সহায়:মুদ্ৰণ সংশোধন

'সহায় আৰু নিৰ্দেশাৱলী': মুদ্ৰণ সংশোধন
ৱিকিউৎসত কিতাপ এখনৰ মুদ্ৰণ সংশোধন (প্ৰুফৰিডিং) কেনেকৈ কৰিব পাৰি।

মুদ্ৰণ সংশোধন বা প্ৰফৰিডিং ৱিকিউৎসৰ ভেঁটি। এই প্ৰক্ৰিয়াত দুটা "নামস্থান" আৰু এটা বিশেষ ছফ্টৱেৰ জড়িত থাকে। এই নামস্থান দুটাক (সূচী আৰু পৃষ্ঠা) "কৰ্মক্ষেত্ৰ" বুলিব পাৰি। এই কৰ্মক্ষেত্ৰতে স্বেচ্ছাসেৱকসকলে পঢ়ুৱৈৰ সুবিধা হোৱাকৈ কিতাপ এখনৰ ইউনিক'ড ৰূপ দিয়ে।

এই কামৰ বাবে প্ৰথমতে লাগে pdf বা DjVu ৰূপত কিতাপ এখনৰ (বা তেনে কামৰ) পৃঠাবোৰৰ স্কেন। এই ফাইলটো এটা "সূচী পৃষ্ঠা" সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা হয়। এই পৃষ্ঠাটো "সূচী" নামস্থানত থাকে আৰু ইয়াৰ শিৰোনাম ফাইলটোৰ দৰে একে হয়। কিতাপখনৰ এটা এটা পৃষ্ঠা "পৃষ্ঠা" নামস্থানত সুকীয়াকৈ থাকে। সূচী পৃষ্ঠাতে কিতাপখনৰ সকলো পৃষ্ঠালৈ লিংক থাকিব। এই পৃষ্ঠাবোৰৰে মুদ্ৰণ সংশোধন কৰিব লাগিব।

তলত মুদ্ৰণ সংশোধন সম্পৰ্কীয় সহায় আৰু নিৰ্দেশাৱলীৰ চমু বৰ্ণনা দিয়া হ'ল। সূচী পৃষ্ঠা সম্পৰ্কীয় সহায়ৰ বাবে সহায়:সূচীকৰণ চাব।

