্বধৰ্ম্ম পৰায়ণ শাস্ত্ৰজ্ঞ শূদ্ৰে মাহে মাহে কেশ মুণ্ডন কৰি,জনম মৰণে বৈশ্যৰ ন্যায় অশৌচ পালন কৰিব। আৰু ব্ৰাহ্মণৰ অৱশিষ্ট ভোজন কৰিব। যেনেং—শূদ্ৰানাং মাসিকং কাৰ্য্য়পনং ন্যায় বৰ্ত্তিনাম্। বৈশ্যবচ্ছৌচকম্পশ্চ দ্বিজোচ্ছিষ্টঞ্চ ভোজনম্॥ ১৪। (ইতি মনুঃ অঃ) (১) বৈষ্ণৱ ধৰ্ম্মাবলম্বীৰ ভিতৰত কাৰো কাৰো মতে ইয়াতকৈ বেচি পৰিমাণে মাটি-পানী লোৱাৰ নিয়ম আছে। বাহুল্য হেতু ইয়াত লেখা নহল। (২) উইৰ মাটি, ইন্দুৰৰ মাটি, অন্তৰ্জল মাটি, হালত উঠা মাটি, দুবুৰি বনৰ গুৰিৰ মাটি, শস্য স্থানৰ, শুৱা ঠাইৰ, চাৰি আলিৰ মুৰৰ বাগিছাৰ মাটি, গৰুৰ বাটৰ আৰু গৰু চৰোৱা পথাৰৰ মাটি এই সমস্ত ঠাইৰ মাটি, মাটি পানীত ব্যবহাৰ কৰিব নে লাগে। [ ৫৮ ] মুখৰ পৰা পাণী কণা ওলাই গাত্ পৰিলে, তাত্, গা চুৱা নেযায়, শ্মশ্ৰু (ডাঢ়ি-গোঁফ) মুখত সোমালে আৰু উলিয়া বলৈ যত্ন কৰিও উলিয়াব নোৱাৰা দাঁতৰ মাজত থকা অন্নাদিৰ পৰা চুৱা নহয়। আনক মুখ ধুবলৈ ঢালি দিবাৰ সময় যদি পানী চিটা ভৰিত বা গাত পৰে তাতও চুৱা নহয়। কেইবা বেলি গা চলিলে বা বাঁতিয়ালে গা ধুই ঘিউ খালে আৰু ভাতগ খোৱাৰ পিছত বাঁতিয়ালে আচমন কৰিলেই শুদ্ধ হয়। টোপনিৰ পৰা উঠি, হাচিয়াই, খাই উঠি খেকাৰ পেলাই, মিছা কথা কৈ আৰু ক্ষুদ্ৰ ভোজন কৰি, বেদাদি শাস্ত্ৰ পঢ়িব লাগিলে আচমন কৰিহে পঢ়িব লাগে। উনবিংশ অধ্যায়। স্ত্ৰীধৰ্ম্ম। তিৰোতা বোৰৰ বয়সানুসাৰে ছোৱালী, গাভৰু আৰু বৃদ্ধ এই তিনি কাল বিভাগ আছে। এই তিনি ও কালৰ কোনো সময়ে নিজ ঘৰত থাকি, কোনও কাম স্বাধীন ভাবে কৰা উচিত নহয়। স্ত্ৰীলোক ছোৱালীতে পিতৃৰ যশে, গাভৰু কালত স্বামীৰ বশে আৰু স্বামী মৰিলে বৃদ্ধকালে পুত্ৰৰ বশে থাকিব; কিন্তু কেতিয়াও স্বাধীন হৈ নে থাকিব। স্বাধীন হৈ থাকিলেই তিৰোতাই পিতৃ-মাতৃ উভয় কুলকে দূষিত কৰে। [ ৫৯ ] ________________

(৫৭) তিৰোতা বোৰে সদাই প্ৰসন্ন মনে কাল কটাব, গৃহস্থালী কামত পাৰগ হব, ঘৰৰ বস্তু বাহানীবোৰ পৰিষ্কাৰ আকৌ যথাস্থানে সজাই ৰাখিব আৰু কিছু ব্যয় কুণ্ঠিত হব। বাপেক, ভায়েক আদিয়ে যাক ধৰ্ম্মত দান কৰিছে, সেই স্বামীক জীৱিত থকা কালত সেৱা শুশ্ৰুষা কৰা আৰু মাৰিলেও তেওঁক উলঙ্ঘন নকৰি ব্যাভিচাৰিণী নোহোৱা তিৰোতাৰ প্ৰধান ধৰ্ম আৰু কৰ্ত্তব্য কাম। বিয়াৰ সময় যি বোৰ পূণ্যাহ বচন আৰু প্ৰজাপতি দেৱতাৰ উদ্দেশে হোম কৰা হয়, সি কেৱল স্বামী-স্ত্ৰী দুইৰো মঙ্গলৰ নিমিত্তে হে। আকৌ বিয়াত যি বাক্যদান কৰা হয়, তাৰ পৰা স্ত্ৰীৰ ওপৰত স্বামীৰ সম্পূৰ্ণ স্বামিত্ব জন্মে। পতিয়ে ঘৈগীৰ ইহকাল পৰকাল দুইও কালৰে সুখ দাতা। দুষ্ট, পৰদাৰ পৰায়ণ, বিদ্য়াদি কোনো গুণ নথকা পতিকো অবহেলা নকৰি; স্ত্ৰীয়ে সদায় দেৱতাৰ নিচিলা সেৱা কৰিব। তিৰোতাৰ পতিৰ বাহিৰে আন কোনো যজ্ঞ নাই; পতিৰ বিনা আদেশে ব্ৰত আৰু উপবাশ নাই,কেৱল পতি সেবাৰ দ্বাৰাই স্ত্ৰীলোকে স্বৰ্গলৈ যায়। তিৰোতা বোৰ মহা কল্যাণকৰ আৰু মান্য়াৰ্হ। গৃহত শ্ৰী আৰু স্ত্ৰী এই দুইৰ ভিতৰত একো প্ৰভেদ নাই; অৰ্থাৎ স্ত্ৰীয়েই লক্ষ্মীশ্বৰূপা। | স্বামী জীয়াই থাকক কিম্বা মৃত্যুই হওক স্ত্ৰীয়ে পতিলোক পাবৰ কামনা কৰি, কেতিয়াও তাৰ অপ্ৰিয়াচৰণ নকৰিব। পতি মৰিলে স্ত্ৰীয়ে ক্লেশ সহি, অৰ্থাৎ মধু, মাংস, মৈথুনাদি পৰিত্যাগ কৰি ,কেৱল নিৰামিষ্য আৰু ফল-মূল ভোজন ক্ৰমে দেহত্য়াগ কৰিব; আৰু কেতিয়াও পতি নথকাৰ কাৰণে পৰপুৰুষৰ নামো নলব। সন্তান লাভ নোহোৱাতে স্বামীৰ মৃত্ব্য হলেও সতীস্ত্ৰী সকলে কেৱল উক্তৰূপ ব্ৰক্ষ্মচৰ্য্য় বলে স্বৰ্গলৈ যাব পাৰে। যিবোৰ স্ত্ৰীয়ে সন্তানৰ কাৰণে স্বামীক অবজ্ঞা কৰি ব্য়ভিচাৰিণী হয়, তাই নিশ্চয় ইহকালে অনেক ৰোগগ্ৰস্ত [ ৬০ ] (৫৮) আৰু নিন্দণীয় হয় আৰু পৰকালে পতিলোকৰ পৰা পতন হৈ অশেষ পাপ, ভোগ কৰে। স্বামীত্, বাহিৰে অপৰ পুৰুষৰ পৰা ওপজোৱা পুত্ৰে তিৰোতাৰ, আকৌ সহধৰ্মিণীত্ বাহিৰে অপৰৰ তিৰোতাত ওপ জোৱা সন্তানে পুৰুষৰ কোনো ফল নহয়। শাস্ত্ৰ কৰ্তা সকলে এনেকৈ ওপলোৱা পুত্ৰক পুত্ৰ বুলি স্বীকাৰ কৰা নাই। কোনো শাস্ত্ৰে সাধ্বী সকলৰ দ্বিতীয় ভৰ্ত্তা গ্ৰহণৰ উপদেশ দিয়া নাই। নিজৰ পতি নিদ্ধনী, ৰূপ গুণ নাই বুলি ঘৃণা কৰি, যি স্ত্ৰীয়ে তা পৰিত্যাগ কৰি, অপৰ যি উৎকৃষ্ট পুৰুষৰ আশ্ৰিত্ হয়;তাই ইহ লোকে নিন্দণীয় হয় আৰু পৰকালে শৃগাল যোনিত জন্ম ধৰে আকৌ নানা প্ৰকাৰ পাপে আক্ৰান্ত হৈ আতিশয় পীড়া ভোগ কৰে। যি বোৰ তিৰোতাই কায় - মনো -বাক্যে স্ত্ৰীধৰ্ম্মেতে থাকি কাল কটায় তাই ইহকালত পৰম কীৰ্ত্তি লাভ কৰে আৰু মৰিও পতিলোকে গমন কৰে । শাস্ত্ৰৰ মৰ্ম্ম এই যে স্ত্ৰীজাতিৰ জাতকৰ্ম্ম, স্মৃতি আৰু বেদাদি ধৰ্ম্ম শাস্ত্ৰ আৰু কোনা মন্ত্ৰত্ অধিকাৰ নাই। বিংশ অধ্যায়। স্ত্ৰী সম্বন্ধে পুৰুষৰ কৰ্ত্তব্য কাম; আৰু পুত্ৰোৎপাদন। স্ত্ৰীজাতি সৰ্ব্বাদায় যত্নেৰে ৰক্ষণীয়, কাৰণ কুলঙ্গাদি যোগে স্ত্ৰীৰ চৰিত্ৰাদি বেয়া হলে, সেই স্ত্ৰী পিতৃ-ভৰ্ত্ত ( স্বামী ) উভয় কুলকেই সন্তাপৰ [ ৬১ ] PLEASE HANDLE THE BOOK CAREFULLY ( ৫৯ ) কাৰণ হয় । ভাৰ্য্য়া ৰক্ষণ ধৰ্ম্ম সকলো ধৰ্ম্ম তকৈ শ্ৰেষ্ঠ। বলী-নিৰ্ব্বলী, কনা খোঁৰা সকলোৱে নিজৰ নিজৰ ভাৰ্য্যা ৰক্ষা কৰিবলৈ যত্নত কৰা উচিত । যি মানুহে ভাৰ্য্যাক সুৰক্ষণ কৰিবলৈ সবিশেষ যত্ন কৰে, সি তাৰ পৰা নিজ বংশ পৰম্পৰা, আত্মচৰিত্ৰ আৰু ধৰ্ম্ম সমস্তকে ৰক্ষা কৰে। পতি ভাৰ্যাৰ গৰ্ভত প্ৰবেশ কৰি, গৰ্ভৰ পৰা.আকৌ পুত্ৰৰূপে জন্ম গ্ৰহণ কৰে। যায়াৰ পৰা পুণৰ্জন্ম হয় বুলিয়েই জায়াৰ “জায়াত্ব” (যেনে;-যস্য়াং...স্বামীঃ স্বয়ং জায়াতে ইতি জায়া”)। পত্নী যেনেকুৱা ভৰ্ত্তাক ভজনা কৰে, ঠিক তেনেকুৱা'পুত্ৰই জন্মায়। এই নিমিত্তে সৎপুত্ৰ লাভাৰ্থে ভাৰ্য্য়া অতি যত্নেৰে ৰক্ষণীয়া। কোনোৱে কেতিয়াও বলেৰে ভাৰ্য্য়াক ভালে ৰাখিবলৈ সমৰ্থ নহয়; তথাপি ৰক্ষা কৰিবৰ সহজ উপায় এই যে, পত্নীক অৰ্থ সংগ্ৰহ আৰু ব্যয় কৰাৰ ভাৰ, নিজৰ শৰীৰ ঘৰৰ বস্তু বাহানী বোৰ ৰক্ষা কৰা আৰু পৰিস্কাৰ ৰখা, ঘৰৰ কাম কাজ বোৰত নজৰ ৰখা, খোৱা বস্তু প্ৰস্তুত কৰা প্ৰভৃতি কামত সদাই তিৰোতাক নিয়োজিত, ৰখা উচিত। কিন্তু যি স্ত্ৰীয়ে নিজে নিজৰ আত্ম মৰ্য্য়াদা ৰাখিবৰ যত্নৱতী নহয়, তাক স্বামী বৰ্গে উক্ত কামাদিত নিয়োজিত কৰিও ৰক্ষা কৰা কঠিন। তথাপি উক্ত কামাদিত নিয়োজিত কৰিলে স্ত্ৰী সকলে আনন্দ মনে থাকি।মনক সংযমে ৰাখিবৰ সম্ভৱ। আৰু এই বোৰ উপায় দ্বাৰাই অনেক স্ত্ৰীৰ চৰিত্ৰ ভাল হোৱাও দেখা গৈছে। মূল কথা এই যে যি বোৰ স্ত্ৰীয়ে নিজে নিজৰ মৰ্য্য়াদা ৰক্ষাত্ ষত্নৱতী থাকে, তাক কোনোৱে ৰক্ষা কৰিব নেলাগে, সি নিজেই ভালে থাকিব। তিৰোতা বোৰে ৰূপ আৰু বয়সৰ,কোনো বিস্তাৰ নকৰে,সুৰূপেই হওক বা কুৰূপেই হওক,

