পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


(৭১) দত্তক পুত্ৰ (ধৰ্ম্ম পুত্ৰ ) গ্ৰহণৰ পিছত, যদি ঔৰষ পুত্ৰ জন্মে আৰু এই দত্তক পুত্ৰ যদি গুণবান হয় তেন্তে ঔৰষ পুত্ৰেৰ অষ্টাংশ ভাগী হব। দত্তক পুত্ৰ জন্ম দাতাৰ গোত্ৰ বা ধনৰ আৰু শ্ৰাদ্ধাদি কাৰ্য্যৰ গৰাকী হব নোৱাৰে। কোনো তিৰোতাৰ স্বামী মৰাত কিম্বা জীয়াই থকাতেই জাৰজ সন্তান হলে, সেই লৰাই পিতা মহাদিৰ সম্পত্তিৰ ভাগ নেপায়, কিন্তু প্ৰতি পালিত হৈ থাকিব পাৰিব মাথোন। ওপৰত কেৱল সবৰ্ণা স্ত্ৰীৰ গৰ্ভজাত সন্তানৰ সম্পত্তি বিভাগৰ নিয়ম মাথোন লিখা হল। ইয়াত বাহিৰে অসবৰ্ণা আৰু দাসী আদিৰ গৰ্ভজাত অনেক প্ৰকাৰ সন্তানৰ বিষয়ো শাস্ত্ৰত লেখা আছে; কিন্তু সেই সকল বিবাহ কলি কালত বেচি চলতি নাই দেখি, সেই বোৰ এই পুথিত লেখা নগল। শাস্ত্ৰত মানুহৰ দহ প্ৰকাৰ পুত্ৰৰ উল্লেখ আছে। যেনে-ঔৰজ ক্ষেত্ৰজ, দত্তক্ কৃত্ৰিম, গাঢ়োৎপন্ন, অপবিদ্ধ, কাণীন, সহোড, ক্ৰীত, পৌনৰ্ভবা, স্বয়ংদত্ত আৰু শৌদ্ৰ। এই দহ প্ৰকাৰ পুত্ৰৰ ভিতৰত প্ৰথম ছয় প্ৰকাৰ পুত্ৰ গোত্ৰদায়াদ আৰু বান্ধব্ বুলি গণনা হয়। আৰু শেষৰ চাৰি প্ৰকাৰ পুত্ৰ কেৱল বান্ধব, বুলি গন্য হৈ থাকে মূল কথা এই যে পিতা মহাদি ধনৰ উত্তৰাধিকাৰীক গোত্ৰদায়াদ আৰু আন বিলাক বান্ধব। গৰ্ভজাত যদি অনেক ভ্ৰাতা থাকে আৰু যদি তাহঁতৰ ভিতৰত কেৱল এজনৰ মাথোন পুত্ৰ হয়, তেন্তে সেই পুত্ৰৰ দ্বাৰাই এটাই কেই জন ভ্ৰাতৃয়েই পুত্ৰৱান হয়। সেই লেখিয়া যদি কেইবা জনী তিৰতাৰ এজনমুনিহ হয়, আৰু তাইহঁতৰৰ ভিতৰত কেৱল এজনীয়ে মাথোন পুত্ৰবতী হয় তেন্তে এই পুত্ৰৰ দ্বাৰাই এটাই কেইজনীয়ে পুৱতীৰ ফল ভোগিনী হব।