পৃষ্ঠাৰ মুদ্ৰণ সংশোধন কেনেকৈ কৰিব সম্পাদনা কৰক

টোকা: স্বেচ্ছাসেৱকসকলে এই প্ৰক্ৰিয়াটো কেনেকৈ কৰিছে তাৰ উমান ল'বলৈ বেটুপাতৰ "নতুন লেখাসমূহ" অনুচ্ছেদটো চাব পাৰে।
  1. আপুনি সন্ধান পেৰাত "সূচী:" বুলি টাইপ কৰিলে বিভিন্ন কিতাপৰ সূচী পৃষ্ঠা দেখিব। তাৰে এখনলৈ গ'লে পৃষ্ঠা সংখ্যাবোৰ লিখা থকা দেখিব। ৰঙা বা গুলপীয়া ৰঙৰ পৃষ্ঠা লিংক এটাত ক্লিক কৰি সম্পাদনালৈ গ'লে বাওঁহাতে ইউনিক'ড ৰূপৰ পাঠ্য ক্ষেত্ৰ এটা আৰু সোঁহাতে সেই পৃষ্ঠাৰ স্কেন ৰূপ দেখিবলৈ পাব। নাইবা মুদ্ৰণ সংশোধন কৰা হোৱা নাই শ্ৰেণীটোলৈ গ'লেও পাঠ্য থকা কিন্তু শুধৰণি নকৰা পৃষ্ঠাবোৰ পাব। বেটুপাততো "এই মাহৰ সহযোগিতামূলক কাম" আৰু "নতুন লেখাসমূহ"ৰ তালিকাত মুদ্ৰণ সংশোধন নকৰা কিতাপ পাব।
    • পাঠ্য ক্ষেত্ৰটো উকা হ'লে তাৰ ঠিক ওপৰতে থকা "OCR" বুটামটোত ক্লিক কৰিলে। দুই ছেকেণ্ডমানৰ ভিতৰত স্কেন পৃষ্ঠাৰ আখৰবোৰৰ ইউনিক'ড ৰূপ দৃশ্যমান হ'ব।
    • পাঠ্য ক্ষেত্ৰত আগৰে পৰা ইউনিক'ড ৰূপ থাকিলে সেয়া সোঁফালৰ পৃষ্ঠাৰ লগত মিলাই শুধৰাব লাগিব।
  2. তলত থকা "খচৰা চাওক" বুটাম টিপি কামৰ প্ৰাক্‌দৰ্শন কৰিব পাৰি। সকলো শুধৰণি সমাপ্ত হ'লে সাৰংশৰ ঠিক তলতে থকা "মুদ্ৰণ সংশোধন" বুটামটো (হালধীয়া) ক্লিক কৰি "পৃষ্ঠা প্ৰকাশ কৰক" বা "সালসলনি প্ৰকাশ কৰক"ত ক্লিক কৰিব। অধিক তথ্যৰ বাবে সহায়:পৃষ্ঠাৰ স্থিতি চাওক।
    • সংশোধন শেষ নোহোৱাকৈ পৃষ্ঠাটো সাঁচি থ'ব খুজিলে আগতে "মুদ্ৰণ সংশোধন কৰা নাই" (গুলপীয়া) বুটামটোত ক্লিক কৰি ল'ব।
  3. স্কেন ফাইলৰ প্ৰতি পৃষ্ঠাৰ বাবে শেহৰ কাম দুটাই বাৰে বাৰে কৰিব লাগিব।

কাষে কাষে থকা লে'আউট সম্পাদনা কৰক

 
(চিত্ৰ ১) পৃষ্ঠা নামস্থানৰ কাষে কাষে থকা লে'আউট

পৃষ্ঠা নামস্থানত কোনো পৃষ্ঠা চালে পৰ্দাখন দুটা ভাগত বিভক্ত দেখিব (চিত্ৰ ১)। এই লে'আউটৰ সহায়ত স্বেচ্ছাসেৱকে বাওঁহাতৰ পাঠ্য সোঁহাতৰ স্কেন ছবিৰ লগত মিলাই সংষোধন কৰিব পাৰে। "খচৰা চাওক" বুটামটো টিপিলে ওপৰত প্ৰাক্‌দৰ্শন পাঠ্য ওলাব আৰু তলত আগৰ দৰেই সম্পাদনা ক্ষেত্ৰ আৰু স্কেন ছবি থাকিব।

মুদ্ৰণ সংশোধন সম্পাদনা কৰক

মুদ্ৰণ সংশোধনৰ বাবে বাওঁহাতে সম্পাদনা ক্ষেত্ৰত থকা পাঠ্য সোঁহাতৰ স্কেন ছবিৰ লগত মিলাই শুধৰাব লাগে।

স্কেন ছবিৰ হুবহু সজ্জা কৰিব লাগিব বুলি কথা নাই। ৱিকিউৎস এটা ৱেবছাইটহে, ছপা কিতাপ নহয়। প্ৰথমে মন কৰিবলগীয়া কথা হৈছে লেখাখিনি স্কেনৰ লগত মিলাটোহে। ছপা কিতাপত থকা কিছুমান সজ্জা ৱিকিউৎসত কৰাটো সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে অতি জটিল। তথাপি অত্যাৱশ্যকীয় কিছুমান সজ্জা অভিজ্ঞ সদস্যৰ বাবে ৰাখি সাৰাংশ বা আলোচনা পৃষ্ঠাত উল্লেখ কৰিব পাৰে।

পৃষ্ঠাৰ স্থিতি সম্পাদনা কৰক

 
(চিত্ৰ ২) পৃষ্ঠা স্থিতি বুটাম

পৃষ্ঠা এটা সাঁচি থওঁতে পৃষ্ঠাৰ স্থিতি উল্লেখ কৰিব লাগে। সাঁচি থোৱাৰ বুটামটোৰ কাষতে কেইবাটাও ৰঙীন বুটাম দেখা পাব (চিত্ৰ ৩)। আপোনাৰ সংশোধন শেষ নহ'লে গুলপীয়া বুটামটো ("মুদ্ৰণ সংশোধন কৰা হোৱা নাই") বুটামটো বাছনি কৰিব। আপোনাৰ সংশোধন শেষ হৈছে যদি হালধীয়া বুটামটো বাছনি কৰিব ("মুদ্ৰণ সংশোধন হৈছে")।

কিছুমান পৃষ্ঠা আন সদস্যই সংশোধন কৰিয়েই থয়। আপুনি সেইবোৰ পৃষ্ঠা পৰীক্ষা কৰিব পাৰি স্থিতি সলাব পাৰে। পৃষ্ঠাটোত কিবা ভুল আছে নেকি বা কিবা সলাব লাগে নেকি চাব। আপুনি সকলোবোৰ ঠিক কৰিব পাৰিলে মুদ্ৰণ সংশোধন স্থিতি এঢাপ ওপৰলৈ যাব। "মুদ্ৰণ সংশোধন কৰা হোৱা নাই" (গুলপীয়া) পৃষ্ঠা "মুদ্ৰণ সংশোধন হৈছে" (হালধীয়া) কৰিব পাৰি, আৰু আনে হালধীয়া কৰি থোৱা পৃষ্ঠা "বৈধকৰণ" (সেউজীয়া) কৰিব পাৰি। একেজন সদস্যই মুদ্ৰণ সংশোধন আৰু বৈধকৰণ কৰিব নোৱাৰে। বৈধকৃত পৃষ্ঠা সম্পূৰ্ণ হৈছে আৰু তাত একো সাধাৰণতে একো সম্পাদনা কৰিব নালাগে। উকা পৃষ্ঠা (ধোঁৱাবৰণীয়া) আৰু সমস্যাজৰ্জৰ পৃষ্ঠাৰ (নীলা) কথা তলত কোৱা হৈছে।

উকা পৃষ্ঠা সম্পাদনা কৰক

স্কেন ছবি নথকা পৃষ্ঠা "পাঠ্য নথকা" (ধোঁৱাবৰণীয়া) স্থিতিত ৰাখিব লাগে। মূল নামস্থানত পৃষ্ঠাবোৰ সংযোগ কৰোঁতে (যেনে- ডেচ্‌দিমোনা কাব্য) উকা পৃষ্ঠাবোৰ আওকাণ হ'ব।

ছবি নথকা বেটুপাতো এনেকৈ অৱজ্ঞা কৰিব পাৰি। পাঠ্যৰ লগৰ ছবি থকা পৃষ্ঠা উকা পৃষ্ঠাত নপৰে। এইবোৰ সাধাৰণভাৱেই সংশোধন কৰিব লাগিব। ছবিখন সংযোগ কৰিব নোৱাৰিলে অভিজ্ঞ সদস্যৰ বাবে সমস্যাজৰ্জৰ বুলি ৰাখি থ'ব।

সমস্যাজৰ্জৰ পৃষ্ঠা সম্পাদনা কৰক

কোনো পৃষ্ঠাৰ মুদ্ৰণ সংশোধনত কিবা সমস্যা হৈ শেষ কৰিব নোৱাৰিলে পৃষ্ঠাৰ স্থিতি "সমস্যাজৰ্জৰ" (নীলা) কৰি থ'ব। আন সদস্য তেতিয়া সমস্যাটোৰ প্ৰতি জ্ঞাত হৈ শুধৰোৱাৰ চেষ্টা কৰিব।