পুৰুষ পালেই তাৰ লগত সম্ভোগ  কৰে ।

পুৰুষ দেখিলেই তাহাঁতৰ সম্ভোগ কৰিবলৈ ইচ্ছা হয় তাহাঁত সদাই [ ৬২ ] চঞ্চল্ স্নেহশূন্য়। এই কাৰণে শত চেষ্টাতো দুষ্টা স্ত্ৰীয়ে স্বামীৰ বিৰুদ্ধে ব্যাভিচাৰ কৰি থাকে। যেনে,-“নৈত্যৰূপং পৰীক্ষন্তে নাসাং বয়ৰ্সি সংস্থিতিঃ। সুৰূপং বা বিৰূপং বা পুমা নিত্যেব ভুঞ্জতে॥১৪ পৌশ্চল্য়াচ্চল চিত্তাচ্চ নৈম্নেহ্য়াচ্চ স্বভাবতঃ। ৰক্ষিতা যত্নতোহপীহ ভৰ্ত্তদেতা বিভুৰ্ব্বতে। ১৫। ( ইতি মনুঃ নঃ অঃ) পৰমেশ্বয় স্ত্ৰী জাতিক এই স্বভাবী কৰিয়েই সৃজন কৰিছে। এতেকে চলে বলে কৌশলে যি প্ৰকাৰেই হওক স্ত্ৰীক ভালে ৰাখিবলৈ যত্ন কৰা নিতান্ত উচিত। যেনে;-এৰৎ স্বভাবৎ জ্ঞাত্বাসাং প্ৰজাপতি নিসৰ্গজম্। পৰমং যত্নমাতিষ্ঠেৎ পুৰুতো ৰক্ষণংপ্ৰতি॥১৬। (ইতি মনুঃ নঃ অঃ) নদীৰ পানী যি ৰূপে সাগৰৰ সহিতে মিলি লোনা হয়, সেই ৰূপে স্ত্ৰীবোৰেও যেনেকুবা সাধু-অসাধু পুৰুষৰ সহিতে বিহাৰ সুত্ৰে মিল হয়, সেইৰূপ গুন বিশিষ্ট হয়। যেনে নিকৃষ্ট কুলত জন্ম লৈ “অক্ষমালা” “পক্ষিণী -সাৰঙ্গী " আৰু সত্যবতী ক্ৰমান্বয়ে ঋষি "বশিষ্ট" “মন্দপাল” আৰু “সান্তানু" ৰজাৰ লগত ভাৰ্য্য়াৰূপেমিলি পৰম মান্য়া আৰু ধৰ্ম্মিষ্টা হৈ জগতত সতী নামে ক্ষাত হৈ গৈছে।

  • যি বোৰ স্ত্ৰী ধৰ্ম্ম লেখা হল , এই বোৰ গুন, সতী স্ত্ৰীৰ ভিন্ন

অপৰৰ গাত নে থাকে।

  • কুলতা স্ত্ৰীয়ে তাইৰ নিজ স্বামীক মৰম নকৰে । [ ৬৩ ] নাৰী ভূমি , স্বৰূপ,পুৰুষ বীজস্বৰূপ ; ভূমি আৰু বীজ উভয় সংযোগে

