পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১২ )


 ব্ৰাহ্মণর উপবীত কপাহি সুতাৰ, ক্ষত্ৰিয়ৰ শন সূতাৰ আৰ বৈশ্য়র মেষ সূতাৰে অৰ্থাৎ মেষৰ লোমৰ সজা সূতাৰে প্ৰস্তুত্ কৰিব লাগে। ইতিনি ডালি সুতা ওপৰা উপৰি ভাবে অবলম্বিত থাকিব লাগে।

 ব্ৰাহ্মণ ব্ৰহ্মচাৰীৰ দণ্ড বেলৰ নাইবা পলাশৰ, ক্ষত্ৰিয়ৰ বৰ গছৰ নাইবা খয়েৰ কাঠৰ আরু বৈশ্যৰ পীলু নাইবা ঔডম্বরুৰ হব লাগে। ব্ৰাহ্মণাদি তিনিও বৰ্ণৰে দণ্ড যথাক্ৰমে কেশ, বুকু আৰু নাকৰ সমান হব লাগে। এনেকুবা লাকুটি লৈ ব্ৰহ্মচারী সকলে সূৰ্য্য উপাসনান্তে তিনি বাৰ অগ্নি প্ৰদক্ষিণ কৰি যথাক্ৰমে ব্ৰাহ্মণে "ভবতি ভিক্ষাং দেহি” ক্ষত্ৰিযে “ভিক্ষা ভবতি দেহি” আরু বৈশ্যে “ভিক্ষা দেহি ভবতি” বুলি ভিক্ষাচৰণ করিব। যিবোৰ তিৰোতাৰ ঠাইত ভিক্ষা করিলে ভিক্ষা নিদি অপমান দিবৰ সম্ভৱ নাই,তেনেকুৱা তিৰোতাৰ ঠাইত অৰ্থাৎ আই, বাই, পেহী এনেকুবা সম্বন্ধীয়া বিলাকৰ ঠাইত প্ৰথমে ভিক্ষা যাচঞা কৰিব লাগে।

 এইরূপে আবশ্যকীয় খিনি ভিক্ষা কৰি আনি, অকপট চিত্তেৰে সকলে খিনি গুরুক দিব পিছে আচমন পুৰ্ব্বক অয়ুস্কামী পূৰ্ব্ব মুখে, যশঃকামী দক্ষিণ মুখে, সম্পদ্কামী পশ্চিম মুখে আরু সত্যকামী উত্তৰ মুখে বহি একান্তমনে ভোজন করির লাগে। ভোজনান্তে আচমন পূৰ্ব্বক পানীৰে মুখৰ ছয়টি ইন্দ্ৰিয় স্পৰ্শ করিব। ভোজন সময় নিতৌ বহু সমাদৰে অন্ন গ্ৰহণ কৰিব। কোনো নিন্দা ন কৰিব। অন্ন দেখি সন্তুষ্ট হব। নিতৌ এই রূপে ভক্তিৰে সৈতে অন্ন ভোজন কৰিলে শক্তিমান, সুখী আরু বিদ্যাবন্ত হয়। অশ্ৰদ্ধাৰে ভোজন কৰিলে একো ফল ন হয়; পরন্তু স্বাস্থ্যহানি হে হয়। আকৌ খাই এৰা অন্ন আনক নিদিব; পুৱা আৰু ৰাতি এই দুৱাৰত বাহিরে আন কোন সময়ে নে খাব। বেচিকৈ নে খাব। বেচি খালে ৰোগ, পরমায়ু আরু ধৰ্ম্ম হানি