দ্বাদশ অধ্যায়
পঞ্চ মহা যজ্ঞ অৰু অতিথি সেৱা।
গৃহস্থী লোকে বিধিৱতে অষ্টকাদি গৃহকৰ্ম সম্পন্ন কৰিব; পঞ্চ মহা
যজ্ঞৰ অনুষ্ঠান আৰু আহ্নিক পাঁচ ক্ৰিয়া সম্পাদন কৰিব। গৃহস্থৰ পাচটি
প্ৰানীবধস্থান আছে, যেনে; জুইশাল যাত বা শিল; বাঢ়নি; উৰাল আৰু
পানী ৰখা কলহ। এই পাঁচটিৰ দ্বাৰাই প্ৰানী হিংসা হয়।এই কেইটি গৃহ
প্ৰয়োজনীষ কামৰ যি পাপ জন্মে; সেই পাপ বোৰৰ পৰা ৰক্ষা পাবৰ
কাৰণে মহৰ্ষি সকলে গৃহস্থৰ পক্ষে নিতৌ পঞ্চমহাযজ্ঞৰ বিধান কৰিছে।
অধ্যয়ন; অধ্যাপনৰ (পঢ়া আৰু পঢ়োৱা) নাম ব্ৰহ্মযজ্ঞ; পানী আৰু
অন্যদিৰে পিতৃ লোকৰ তৰ্পণ কৰাৰ নাম পিতৃযজ্ঞ; হোম নাম দৈবযজ্ঞ
পশু চৰাই প্ৰভৃতিক অন্নাদি প্ৰদানৰ নাম ভৃতযজ্ঞ; আৰু অতিথি সেৱাক
মনুষ্যষজ্ঞ বোলে। শক্তি থকাতে যি গৃহস্থ উক্ত পঞ্চ মহাষজ্ঞ এদিনো
পৰিত্যাগ নকৰে তেওঁ গৃহস্থ ধৰ্ম্মে থাকিও উক্ত পঞ্চমহা পাপত লিপ্ত ন
হয়। আৰু যি লোকে এই পাঁচ যজ্ঞ নকৰে তাৰ নিশ্বাস প্ৰশ্বসাদি
থাকিলেও সি মৃত্যু তুল্য়।
দৰিদ্ৰ লোকে যদিও অতিথি সেৱা প্ৰভৃতি কাৰ্য্য কৰিবলৈ অশক্ত
হয়; তথাপি বেদাধ্যয়নে আৰু হোম কামত সদাই নিযুক্ত থাকিব; আৰু
ফল জল খাৱাইও পিত্ৰাদি উদ্দেশে যথা যোগ্য মতে শ্ৰাদ্ধ কৰিব।
যেনে কুৱা প্ৰাণ বায়ুক আশ্ৰয় কৰি, সমুদাই প্ৰাণী জীবিত আছে।
সেই ৰূপে গৃহস্থক আশ্ৰয় কৰি অন্যান্য অশ্ৰমী সকলে প্ৰানধৰিআছে, ন
এই কাৰণে গৃহবাস ধৰ্ম্ম আন সকলো ধৰ্ম্ম তকৈ শ্ৰেষ্ঠ। যি লোকে পৰ
কালে স্বৰ্গ কামনা আৰু ইহ কালত সুখভোগ কৰিবলৈ ইচ্ছা কৰে, তেওঁ
পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