শৰীৰ'উৎপন্ন হয়। যেনে কৈ ভূমি আৰু বীজ উভয়ৰ গুণ সমান হলে, উত্তম শস্য উৎপন্ন হয়। সেইৰূপে ভাৰ্যা-স্বামী উভয়ে সমান হলে, তাহাঁতৰ সহবাসে যি সন্তান জন্মে সি অতিশয় উত্তম হয়। এই ঠাইত দেখা যায় যে বীজৰ শক্তি ভূমিতকৈ বেচি। যেনেকৈ ধান পেলালে ধান হে হয়, অন্য মাহ, তিল আদি শস্য নহয় আৰু যি লোকে ভূমি চাহ কৰি বীজ, পেলায় সিংহে এই শস্য়ৰ অধিকাৰী হয়, সেই ৰূপে সেই পুৰুষৰ নিচিনাই সন্তান হয়। আৰু স্বামীয়েই সন্তানৰ অধিকাৰী হয়। জ্ঞানীলোকে আৰু দীৰ্ঘায়ু হবলৈ ইচ্ছা কৰা পুৰুষ সকলে আনৰ ক্ষেত্ৰত বীজনুৰুব। কিয়নো যেনেকৈ মৃগৰ পূৰ্ব্ব চিকাৰীয়ে শৰে বিন্ধা পশুক আকৌ অপৰ চিকাৰীয়ে শৰেৰে বিন্ধিলে তাৰ সেই শৰ নিস্ফল হয়, সেই ৰূপে অপৰৰ ভাৰ্য্য়াত সহবাস কৰিলে যদি সন্তান জন্মে; তেন্তে তাৰ নহৈ সেইস্ত্ৰীৰ পতিৰেই ঐহিক কালৰ নিমিত্ত হয়। যেনে;-অত্ৰগাথা বায়ুগীতা কীৰ্ত্তয়ন্তি পুৰাবিদঃ। যধা বীজং নবপ্তব্যং পুংসা পৰপৰিগ্ৰহে। ৪২। নশ্য়তযুৰ্যথা বিদ্ধঃখে বিদ্ধমনু বিধ্যতঃ। তথা নাশ্য়াতি বৈ ক্ষিপ্ৰং বীজং পৰপৰিগ্ৰহে। ৪৩। ( ইতি মনুঃ নঃ অঃ) স্ত্ৰী পুৰুষ সঙ্গৰ কালে উভয়ৰ বীজ্ স্খলিত হয় ।তেতিয়া বাম বীজ বেচি হয় ।সেই জাতি সন্তান জন্মে অৰ্থাৎ মুনিহৰ বেচি হলে লৰা আৰু সেই লৰাৰ আকৃতি প্ৰকৃতি সেই পুৰুষৰ নিচিনা আৰু তিৰোতাৰ বিৰ্য্য় বেচি হলে ছোৱালী হয় আৰু আকৃতি প্ৰকৃতি তিৰোতা জনীৰ নিচিনা হয় ।কিন্তু লৰাই হওক কি ছোৱালীৱেই হওক স্বত্ব হলে মুনিহৰেই [ ৬৪ ] পূৰ্ব্বে বিধাতাৰ দ্বাৰাই এই নিয়ম হৈছে যে, স্বা মীৰ সহিতে ভাৰ্য্য়াৰ যি সম্বন্ধ, সি কেতিয়াও দান বা বিক্ৰি বা পৰিত্যাগ আদিৰে লোপ না পায় । যেনে;-ন নিস্ক্ৰয়বিসৰ্গাভ্যাং ভৰ্ত্তুভাৰ্য্যা কিমুচ্যতে। এবং ধৰ্ম্মং বিজানীমঃ প্ৰাকপ্ৰজাপতিনিৰ্ম্মিতম্। ৪৬। (ইতি মনুঃ নঃ অঃ) যদি স্বামী কোনো কাৰণে অনেক দিন থাকিবলৈ বিদেশে যাবলগা হয়, তেন্তে ভাৰ্য্য়াৰ পুহপালনৰ উপায় কৰি যোৱা উচিত। কিয়নো জীবিকা নিৰ্বাহৰ উপায় নেপাই সচ্চৰিত্ৰা, ধৰ্ম্মনিষ্ঠা স্ত্ৰীও কুপথে যাবলৈ পাৰে। তেতিয়া স্ত্ৰীৰো উচিত যে সূতাকাটি কিম্বা অন্যান্য শিল্প কামেৰে জীবিকা নিৰ্ব্বাহ কৰিব। তথাপি যেন কুপথে নেযায়। পতি ধৰ্ম্ম কামৰ নিমিত্তে বিদেশলৈ গলে পত্নীয়ে আঠ বছৰ পৰ্য্যন্ত পতিৰ অপেক্ষা কৰিব। বিদ্যাৰ্জন বা যশস্য়া লাভৰ কাৰণে গলে হয়, আৰু ইন্দ্ৰিয় উপভোগাৰ্থে গলে তিনি বছৰ স্ত্ৰীয়ে তাৰ প্ৰতিক্ষা কৰিব। তাৰ পিছত পোহ-পালৰ নিমিতে সৎলোকৰ আশ্ৰয় লবলৈ। যেনে-প্ৰোষিতো ধৰ্ম্মকাৰ্য্য়াৰ্থং প্ৰতীক্ষ্যোহষ্টোনৰঃসমাঃ বস্য়াৰ্থং ষড়বস্পোহোৰ্থং বা কামাখংক্ৰীংস্তবং সৰান।। ৭৬ ইতি মনুঃ পঃ অঃ) যদি স্বামীৰ অহিতাচৰন পূৰ্ব্বক ভাৰ্য্য়া স্থানান্তৰে যায়, তেন্তে স্বামীয়ে এবছৰ কাল অপেক্ষা কৰিব পাৰে ।কিন্তু যদি আৰু পিছতো [ ৬৫ ] সেই স্বভাৱ নেৰে; তেন্তে তাই অলঙ্কাদি সম্পত্তি কাঢ়ি লৈ তাইক ত্যাগ কৰিব। যেনে;-সংবৎসৰং প্ৰতিক্ষেত দ্বিষন্তীং যোষিতং পতি। উদ্ধং সংবৎসৰাৎ ত্বেনাংদায়ংহৃত্বা ন সংবসেৎ। ৭৭। (ইতি মনু নঃ অঃ) স্ত্ৰী যদি খঙ্গৰ অধীন হৈ ঘৰৰ পৰা ওলাই যাবলৈ উদ্য়ত হয় কিম্বা ওলায় যায় তেন্তে তাইক অবিলম্বে বন্ধন কৰিব কিম্বা আত্মীয় পৰিবাৰ সকলৰ সাক্ষাতে পৰিত্যাগ কৰিব। যেনে;-অধিবিন্নাত যা নাৰী নিৰ্গচ্ছেস্ৰুষিতা গৃহাৎ। সা সদ্যঃ সন্নিৰোদ্ধব্য়া ত্যাজ্যা বা কুলসন্নিধৌ। ৮৬। ( ইতি মনু নঃ অধ্যায়) যদি গুনৱান বৰনোপোৱাৰ কাৰণে বিয়া নিদিয়াকৈ কন্য়া ঋতুমতী হয়, তেন্তে তিনি বছৰ পৰ্য্য়ন্ত অপেক্ষা কৰি কন্য়ায় নিজে বৰ নিৰ্ব্বাসন কৰি লব। এই বিষয় কন্যাৰ কোনো দোষ নাই। আৰু বাপেক ভায়েক

আদিয়ে তাৰ গাধন লব নোৱাৰে। কিন্তু কন্য়ায়েও কোন ৰূপ

বস্তু কিম্বা অলঙ্কাৰাদি নিব নোৱাৰে যদি নিয়ে তেন্তে চোৰ বুলি গন্য় হব ( মনুঃ নঃ অঃ ৯০।৯১।৯২ শ্লোক চোৱা) কন্য়াৰ গাধন প্ৰকাশ্য়ে কিম্বা গোপন কৈ কলেও মহাপাপ,এতেকে এই নিয়ম কোনো কন্য়া গৰাকীয়ে নকৰিব। (উক্ত ৯৮।৯০।১০০) apropaso ) [ ৬৬ ] একোণবিংশ অধ্যায়ঃ। শেষাৱস্থা (কেৱল ধৰ্ম্ম) সত্য, ত্ৰেতা, দ্বাপৰ এই তিন যুগৰ লোক সকলে গৃহস্থাশ্ৰম ধৰ্ম্ম যথা বিধিমতে প্ৰতিপালন কৰি, শেষৱস্থায় বানপ্ৰস্থ ধৰ্ম্মৰ অনুষ্ঠান, কৰিছিল। কিন্তু বৰ্ত্তমান কলি যুগৰ লোক সকলে এই নিয়ম প্ৰতিপালন কৰা প্ৰায় দেখিবলৈ পোৱা নেযায়। অন্যান্য দেশত এই ধৰ্ম্ম ঠাই বিশেষে থাকিবও পাৰে; কিন্তু আমাৰ এই আসাম দেশত সমুলি নাই বুলিলেও বৰকৈ বঢ়ায় কোৱা নহয়। অনুমান দ্বা ৰাই বুজা যায় পৰমেশ্বয়ে এই বানপ্ৰস্থ ধৰ্ম্মৰ সলনি আমাৰ দেশত উদাসীন (কেৱলীয়া) ধৰ্ম্ম প্ৰবৰ্ত্তন কৰিবলৈ নিয়ম কৰি দিছে। সেই দেখি এই কেৱল ধৰ্ম্মৰে নিয়ম প্ৰণালী যথাসাধ্য এই পুথিত অল্প লেখা হল। নিয়মানুযায়ী বেদ শাস্ত্ৰ অধ্যয়ন কৰি, ধৰ্ম্মা নুসাৰে পুত্ৰ জন্মাই শক্তিঅনুসাৰে দেৱ-পিতৃ কাৰ্য্য কৰি, লোক সকলে পিছত মোক্ষলৈ মন দিয়া কৰ্ত্তব্য় । গৃহস্থ যেতিয়া দেখিব যে নিজৰ গাৰ ছাল অস্থিৰ হৈছে, চুলিখুৱলীয়া হৈছে, আৰু পুত্ৰৰ সন্তান জন্মিছে; তেতিয়া তেওঁ কোনো শত্ৰত্ (যি ঠাইত সদাই পৰমেশ্বৰৰ নাম কীৰ্ত্তনাদি হৈ থাকে। বাস কৰিবগৈ। তেওঁ নিজে যত্ন কৰি যি বোধা মূল্য়বান বস্তু আৰু খোৱা বস্তু , গৰু, ঘোঁৰা, শয্য়াদি পৰিত্যাগ কৰি, আৰু পত্নীকো পুত্ৰক সমৰ্পন কৰি উক্ত ঠাইত গৈ বাস কৰিব। সত্ৰত এনেক একান্ত ভকত বাস কৰি থাকে, তেওঁ লোকৰ সঙ্গত থাকি, ঈশ্বৰ চিন্তাত মন নিবেশ পুৰ্ব্বক সদাই সদালাপে দিন নিয়াব লাগে। [ ৬৭ ] (৬৫) শৌচ্-সদাচাৰ ( শাস্ত্ৰ আৰু দেশাচাৰ মতে দেহ শুদ্ধি ) ইন্দ্ৰিয় নিগ্ৰহ ( নিজ নিজ বিষয়ৰ পৰা ইন্দ্ৰিয় সকলক্ নিবৃত্তি কৰা) ধ্বী ( সংশয় নিবাৰণ কৰি জ্ঞান লাভ কৰা অৰ্থাৎ জ্ঞানী আৰু গুৰুৰ মুখে জ্ঞান লভা) বিদ্যা, আত্মজ্ঞান, সত্য আৰু অক্ৰোধ (খঙ্গৰহিত) এই দহোটি ধৰ্ম্মৰ লক্ষণ। এই দহোটি কেৱলীয়া সকলে অতি যত্নেৰে পালন কৰি, গুৰুমুখে মূলতত্ত্ব গ্ৰহণ পূৰ্ব্বক, দেৱ, পিতৃ আৰু ঋষি ঋণৰ পৰা মুক্ত হৈ কেৱল ধৰ্ম্মৰ চিন্তাত মনোনিবেশ কৰিব। কৰ্ম্মদোষৰ কাৰণে জীৱৰ অনেক প্ৰকাৰ গতিপ্ৰাপ্ত নৰকত্, পতিত হোৱা আদি যম যাতনাৰ কথা সদায় আলোচনা কৰিব। আকৌ আত্মীয় লোকৰ বিয়োগ, অপ্ৰিয় লোকৰ লগত লগ, বৃদ্ধ অৱস্থাৰ দুঃখ, ৰোগৰ পৰা কষ্ট, এই দেহৰ পৰা জীবাত্মাৰ বিলোপ অৰ্থাৎ নিঃশ্ৰণ, পুনৰাই গৰ্ভবাসত দুঃখ সহি জন্ম গ্ৰহণ আৰু সহস্ৰ সহস্ৰ যোনিত্ বাৰম্বাৰ যাতায়াত, এই সমুদায়ী দুঃখ কৰ্ম্মদোষে উদ্ভব হয়; এই কথা সদায় চিন্তা কৰি থাকিব। কেৱল ধৰ্ম্মৰ চিহ্নাদি ধৰিলেই ফল নহয়, যি ধৰ্মৰ যি নিয়ম আছে সেই মতে প্ৰবৰ্ত্তন কৰিলেহে ধৰ্ম্মাচৰণ হয়। যেনেকৈ নিৰ্ম্মালি গুটি পানীত পেলাই দিলেহে পানী নিৰ্ম্মল হয়, কিন্তু তাৰ নাম ললেই নিৰ্ম্মল নহয়, তেনেকৈ কেৱল ধৰ্ম্মৰ চিহ্ন অৰ্থাৎ লাখুটিধৰা, গাঁতিমৰা আৰু আঠুৰ উপৰ কপোৰ পিন্ধা আদি চিহ্নৰ পৰা ধৰ্ম্ম নহয়। এই বোৰ চিহ্নও ধৰিব লাগিব আৰু আচাৰ, শ্ৰৱণ কীৰ্ত্তন প্ৰভৃতি নিয়ম সফল কায়মনোবাক্যে প্ৰবৰ্ত্তিৱ লাগিব। তেহে ধৰ্ম্ম কৰা হয়। প্ৰাণায়ম দ্বাৰা ইন্দ্ৰিয় বিকাৰ আদি দোষ বোৰ নিলগাব। ঠাই বিশেষে মনক বন্ধন কৰিব; আৰু নিজ নিজ বিষয়ৰ পৰা ইন্দ্ৰিয় মন্ত্ৰোচ্চাৰণ পূৰ্ব্বক উশাহ নিৰোধ কৰি প্ৰাণ দমন কৰিবৰ উপায়। এই উপায়ে ঈশ্বৰৰ ৰূপ ধৰা হয়। [ ৬৮ ] সকলৰ আকৰ্ষণ নিবাৰণ কৰি, বিষয় সংসৰ্গৰূপ পাপ্, বোৰৰ পৰা দূৰৈত ৰাখিবলৈ চেষ্টা কৰিব। আকৌ সদায় মনক পৰমেশ্বৰৰ ধ্যানত নিযুক্ত ৰাথি, কাম ক্ৰোদ্ধাদি অনীশ্বৰ (ঈশ্বৰ ভিন্ন) গুণ বোৰক জয় কৰিব। কেৱলীয়া সকলৰ ভোজন পাত্ৰ কোনো ধাতুৰ হব নেলাগে। কাঠৰ বা শিলৰ হোৱা উচিত। ভাঙ্গা ফুটা হব নেলাগে, পানীৰ সাজ লাউ খোলাৰ হব লাগে। প্ৰাণ ৰক্ষাৰ কাৰণে এবাৰ মাথোন ভিক্ষা কৰিব, কিয়েনো বেচি হলে বিষয়াশক্তি জন্মিব পাৰে। দিনৰ শেষভাগে মানুহৰ ঘৰলৈ ভিক্ষা কৰিবলৈ যাব। ভিক্ষা নেপালে মনত দুঃখ, পালে ৰং নকৰিব। যাতে প্ৰাণ যাত্ৰা মাথোন ছলে, ইমান খিনি মাথোন ভিক্ষা কৰিব। অন্যান্য ব্যৱহাৰ্য্য বস্তুৰ প্ৰতিও আসক্তি এৰিব। কাকো অতি আদৰ কৰা আৰু কাৰো আদৰণীয় হোৱাও অনুচিত। কিয়নো তাৰ পৰা ক্ৰমে ক্ৰমে সংসাৰ বন্ধন আৰু মায়াৰ শিকলিৰে বন্ধা হব পাৰে। এই হেঁতুকে আদৰৰ সহিতে পোৱা ভিক্ষা ও পৰিত্যাগ কৰিব লাগে। অকলে বাস্ কৰিব। জীৱন বা মৰণলৈ এবাৰো কামনা নকৰিব কিন্তু ভৃত্য যেনেকৈ কামৰ বেচলৈ নিৰূপিত্ সময়ক মনত কৰি থাকে, সেইৰূপ জীবন মৰণ উভয় কালে ধৰ্ম্মলাভৰ কামনা কৰি থাকিব। তললৈ চহিহে ভৰিপেলাব, কাপোৰাদিৰে চেকিহে পানী খাব। সদাই সচা কথা কব আৰু মনক পবিত্ৰ কৰিব। আনে বেয়া লগা বা অপমান জনক কথা কলে তাক সহিব; আৰু নিজেও কাকো অপমান নিদিব আৰু কাৰো শত্ৰুতা নকৰিব। কোনোৱে নিজক দুৰ্ব্বাক্য বুলিলে তাৰ প্ৰতি ক্ৰোধ্, প্ৰকাশ নকৰি, তাৰ আগত বিনয় ভাৱ প্ৰকাশ কৰিব। কেতিয়াও মিচা কথা নকব। সদাই ঈশ্বৰ চিন্তাত নিমগ্ন থাকিব; কোনো বিষয়লৈ আশা নেৰাখি সদাই নিস্পৃহ হৈ থাকিব। কেৱল [ ৬৯ ] (৬৭) প্ৰাণস্বৰূপ পৰমেশ্বৰক সহায় কৰিয়েই নিজৰ কৰ্ত্তব্য কাম কৰি সংসাৰত থাকিব। জ্যোতিষ আৰু হাতৰ আঁক আদি কিম্বা মঙ্গল দেখি, নাইবা শাস্ত্ৰত পাৰ্গতালি দেখুৱাই কাৰো ঠাইত ভিক্ষা লাভৰ ইচ্ছা নকৰিব ইত্যাদি। ভোজন বিষয় যিমান কমাব পাৰে তিমান চেষ্টা কৰিব, কিয়নো মানুহৰ খোৱা বস্তুৰ দ্বাৰাই তেজ-বল বেচি হলে, কাম ক্ৰোধাদি ৰিপু বোৰে শৰীৰত পূৰ্ণক্ষমতা লাভ কৰে। তেতিয়া ভক্তিৰ প্ৰতিও মন বিচলিত হয়; এতেকে অল্পাহাৰ কৰি যাতে শৰীৰৰ তেজ বল কমে তাৰে যত্ন কৰিব। অধিক পৰিমাণে নেখাব, একেবাৰে লঘনেও নেথাকিব, অধিক পৰিমাণে নুশুব আৰু নিচেই কৈ নেশোৱাকৈও নেথাকিব। যেনেং-নাত্যশ্নতস্তু যোগেস্তি নচৈকান্ত মনশ্নতঃ নচাতি স্বপ্নশীলস্য যাগ্ৰতো নৈবচাৰ্জ্জুলঃ ( ইতি ভাগবদগীতায়াং) কেৱলীয়া সকলৰ-ঘৰদুৱাৰ, খোবা পিন্ধাৰ বেশ বিন্যাস আদিও যাতে কোনো ৰূপে দুঃখে-কষ্টে নিৰ্ব্বাহ হয়, এনে হব লাগে। অতিশয় উত্তম হলে কাম, ক্ৰোধাদি ৰিপু সকলে দেহত অধিকাৰ কৰিবলৈ বল পায়। আকৌ নিজে কেনেকৈ উদ্ধাৰ হৈ সদগতি লাভ কৰে, তাৰে মাত্ৰ চেষ্টা কৰিব। আন কোনও লোকক মূল তত্বাদি্ কৈ তৰাৰলৈ চেষ্টা কৰি, ব্যৱসায়ী চলোৱা উচিত নহয়। কিন্তু তেওঁৰ সৎচৰিত্ৰ আৰু ঈশ্বৰ চিন্তাত্ মন নিময়াদি আকৌ কাম ক্ৰোধাদিক বশে ৰখা দেখি অপৰ [ ৭০ ] দহ জনে যেন তেনেকুৱা হবলৈ চেষ্টা কৰে, তাৰে আৰ্হিৰ নিচিনা হব লাগে। তিৰোতা বোৰে সৈতে ঈশ্বৰ সম্বন্ধীয় আলাপ প্ৰলাপ কিম্বা তিৰোতাৰ স্বামীত্, ভিন্ন অপৰ ধৰ্ম্মৰ অনুষ্ঠা কৰিবৰ উপদেশ দিয়া খাত-পাম চলোৱা, টকা ধাৰদি সুত গ্ৰহণ কৰা খাট-পালেঙ্গ তুলি-তলিচাত শোৱা ম’হৰ গাখীৰেৰে আউহি-একাদশী পালন কৰা, এটী বা দুটি অবিয়া আলধৰা লৰা ৰাখি, তাহাতৰ দুইও কাল অকামিলা কৰা আদি নিয়ম কেৱলীয়া সকলৰ ধৰ্ম্ম বিৰুদ্ধ যেন লাগে। দ্বাবিংশ অধ্যায়। দায়ভাগ ( পিতৃ-ধন বিভাগ)। পিতৃ-মাতৃ লোকান্তৰ হলে, ভ্ৰাতৃবৰ্গ এটাইয়ে মিলি পিতৃধন সমানে ভগাই লব পাৰে। কিন্তু পিতৃ বৰ্ত্ত মানে আৰু তেওঁৰ অনিচ্ছায় পুত্ৰসকলৰ কোনো অধিকাৰ নাই, যদি অন্যান্য ভ্ৰাতৃ সকলে জ্যেষ্ঠজনক পিতৃজ্ঞানে একত্ৰ বাস কৰে, তেন্তে জ্যেষ্ঠজনে পৈতৃক সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰী হবলৈ পাৰে। কিয়নো জ্যেষ্ঠ পুত্ৰ ভূমিষ্ট হোৱা মাত্ৰেই মানুহ পুস্ৰৱান আৰু পিতৃলোক অঋণী হয়। এই কাৰণে জ্যেষ্ঠ স্বৰ্ব্বস্ব পাবৰ যোগ্য। ডাঙ্গৰ পুতেক জন্ম ধৰা মাত্ৰেই বাপেক পিতৃঋণৰ পৰা মুক্ত হয়, এতেতে জ্যেষ্ঠ পুত্ৰ ধৰ্ম্মো ৎপন্ন পুতেক। অন্যান্য সন্তান বোৰ (১) এই ৰকমে চলিলে গৃহস্থালি ধৰ্ম্মত থাকিও এই ধৰ্ম্মাচৰণ কৰা হয়। আৰু নিস্তাৰ পাব পাৰে। যেনে ,-“কৰ্ম্মবৈ হি সংসিদ্ধি মস্থিতা জনতা দয়ঃ”। (২) এই হেতুকেই ঈশ্বৰ পুৰুষে ঠাকুৰ আটাক অগৃহী বুলিছিল। [ ৭১ ] (৬৯)

কামজ মাত্ৰ। ভাঙ্গৰ জনে সৰু বোৰক পুত্ৰৰ নিচিনা প্ৰতিপাল কৰিব। আৰু সৰু বোৰেও সচ্চৰিত্ৰ, ন্য়ায়পৰায়ণ আৰু ধাৰ্ম্মিষ্ঠ ডাঙ্গৰ ভ্ৰাতৃক ধৰ্ম্মত পিতৃতুল্য ভক্তি কৰিব। জ্যেষ্ঠেই কুলৰ উন্নতি আৰু অবনতিৰ মূল। ভ্ৰাতৃ বিলাকে অবিভক্ত ভাৱে একত্ৰে বাস কৰিব।কিন্তু পৃথকে ধৰ্ম্ম বৃদ্ধি হয়, এতেকে ধৰ্ম্মকাঙ্খী লোকে; ঠাই ঠাই বাস কৰিলেও বেয়া নহয়। পৈত্ৰিক ধনৰ ভাগ ডাঙ্গৰ জনে দ্বিগুণ, মজলীয়াই ডেৰা, ইয়াত বাহিৰে অন্যান্য বোৰে এক এক ভাগ পাব। অনুঢা ভনী বিলাকৰ বিবাহৰ খৰছৰ কাৰণে, প্ৰত্যেকৰ নিজ নিজ অংশৰ পৰা এক চতুৰ্থাংশ দিব । যোনে এই ভাগ দিবলৈ অনিচ্ছা কৰে সি ধৰ্ম্মতঃ পতিত হয়।

যেনেং - স্বেত্যাহং শেভ্যস্তু কন্যাভ্যঃ প্ৰদদ্য়ুভ্ৰাতৰঃ পৃথকঃ। স্বাৎস্বাদং শাচ্চতুৰ্ভাগং পতিত্যস্যৰাদিৎসৱঃ। ( ইতি মনুঃ নঃ অঃ ) মহ-গৰু আদি পশু বিলাক যদি সমানে ভাগ কৰাত মিল নহৈ দুই এটী বাকী থাকে; তেন্তে সেই অতিৰিক্ত পশু জ্যেষ্ঠে পাব। যদি কেইবা জনি সবৰ্ণাস্ত্ৰী হয় আৰু যদি প্ৰথম জনীৰ গৰ্ভত প্ৰথম পুত্ৰ নহৈ শেষৰ বিবাহিতা স্ত্ৰীৰ গৰ্ভত জন্মে, তেন্তে সেই লৰাই ডাঙ্গৰ বুলি গণ্য হব। জমজ অৰ্থাৎ জজা লৰা দুই জনৰ ভিতৰত প্ৰথম ওপজা লৰাই ডাঙ্গৰ। যদি কোন লোকৰ পুত্ৰ সন্তান নথকাত ছোৱালী বিয়া দিয়া সময়, এনেকুৱা ব্যৱস্থা কৰে যে “এই কন্যাৰ গৰ্ভত যি লৰা হয়, সেই ৰাইল আমাৰ শ্ৰাদ্ধৰ গৰাকী হব” এনেকুৱা কন্যাকে পুত্ৰিকা বোলে। [ ৭২ ] এই পুত্ৰিকা কন্যাৰ গৰ্ভত জন্মা লৰাই বাপেক আৰু মাতামহৰ উভয়ৰে কৰ্ম্মকৰ্ত্তা আকৌ সম্পত্তিৰ অধিকাৰি হব। এই ৰূপে পুত্ৰিকা গ্ৰহণ কৰাৰ পিছত যদি কোন লোকৰ পুত্ৰ জন্মে, তেন্তে সেই পুত্ৰ আৰু পুত্ৰিকা পুত্ৰ সমানাংশ ভাগী হব। আৰু পুত্ৰিকা পুত্ৰ নজন্মাতেই মৰিলে, তাই প্ৰাপ্য সম্পত্তি তাইৰ পতিয়ে পাব। জীয়েকৰ গৰ্ভে স্বজাতীয় ভৰ্ত্তাৰ দ্বাৰাই জন্ম লৰাই পৰিগণিত হব আৰু এই জীব নাতিয়ে পিণ্ডদান কৰি, অপুত্ৰক মাতা মহৰ সম্পত্তি গ্ৰহণ কৰিব। যেনে; অকৃতা বা কৃতা বাপি যৎ বিন্দেৎ সদৃশাৎসুতম্। পৌত্ৰী মাতা মহস্তেন দদ্যাৎ পিন্ডৎ হৰেদ্ধনম্॥ ১৩৬ ( ইতি মনু নঃ অঃ) মানুহে পুত্ৰদ্বাৰাই পিতৃ আৰু দেৱ লোকাদি লাভ কৰে; পৌত্ৰ দ্বাৰাই অনন্তত্ব আৰু প্ৰপৌত্ৰ দ্বাৰাই সূৰ্য্যলোক পায়। পুত্ৰে বাপেকক পুন্নাম নৰকৰ পৰা পৰিত্ৰাণ কৰে, এই কাৰণে ব্ৰহ্মা স্বয়ং পুত্ৰ নাম দিছে। যেনে;- পুন্নামো নৰকাৎ যস্মাৎ ত্ৰায়তে পিতৰং সুতঃ। তস্মাৎ পুত্ৰ ইতি খ্যাতো দ্বয়মেব স্বয়ম্ভবা। মানুহৰ পৌত্ৰ আৰু দৌহিত্ৰ এই দুই জনৰ ভিতৰত একো প্ৰভেদ নাই, কিয়নো পৌত্ৰৰ নিচিনা দৌহিত্ৰও পৰকালে পৰিত্ৰাণ কৰে। যেনে; পৌত্ৰ দৌহিত্ৰে ধোলোঝে বিশেষো মোপ পদ্যতে। দোহিত্ৰো হপিহ্য় মুত্ৰৈনং সন্তাৰয়তি পৌত্ৰৰতঃ॥ ইতি মনুঃ নঃ অঃ ১৩৯। [ ৭৩ ] (৭১) দত্তক পুত্ৰ (ধৰ্ম্ম পুত্ৰ ) গ্ৰহণৰ পিছত, যদি ঔৰষ পুত্ৰ জন্মে আৰু এই দত্তক পুত্ৰ যদি গুণবান হয় তেন্তে ঔৰষ পুত্ৰেৰ অষ্টাংশ ভাগী হব। দত্তক পুত্ৰ জন্ম দাতাৰ গোত্ৰ বা ধনৰ আৰু শ্ৰাদ্ধাদি কাৰ্য্যৰ গৰাকী হব নোৱাৰে। কোনো তিৰোতাৰ স্বামী মৰাত কিম্বা জীয়াই থকাতেই জাৰজ সন্তান হলে, সেই লৰাই পিতা মহাদিৰ সম্পত্তিৰ ভাগ নেপায়, কিন্তু প্ৰতি পালিত হৈ থাকিব পাৰিব মাথোন। ওপৰত কেৱল সবৰ্ণা স্ত্ৰীৰ গৰ্ভজাত সন্তানৰ সম্পত্তি বিভাগৰ নিয়ম মাথোন লিখা হল। ইয়াত বাহিৰে অসবৰ্ণা আৰু দাসী আদিৰ গৰ্ভজাত অনেক প্ৰকাৰ সন্তানৰ বিষয়ো শাস্ত্ৰত লেখা আছে; কিন্তু সেই সকল বিবাহ কলি কালত বেচি চলতি নাই দেখি, সেই বোৰ এই পুথিত লেখা নগল। শাস্ত্ৰত মানুহৰ দহ প্ৰকাৰ পুত্ৰৰ উল্লেখ আছে। যেনে-ঔৰজ ক্ষেত্ৰজ, দত্তক্ কৃত্ৰিম, গাঢ়োৎপন্ন, অপবিদ্ধ, কাণীন, সহোড, ক্ৰীত, পৌনৰ্ভবা, স্বয়ংদত্ত আৰু শৌদ্ৰ। এই দহ প্ৰকাৰ পুত্ৰৰ ভিতৰত প্ৰথম ছয় প্ৰকাৰ পুত্ৰ গোত্ৰদায়াদ আৰু বান্ধব্ বুলি গণনা হয়। আৰু শেষৰ চাৰি প্ৰকাৰ পুত্ৰ কেৱল বান্ধব, বুলি গন্য হৈ থাকে মূল কথা এই যে পিতা মহাদি ধনৰ উত্তৰাধিকাৰীক গোত্ৰদায়াদ আৰু আন বিলাক বান্ধব। গৰ্ভজাত যদি অনেক ভ্ৰাতা থাকে আৰু যদি তাহঁতৰ ভিতৰত কেৱল এজনৰ মাথোন পুত্ৰ হয়, তেন্তে সেই পুত্ৰৰ দ্বাৰাই এটাই কেই জন ভ্ৰাতৃয়েই পুত্ৰৱান হয়। সেই লেখিয়া যদি কেইবা জনী তিৰতাৰ এজনমুনিহ হয়, আৰু তাইহঁতৰৰ ভিতৰত কেৱল এজনীয়ে মাথোন পুত্ৰবতী হয় তেন্তে এই পুত্ৰৰ দ্বাৰাই এটাই কেইজনীয়ে পুৱতীৰ ফল ভোগিনী হব। [ ৭৪ ] (৭২) যেনে- ভ্ৰাতুনামেক জাতা নামে কশ্চেৎ পুত্ৰৱান ভবেৎ। সব্বাৎস্তান্তেন পুত্ৰেন পুত্ৰিনো মনুৰ ব্ৰতীৎ ।। ১৮২ ।। সৰ্ব্বসা মেক পত্নী নামেকা চেৎ পুত্ৰিনী ভবেৎ। সৰ্ব্বান্তা স্তেন পুত্ৰেন প্ৰাহ পুত্ৰ ৱতী ৰ্মনুঃ॥১৮৩।। ( ইতি মনুঃ নঃ অঃ) ( সম্পূৰ্ণ)। [ ৭৫ ] ওপৰঞ্চি। কেৱল ধৰ্ম্মৰ আৰ্হি। কলি কালত হোৱা কথা। পূৰ্ব্বকালত কেৱলীয়া ভকত সফলে কি ৰূপে ধৰ্ম্ম পালন কৰিছিলে তাৰ দৃষ্টান্ত ৰূপ তিনিটি ঘটনা তলত তুলি দিয়া হল। (১) বৰপেটা শত্ৰত শ্ৰীশ্ৰীঈশ্বৰ মাধৱ দেৱৰ সঙ্গত শ্ৰীৰাম আটা নামে জনৈক কেৱলীয়া ধৰ্ম্মাৱলী ভকত আছিল। তেওঁৰ কোনো এসময়ত চিতল মাছৰ শিঙ্গৰী খাবৰ ইচ্ছা হৈছিল। এই সময়ে কোনো মানুহে ‘হাটীৰ” ভকত সকলক কেইটিমান ভাঙ্গৰ চিতল মাছ দিয়াত তেওঁ ভকতক কৈ কেই ডোখৰ মান শিঙ্গৰী মাছ আনি, ভালকৈ ৰান্ধি বাঢ়ি খাবলৈ সাজু হৈ বহিলে। বহি মনক এই বুলি কবলৈ ধৰিলে যে “তুমি যি ইচ্ছা কৰিছিলা তাকে পাইছা, এতিয়া তুমি তোমাৰ ইচ্ছা নিৰাৰণ কৰা। মই হলে মোৰ হাতে, মোৰ মুখত তুলি নিদিম, তুমি কি ৰূপে পাৰা খোৱা। এই কথা কৈ কিছুমান সময় সেই বস্তু আগত লৈ বহি থাকি, আকৌ মনক কলে যে “যদি তোমাৰ নিজে কোনো কাম কৰিব আৰু খাব পৰা ক্ষমতাই নাই; তেন্তে পৰাধীন হৈ এনে ইচ্ছা কিয় কৰা”, এই বুলি সেই মাছৰ আঞ্জা দূৰত ফেলি থৈ, সেই দিন কেবল ডথৰা খাৰেৰে ভাত খাই উঠিল। (২) আকৌ এসময়ত এই সিদ্ধ পুৰুষ জনে, বৰপেটাৰ দক্ষিণে থকা গণক কুছি নামে গাঁওলৈ ভিক্ষাৰ্থে গৈ এঘৰ মানুহৰ ঘৰত এজনী বুঢ়ী লগ পাই, ভিক্ষাৰ অনুৰোধ কৰাত বুঢ়ীয়ে শুধিলে যে