সধাৰণতে দেখা পোৱা সমস্যাবোৰ হৈছে ছবি থকা পৃষ্ঠা (যদি ছবিখন সুকীয়াকৈ উপলব্ধ নহয়), আন ভাষাৰ আখৰ থকা পৃষ্ঠা আৰু বিশেষ সজ্জা থকা পৃষ্ঠা।

সহজে কৰিব পৰা কাম সম্পাদনা কৰক

  • গাঢ় আৰু হেলনীয়া পাঠ্য: using '''গাঢ়''' আৰু ''হেলনীয়া''ৰ দৰে উৰ্ধক'মাৰে বা সম্পাদনা ক্ষেত্ৰত থকা এই আখৰৰ শৈলীত ক্লিক কৰি।
  • {{smaller}} বা {{larger}} সাঁচ ব্যৱহাৰ কৰি আখৰ সৰু ডাঙৰ কৰা।
  • বিশেষ ধৰণ যেনে:
    • সমান্তৰাল ৰেখা: {{rule}}
    • ভাগৰ শেষ (এছ্‌টেৰিক্সৰ শাৰী: * * * * * )

এই কামবোৰ কৰাত নতুন সদস্যই অসুবিধা পালে আনলৈ থৈ দিব।

অন্তৰ্ভুক্ত নকৰিব সম্পাদনা কৰক

  • মূল কিতাপৰ অংশ নোহোৱা কিবা চিহ্ন যেনে পুথিভঁৰালৰ মোহৰ, কাৰোবাৰ হাতে লিখা আখৰ বা চহী, ৱাটাৰমাৰ্ক আদি।
  • পাঠ্যৰ কলাম প্ৰয়োজনীয় নহয়। পৃষ্ঠাটোৰ আগৰ কলামৰ পৰা পাঠ্যবোৰ লেথাৰিকৈ থাকিলেই হ'ল।
  • মূল কিতাপৰ বানান শুদ্ধ নকৰিব! বহু পুৰণি বানান ৰীতি আজিকালি অনুসৰণ কৰা নহয়। তাৰ সলনি {{SIC}} সাঁচটো ব্যৱহাৰ কৰিব পাৰে (ধৰাবন্ধা নহয়)।
  • মূল সম্পাদনা ক্ষেত্ৰত কিতাপত থকাৰ দৰে নামটো আৰু পৃষ্ঠা সংখ্যা দিব নালাগে। নাম আৰু পৃষ্ঠা সংখ্যা কেৱল মূল সম্পাদনা ক্ষেত্ৰত ওপৰত "শিৰোনামা (noinclude)" অংশতহে লিখিব।
  • পুৰণি অসমীয়া কিতাপত বঙালী র সঘনে ব্যৱহাৰ হয়। র, রু আৰু রূ লিখাৰ সলনি {{বঙালী ৰ}}, {{বঙালী ৰু}} আৰু {{বঙালী ৰূ}} সাঁচকেইটা ব্যৱহাৰ কৰিব।

বৈকল্পিক সম্পাদনা কৰক

  • ভগা শাৰী: ৱিকি পৃষ্ঠাত এশাৰীৰ ব্যৱধান নৰখাকৈ এণ্টাৰ টিপি পৰৱৰ্তী শাৰী আৰম্ভ কৰিলে সাঁচি থোৱাৰ পাছত দুটা শাৰীৰ সলনি একেটা শাৰীতে শব্দবোৰ থাকে। অ'চিআৰ কৰা পৃষ্ঠাত প্ৰায়েই এইটো সমস্যা হয়। তাৰ লগতে কেতিয়াবা একেটা শাৰী দুভাগ হৈয়ো আহে। দুভাগ হৈ আহিলে সাঁচ, লিংক বা তালিকাত সমস্যা কৰিব পাৰে।
যেনে
মূল "নমস্কাৰ," উদাহৰণে ক'লে। এইটো এটা
ভগা শাৰীৰ উদাহৰণ।
শুধৰণি "নমস্কাৰ," উদাহৰণে ক'লে। এইটো এটা ভগা শাৰীৰ উদাহৰণ।
  • মূল কামৰ অংশ নোহোৱা পৃষ্ঠা যেনে বিজ্ঞাপনবোৰ মুদ্ৰণ সংশোধন নকৰাকৈ থ'ব পাৰি আৰু মূল নামস্থানত অন্তৰ্ভুক্ত নকৰিলেও হয়। কিন্তু কোনোৱে কৰিব বিচাৰিলে তাত হকাবাধা নাই।
  • উচ্চতৰ সজ্জা- দেখাত মূল কিতাপৰ নিচিনা পৃষ্ঠা সৃষ্টি কৰিব পাৰিলে ভাল কথা। কিন্তু কিতাপখনত থকা পাঠ্যহে গুৰুত্বপূৰ্ণ, সজ্জা নহয়। কিছুমান সজ্জা সকলোৰে বাবে টান। কিছুমানে ৱেবছাইটতে গোলমাল লগাব পাৰে।

সাধাৰণ OCR ত্ৰুটিসমূহ সম্পাদনা কৰক

Optical Character Recognition (OCR) নামৰ সঁজুলিটোৱে ছবি এখনৰ পৰা ইউনিক'ড ৰূপত পাঠ্য উদ্ধাৰ কৰে। কিন্তু এইটো ১০০% শুদ্ধ নহয়। গতিকে ব্যৱহাৰকাৰীয়ে সাৱধানেৰে ভুলবোৰ শুধৰাব লাগিবই। ইয়াৰে কিছু ভুল দেখিবলৈ শুদ্ধ ৰূপৰ নিচিনা। OCR বুটামটোৰ ওচৰতে থকা "ৰ" ল'গ'টোত ক্লিক কৰি ইয়াৰে কিছুমান ভুল শুধৰাব পাৰে। তলৰ তালিকাখনত ভুল আৰু শুদ্ধ ৰূপ কিছুমান দেখুওৱা হৈছে।

যেনে
OCR ত্ৰুটি শুধৰণি
ড় (ড+.) ড়
ঢ় (ঢ+.) ঢ়
অাা

শুধৰাবলগীয়া আন কাম সম্পাদনা কৰক

  • পৰিচ্ছেদৰ ব্যৱধান: দুটা পৰিচ্ছেদৰ মাজত এটা শাৰীৰ ব্যৱধান ৰাখিব লাগে। <br/>, nbsp সংকেত বা {{gap}} সাঁচ ব্যৱহাৰ কৰাতকৈ এয়া সহজ আৰু প্ৰায় সকলোৱে অনুসৰণ কৰা নিয়ম।
  • যতিচিহ্নৰ আগৰ খালি ঠাই আঁতৰাই দিব লাগে।
  • যতিচিহ্নৰ পাছত এটা খালি ঠাই এৰি পৰৱৰ্তী শাৰী আৰম্ভ কৰিব লাগে।
যেনে
মূল অমুক ; ভুচুক
শুধৰণি অমুক; ভুচুক
ছেমিক'লনৰ আগৰ খালি ঠাই আঁতৰাই দিয়া হৈছে।

বিশেষ:পচন্দ পৃষ্ঠালৈ গৈ গেজেট অংশত "CharInsert" সঁজুলিটোত ক্লিক কৰি পৃষ্ঠাটো সাঁচি থ'লে ইয়াৰ পাছত সম্পাদনা কৰোঁতে সম্পাদনা ক্ষেত্ৰৰ ওপৰত বহু সংকেতৰ তালিকা দেখা পাব। মুদ্ৰণ সংশোধনৰ বাবে ইয়াৰে নিৰ্দিষ্টটো ক্লিক কৰি ব্যৱহাৰ কৰিলেই হ'ল।