পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

________________

(৫১)। লাগে। বিদেশস্থ সপিণ্ডীব জন্ম অশৌচো এইৰূপ জানিব। যদি বহুদিন অতীত হোৱাত বাতৰি পোৱা যায়; তেন্তে শুনা দিনৰ পৰা তিনি ৰাতি মাত্ৰ অশৌচ হয়। এবছৰ হৈ যোবাত যদি শুনা যায়; তেন্তে শুনা মাত্ৰে স্নান কৰিলেই শুচি হয়। বহুদিন অতীত হলে সমানোদকে নাইবা পুত্ৰৰ জনম মৰণ শুনিলে, সবস্ত্ৰে স্নান কৰিয়ে শুচি হয়। অশৌচৰ ভিতৰত যদি আকৌ জনম বা মৰণ শৌচ হয়; তেন্তে প্ৰথম অশৌচৰ লগতে এই দ্বিতীয় অশৌচো যায়। এক ঘৰতে থকা বেদ শাস্ত্ৰজ্ঞ অপব লোক মৰিলে তিনি ৰাতি অশৌচ হয় কিন্তু এনেকুৱা ৰূপে মূৰ্খ মৰিলে এদিন মাথোন অশৌচ খাতিব লাগিব। মোমাই পুৰোহিত, শিষ্য পিতাৰ শহুৰ প্ৰভৃতি বন্ধুবৰ্গৰ মৃত্যু হলে পক্ষিণী ( দুই দিন আৰু এবাতি) অশৌচ হয়। সপিণ্ড মৰিলে বা জন্মিলে ব্ৰাহ্মণে দহ দিন, ক্ষত্ৰিয়ে বাৰদিন, বৈশ্যে পোন্ধৰ দিন আৰু শূদ্ৰই এমাহে শুদ্ধ হব। শূদ্ৰৰ উপনয়নৰ ঠাইত বিৰাহেই। অশৌচৰ দিনৰ সংখ্যা বেচি কম কৰা অনুচিত। যিবোৰ তিৰোতা পাষণ্ড বিলাকব আশিত যিবোৰ তিৰোতাই স্বইচ্ছায় অনেক পুৰুষৰ সহিতে সঙ্গম কৰে; যি বোৰে গৰ্ভপাত কৰে; বা কৰায়, পতিক মাবে আৰু যি বোৰে মদ খায় ইহঁতৰ উৰ্দ্ধদেহিক শ্ৰাদ্ধাদি ক্ৰিয়া নাই। ৰজাৰ সিংহাসনেই অশৌচৰ সমান; কিয়নো ৰজাই সেই আসনত বহি প্ৰজা সকলক পালন কৰি থাকে। চন্দ্ৰ, অগ্নি, সূৰ্য্য, বায়ু,

  • শৌতস্মাৰ্ত্ত অগ্নিক্ৰিয়াৰ ব্যাঘাট ন কৰিব। হোমাদি কৰ্ম্ম কৰিবৰ সময় সপিণ্ড হলে ও অশুচি ন হয়।