এই গণক কুহি গাওঁ এতিয়াও আছোই এখন প্ৰধান শাস্ত্ৰ। ইয়াত মাধব দেব পুৰুষ ১৮ বছৰ বাস কৰিছিল। [ ৭৬ ] “আপোনিনো কেইটি প্ৰসঙ্গ কৰে ?" তেতিয়া তেওঁ কলে যে শুৰুৰ কৃপাত তিনিও প্ৰসঙ্গতেই উপস্থিত থাকো ।" তাতে বুঢ়ীয়ে কলে “আমি তিনি প্ৰসঙ্গীয়া ভকতক ভিক্ষা নিদিও”। এই কথা শুনি তেওঁ উভতি আহি বহৰত বহি থাকিলে। পিছত ঈশ্বৰ মাধৱ দেৱ পুৰুষে কিঙ্কৰৰ দ্বাৰাই মতাইনি শুধিলে যে "শ্ৰীৰাম তোমাৰ কি হৈছে?" তাতে তেওঁ উল্লিখিত ঘটনাৰ আদ্যোপান্ত কলে। তেতিয়া গুৰুজনে কলে যে “তুমি আকৌ কাইলৈ বুঢ়ীৰ ঠাইক ভিক্ষা কৰিবলৈ গৈ চৌদ্ধটি প্ৰসঙ্গ কৰোঁ বুলি কবা”। সেই কথা মতে পাচ দিন। আকৌ ভিক্ষাক গৈ, পূৰ্ব্ব দিনৰ নিচিনাকৈ বুঢ়ীয়ে শোধাত, গুৰু জনৰ কথা মতে চৌদ্ধটি প্ৰসঙ্গৰ কথা কলে। তাতও বুঢ়ীয়ে কলে যে “চৌদ্ধ প্ৰসঙ্গীয়া ভকতকো আমি ভিক্ষা নিদিম”। তেতিয়া সেই দিনাও আগৰ দিনৰ নিচিনাকৈ ফিৰি আহি উল্লিখিত কথোপকথন গুৰু জনৰ আগত কোৱাত গুৰু জনে পুনঃ কলে যে “বাৰু কালি আকৌ গৈ পোন্ধৰটি প্ৰসঙ্গৰ কথা বুলিবা”। গুৰু জনৰ কথা মতে আকৌ তেওঁ পাচ দিনা খলো বুঢ়ীৰ তলৈ গৈ পোন্ধৰ প্ৰসঙ্গৰ কথা কোৱাতহে বুঢ়ীয়ে আদৰেৰে ভিক্ষা দিলে। এই ঘটনাৰ পিছত তেওঁ ভিক্ষা কৰিব এৰিলে। এদিনাখন উপবাসে থকাৰ কথা গুৰুজনে শুনিবলৈ পাই, নিজৰ পৰা কিঙ্কৰৰ হতুৱাই একঠি চাউল দিয়ালে। পিছে অন্যান্য ভকত সকলেও এই কথা জানিব পাৰি, এটাইয়ে এই ৰূপে চাউল দিয়াত, তেওঁৰ এটি সৰু ডুলি আছিল সেইটি ভৰিলে। এই ৰূপে কেই দিন মান থকাত,বেচি চাউল জমাত; আৰু সেই চাউলৰ নিমিত্তে নিগনি বোৰৰ উপদ্ৰৱ হোৱাত, তেওঁৰ অসুখ অশান্তি হ'ল। এদিনাখন ঈশ্বৰ পুৰুষৰ গুৰিলৈ গৈ সেৱা কৰি উল্লিখিত অসুখৰ কথা আৰু এইৰূপ অৱস্থাত [ ৭৭ ] ( ৩ ) তেওঁক ভবিষ্য়তে মায়া মোহে আক্ৰমিবও পাৰে ইত্যাদি বিষয় প্ৰাৰ্থনা কৰাত গুৰুজনে এই কথাত অত্যন্ত সন্তোষ পাই, সেৱকৰ হতুৱাই চাউল বোৰ নি, এটাইবোৰ ভকতক ভগাই দি তেওঁৰ অসুখ দূৰ কৰালে । (৩) এই সিদ্ধ পুৰুষ জনৰ গুৰু ভক্তি ও যে অচলা আছিল তাক তলত লেখা কথাটিৰ পৰা সহজে জনা যায়। এওঁক ঈশ্বৰ ঠাকুৰ আতা পুৰুষে আনি ঈশ্বৰ মহাপুৰুষ মাধৰ দেৱক দিছিলে; সেই বাৰে আৰু এওঁলোক (ঈশ্বৰ মাধবদেব আৰু ঈশ্বৰ ঠাকুৰ আতা) দুইও সখি (অৰ্থাৎ যুগল সম্প্ৰদা) আছিল। ভক্তি তত্বত যি জনে গুৰু চিনাই দিয়ে তেওঁ ও গুৰু সদৃশ পূজণীয, আকৌ যুগল সম্প্ৰদাৰ ভিতৰতো দুইৰো অভিন্ন অৰ্থাৎ একাত্মা; ইত্যাদি কাৰণে শ্ৰীৰাম আতাই ঈশ্বৰ মাধবদেব আৰু ঈশ্বৰ ঠাকুৰ আটাৰ দুইও জনকেই গুৰু বুলি মানিছিল। সেই সময়ে ঈশ্বৰ ঠাকুৰ আতাৰ বাস বৰপেটাৰ পশ্চিমে ৬।৭ মাইল দূৰৈত “জনিয়া" গাঁওত আছিল। আতা পুৰুষ প্ৰায় প্ৰতিদিনে জনিয়াৰ পৰা বৰপেটাক গৈ পুবাৰ প্ৰসঙ্গত্ হাজিৰ হৈছিল। এদিনাখন আতা পুৰুষ প্ৰসঙ্গত উপস্থিত, হোয়াত ঈশ্বৰ মাধবদেব পুৰুষে তেওৰ কাপোৰ বোৰ তিতা দেখা পাই, কাৰণ শোধাত, বাটৰ দুইও কাষত থকা বনৰ নিয়ৰে কাপোৰ বোৰ তিতাইছে বুলি কলে। এই কথা কোৱা মেলাৰ সময় গুৰিতে শ্ৰীৰাম আতা বহি আছিল। তেওঁ গুৰুৰ এই দুঃখৰ কথা শুনি আৰু দেখা

এই আৰ্হি মতেই বৰ্ত্তমানেও চাউল ততণী হৈ আছে। + এই গাঁওখন অতিশয় পুৰণী, বৰ্ত্তমাণে জণীয়া শস্ত্ৰ নামে প্ৰক্ষাত। [ ৭৮ ] পাই অতিশয় দুঃখিত হল; আৰু তাৰ পাচদিনা পুবাই উঠি গৈ বাটটিৰ যি যি ঠাইত হাবি হৈছিল, সেই এটাই বোব দাৰে কাটি পেলালে। তাৰ পিছত ঈশ্বৰ ঠাকুৰ আতা প্ৰসঙ্গক অহাত, মহাপুৰুষ দেৱে কাপোৰ নিতিতা দেখি কাৰণ শোধাত, শ্ৰীৰাম আতাই বাটটি জুৰি দিয়া কথা শুনি বৰ সন্তোষিত হৈ শ্ৰীৰামৰ ধন্য গুৰু ভক্তি” বুলি প্ৰশংসা কৰিলে * এই বোৰ কথাৰে পুৰ্ব্বকালৰ কেবলীয়া ভকত সকল কেনে জিতেন্দ্ৰিয় আছিল আৰু কেবল ধৰ্ম্মৰ পক্ষে কেনে হোবা উচিত ইত্যাদি বিষয় কিছু পৰিমাণে বুজিব পৰা যায়।

এই জনসিদ্ধ পুৰুষে সম্পূৰ্ণৰুপে কেবলীয়া ধৰ্ম্ম প্ৰতিপালন কৰিছিল বুলি সাধু সমাজত প্ৰবাদ আৰু ভক্তি তত্বত লেখা আছে। এতিয়াও এওঁৰ ভক্তিৰ মাহাত্ম্য আৰু সুকীৰ্ত্তি আসামৰ সকলো শত্ৰতে প্ৰখ্যাত, আক সদাই দহজনৰ মাজত কোবামেলা হৈ শ্ৰবণ কীৰ্তন হব লাগিছে। দ্বাপৰত বিদুৰ আৰু কলিত শ্ৰীৰাম আতা এই দুই জনৰ প্ৰভেদ নাই বুলিলেও ঐত্যুক্তি কৰা নহয়। এই আতা জনৰ জন্ম বৃতান্ত এতিয়ালৈ কোনো লোকে ঠিক কব নেবাৰে, শাস্ত্ৰতো পোয় নাই। [ ৭৯ ] ২ । ওপৰঞ্চি। গুৰুভক্তি কলিকালৰ ঘটনা।

শ্ৰী শ্ৰী ঈশ্বৰ মহাপুৰুষ শঙ্কৰ দেব নিম্ন অসামৰ বৰপেটাত
  • বাস কৰি পবিত্ৰ বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰিব ধৰাত, দেব দেবী

