পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ২৪ ]

হংস কিম্বা হাতিৰ নিচিনা খোজ কাঢ়ে যাৰ লোম্‌, কেশ আৰু দাঁত সমান আৰু চুটি ন হয়; এনেকুৱা কোমলঙ্গী ছোৱালীক বিয়া কৰিব লাগে। যি ছোৱালীৰ ভায়েক নাই, নাইবা যাৰ বাপেকৰ ঠিক নাই, জ্ঞানি মানুহে সেই ছোৱালিক জহৰা আৰু মদ খোবা লোকৰ পৰা জন্মা আশঙ্কা কৰি বিয়া ন কৰিব।

 কলিত অৰ্থাৎ বৰ্তমান সময়ে চাৰিও জাতিৰে সবৰ্ণা ছোৱালী মাথোন বিয়া কৰা নিয়ম আছে।* যদি উত্তমে হীন জাতীয়া তিৰোতাক বিয়া কৰে; তেন্তে তাহাঁতৰ পুত্ৰ পৌত্ৰাদি সহিতে বংশানুক্ৰমে পতিত হয়।

 শূদ্ৰা গমন কৰিলে ব্ৰাহ্মণৰ অধোগতি হয়, আকৌ সেই শূদ্ৰাৰ গৰ্ভে পুত্ৰ জন্মালে ব্ৰাহ্মণৰ ব্ৰহ্মন্য নে থাকে যেনে-

শূদ্ৰাং শয়ন মাৰোপ্য ব্ৰাহ্মণোযাত্যধোগতিম্।
জনয়িত্বা সুতং তস্যাং ব্ৰাহ্মণ্যা দেৱহীয়তে॥১৭॥

(ইতি মনুঃ তৃঃ অং)

যি ব্ৰাহ্মণৰ দেৱ পিতৃ আৰু অতিথিৰ কাৰ্য্যে শূদ্ৰা প্ৰধান অৰ্থাