শাস্ত্ৰ লিখিবৰ আদেশ কৰাৰ পিছতেই এনেকুৱা এখনি পুথি সমাজৰ
আগত ধৰিবলৈ আশা কৰিছিলো। কিন্তু নানা কাৰণে সাংসাৰিক
জঞ্জালত পৰি, মনৰ আশা মনতে গুপুতকৈ ৰখা হৈছিল। সম্প্ৰতি
ঈশ্বৰ ইচ্ছায় বৰ্তমানে বহা কামত থাকিব লগিয়া হোৱাত, আজি পাৰ
মাহ পৰিশ্ৰম কৰি, এই পুথি খনি লিখা হল।
ইয়াত যি সকল কথা লিখা হৈছে, সেই সকলোটিয়েই আমাৰ হিন্দু
শাস্ত্ৰৰ কথা হে; অশাস্ত্ৰীৰ কথা অলপ্য়ে লিখা হোবা নাই। সেই
দেখি আশা কৰোঁ যেন সামুকৰ পেটৰ মুকুতা আৰু মলীয়ন ঠাইত পৰা
সোনক যেনেকৈ আদৰ কৰে, সেইৰূপে মই অধমে লেখা বাবে,ই
ঘৃণণীয় নহৈ সমাজত আদৰণীয় হলেই মই শ্ৰম সফল জ্ঞান কৰি
কৃতাৰ্থ হম।
অবশেষত শলাগ লৈ কও যে এই পুথি খনি শ্ৰীযুক্ত শিবনাথ
ভট্টাচাৰ্য মহাশয়ে দয়া কৰি আদিৰ পৰা অম্ভলৈ চাই দিছে। সেই
বাবে তেওঁৰ গুৰিত কৃতজ্ঞতা পাশত, বন্ধা থাকিলো।
২০/৯/১০ ইং |
শ্ৰীহলিৰাম মহন্ত। |
পাতনিত লেখা উৎসাহদাতা মহাত্মা সকলৰ বিশদৰ্পণ সম্বন্ধে লেখা দুখনি মান পত্ৰ সলাগ স্বৰূপে তলত তুলি দিলোঁ। বাহুল্যতা হেতু এটাই বোৰ তুলি দিয়া নহল ইতি।
লিখোতা।
নং ৯৬৩
শুভাশীৰ্ব্বাদ
শ্ৰীযুত হলিৰাম মহন্ত প্ৰতি ১৫ জানুবাৰী তাৰিখৰ পত্ৰ পাঠে
সমাচাৰ জনা হলো। আপোনাৰ সংগৃহীত বিশ্বদৰ্পণ নামেৰে পঠোৱা
পুথি খনি দেখ হৈছে। সেই পুথি পাঠ কৰি আমি সন্তোষ পাইছোঁ ।