পূজাৰ চলতি হ্ৰাস হোবা দেখি, অনেক ব্ৰাহ্মণে গোটখাই, সেই সময়ৰ “নৰনাৰায়ণ” ৰজাৰ ঠাইত আপত্তি জানালে যে “শঙ্কৰ নামেৰে এজন শূদ্ৰে উজানিৰ পৰা আহি আমাৰ ইঠাইত বৈষ্ণব ধৰ্ম্ম পচাৰ কৰি তেওঁ আৰু তেওঁৰ ভকত বোৰে বেদ-শাস্ত্ৰৰ মত নেমানে। ইয়াত দেব দেবীৰ পূজা আৰু হোম-যজ্ঞাদি সকলো লোপ হ’ল।” ইত্যাদি নানা তৰহৰ কথা লগোৰাত, ৰজাই খঙ্গ কবি, ঈশ্বৰ পুৰুষক ভকত সকলে সহিতে ধৰি নিবলৈ কিঙ্কৰ পঠাই দিলে। লোক মুখে এই কথা শুনি এনে অবস্থাত ৰজাক দেখ; দিয়া অনুচিত বিবেচনায় তেওঁ ভকত সকলে সহিতে অল্প আঁতৰি থাকিলে। তাতে ৰজাৰ লোকে তেওঁক লগ নেপালে। কিন্তু “ঠাকুৰ আত আৰু গকুলচন আতৈ নামে দুজন ভকতক ধৰি নি ৰজাক দিলে। ৰজাই এওঁ লোকক পাই শ্ৰীশঙ্কৰ দেবক নোপোবা পঙ্গত, শান্তি কৰি শঙ্কৰ দেবৰ সঙ্গ আৰু তেওঁ লোকে সেই ধৰ্ম্ম পৰিত্যাগ কৰিবনে নকৰে ইত্যাদি কথা শুধিলে। তাত তেওঁ লোকে নোহোৰাত মাতি আকৌ হাত-ভৰিৰ প্ৰতি আঙ্গুলিৰ মাঝে মাঝে আৰু গাৰ চাল বোৰত বাহৰ শলা বিন্ধাই দিয়া আদি উগ্ৰ শাস্তি কৰিলে। আৰু ঠাকুৰ আটাৰ এখন হাতো ভাঙ্গি পেলালে। এনেকুৰা অসহ্য় শাস্তিতে তেওঁ গুৰুৰ ৰ বিপৰীতে [ ৮০ ] এ আখৰো কথা নকলে। যিমানে শান্তি কৰে তেও তিমানে শ্ৰীশ্ৰী ঈশ্বৰ শঙ্কৰ দেব নাম উচ্চাৰণ কৰে; আৰু এই ধৰ্ম্ম আন সকলো ধৰ্ম্মতকৈ উচ্চ; কলিৰ লোক এই ধৰ্ম্মত বাহিৰে আন ধৰ্ম্মে তাৰিব নোৱাৰে, ইত্যাদি কথাহে বাৰম্বাৰ কবলৈ ধৰে। এইৰূপে এবছৰ কাল শাস্তি কৰাৰ পিছত * তেওক হেমা-পেমা নামে দুজন ভোটৰ ঠাইত এশ টকা ৰূপ লৈ বেছিলে। ভোট্ দুজনে আটাপুৰুষক লৈগল, কিন্তু বাটত এই ঘটনা হল যে তাহঁতে (ভোটহঁতে) আগ পিনে একো দেখা নেপায় , পাচৰ পিনে হলে সমূলি দেখা পায়। এই কথাত তাহাঁতে মনত ভয় পাই, "কিবা দেবমানুহ ৰজাই দিলে” বুলি তেওক পুনঃ ৰজাক ওভতাই দি টকা ফিৰাই নিলে। পিছে ৰজাই কোন প্ৰকাৰে অভিপ্ৰায় সিদ্ধি কৰিব নোবাৰি আৰু ধৰ্ম্মৰ উল্লিখিত মাহাত্ম্য বোৰ দেখি, তেওক সন্মানেৰে এৰি দিলে। দেখা গুৰু ভক্তিৰ কি মহিমা। ভকতৰ কি শক্তি। এই সকল সিদ্ধ পুৰুষে কলিত জন্ম ধৰি গুৰু ভক্তি আৰু ধৰ্ম্মৰ অবিৰোধে দেশৰ সকলোৰে প্ৰাতঃস্মৰণীয় হৈ গৈছে। তাৰ পিছে ৰজাৰ বন্দিশালৰ পৰ আতা পুৰুষে ঈশ্বৰ শঙ্কৰ দেবৰ ঠাইলৈ গৈ তেওৰ আগত অদ্যান্ত সমস্ত বৃতান্ত কোবাত ঈশ্বৰ পুৰুষে পৰম সন্তুষ্ট হৈ অমৃত হাতেৰে সমস্ত শৰীৰ মাজিলে। আৰু কলে বৰপেটাৰ নাম তেতিয়া চুন পুৰাহে আছিল। গুৰুৰ দিনৰ পৰা বৰপেটা হৈছে। দুই জনা শুৰুৰ অন্যান্য সমস্ত শস্ত্ৰৰ ভিতৰত এই বৰপেটাই মুক্ষ শস্ত্ৰ। আন কি আসামৰ ভিতৰত ইয়াৰ নিচিনা প্ৰজ্বলিত শস্ত্ৰ আৰু দ্বিতীয় নাই। [ ৮১ ] “তুমি পবিত্ৰ বৈষ্ণব ধৰ্ম্মৰ খুটী, আৰু মোৰ দাইন বাহু, তোমাৰ বংশানুক্ৰমে এই ধৰ্ম্ম প্ৰচাৰ কৰি থাকিব *। এই বুলি নিজ ঘৰলৈ যাবলৈ বিদায় দিলে।

 তাৰ পিছে শ্ৰীশ্ৰীঈশ্বৰ শঙ্কৰ দেৱ উক্ত ৰজাৰ ঠাইলৈ গৈ চিনাকিদি অনেক প্ৰকার শাস্ত্ৰ আৰু ধৰ্ম্মালাপ কথাৰে ৰজাক সন্তোষ দিলে। আৰু গুছৰীয় ব্ৰাহ্মণ সকলক বাদত পরাস্ত কৰিলে। ইত্যাদি কথাত ৰজাই বৰ সুখ পাই, সেই ধৰ্ম্ম ধরাৰ কারণ একান্ত অনুরোধে কৰিলে ៛। আরু তেওঁৰ রাজধানী কোচবিহারর ওচৰত ভেলর মধুপুর আদি ঠাইত শত্ৰ পাতিবলৈ ঠিক কৰি দিলে। এই শত্ৰবোর বৰ্তমানেও প্ৰজ্বলিত হৈ আছে।


 

 * এই জন সিদ্ধ পুরুষৰ বংশ এতিয়াও ময়ন বড়ী, ৰাঙ্গাপাণী আরু বৰনগৰ প্ৰভূতি ঠাইত থাকি, পবিত্ৰ বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰি আছে। সই অধমো এওঁর বংশৰে এজন মুৰুখ।

 ៛ শ্ৰীশ্ৰীঈশ্বৰ শঙ্কৰ দেবে পূৰ্ব্বেই ৰজাৰ আরু তিৰোতাৰ গুরু তনহম বুলি কোৱা কথা আছিল, সেই দেখি ৰজাক ধৰ্ম্ম নেদিলে। আরু সেই সময়ে তেওঁ যোগাশনত বহি বৈকুণ্ঠ লৈ গৈছে। [ ৮৩ ]

শুদ্ধিপত্ৰ

 বিদেশত ছপা হোৱায় আৰু প্ৰেসাধ্যাক্ষৰ অনেক বিঘ্নৰ বাবে পুথি খনৰ ভালেমান বৰ্ণাশুদ্ধি থাকিল, পাঠক সকলে যেন সেই দোষ মৰসন কৰে৷

 তলত শুদ্ধি পত্ৰ প্ৰস্তুত কৰি দিয়া হল, তাক চাই নিজ নিজ পুথি সংশোধন কৰি ললে কৃতাৰ্থ হম। বহুত ঠাইত “ৰ’’ ঠাইত র, “ৰু” ঠাইত রু, আৰু “ৱ” স্থলত ব হৈছে। কিন্তু ইয়াক বেচি বেয়া যেন নেদেখি, শুদ্ধিপত্ৰও তুলি দিয়া নগল ইতি।

লিখোতা।

শুদ্ধিপত্ৰ৷
জীবেৰ জীবৰ
১৫ মানহ মানুহ
আচাৰেৰ আচাৰেৰে
১০ ১৮ বাহিবলৈ বাহিৰলৈ
১১ ক্ষত্ৰিয়েৰ ক্ষত্ৰিয়ৰ
’’ বৈশ্বৰ বৈশ্বৰ
’’ না হয় ন হয়
’’ ১৪ মেষৰ মেযৰ
১২ ১২ এনেকুবা এনেকুৱা
’’ ২২ অকৌ আকৌ
১৩ গুৰিৰ গুৰিত
’’ ১২ দঙ্গিণ দক্ষিণ
১৪ ১৪ গুৰুকে গুৰুৱে
’’ ১৬ গুৰুৰে গুৰুৱে
’’ ১৭ যোয়া যোৱা
১৮ গুৰুৰে গুৰুৱে
১৫ আৰাম্ভ আৰম্ভ
১৬ বথা কথা

[ ৮৪ ]

পৃষ্ঠা শাৰি অশুদ্ধ শুদ্ধ
১৬ ১২ অসক্তিতেই আসক্তিতেই
’’ ২৪ তেওৱেই তেওঁৱেই
১৭ ঠিক ঠিয়
১৯ ১৫ ভাবী ভাৰী
’’ ১৬ পাৰপৰা পাবপৰা
২৪ ১৪ কামাত কামত
২৬ মদখাঈ মদখাই
২৭ ১৮ ৰাভি ৰাতি
’’ ২৪ ৰতেন্তে তেন্তে
’’ ’’ কবি কৰি
২৯ ১১ ত্ৰতেকে এতেকে
২৯ ১২
৩০ ১১ নকলো সকলো
’’ ১৭ নদিয়াকৈ নিদিয়াকৈ
’’ ’’ খোবা খোৱা
’’ ১৮ নেতুনকৈ নতুনকৈ
৩২ তোঁওঁ তেওঁ
’’ ২২ শক্ৰ শত্ৰু
’’ ’’ নিমন্ত্ৰ নিমন্ত্ৰণ
৩৩ ২৪ গাওঁব গাওঁৰ
৩৪ ১৫ আৰ আৰু
৩৯ নিলগাৰ নিলগাব
৪০ কালেৰ কালে
’’ ঋতুকৈ ঋতুতকৈ
’’ ১২ নেপাব নেপায়
’’ ১৭ আকে আকৌ
৪১ যওঁতে যাওঁতে
৪৬ ১৪ কালব কালৰ
’’ ২১ অৰু আৰু

[ ৮৫ ]

পৃষ্ঠা শাৰি অশুদ্ধ শুদ্ধ
৬৭ ১৫ নখৰে নখেৰে
’’ ২০ পশুৰে পশুৰ
৪৯ সোক মোক
’’ ১৯ অস্পশ্য অস্পৃশ্য
’’ ২০ বাপেকৰ বাপেক
৫০ ২০ শোথ শোত্
’’ ২২ হোৰত হোৱাত
৫২ নোবাৰে নোৱাৰে
’’ ২৪ ইপৰ অপৰ
৫৩ ২০ মসই সেই
৫৪ থোৱা খোৱা
’’ গৰুৰে গৰুৱে
’’ বাজাৰে বজাৰে
৫৭ মাবিলেও মাৰিলেও
৫৮ পবকালে পৰকালে
’’ ২০ কুলকেই কুলৰেই
৫৯ তেনেকা তেনেকুৱা
৬৩ তাই তাইৰ
৬৪ ১৭ শষ্যদি শস্যাদি
৭১ পুত্ৰেৰ পুত্ৰৰ

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )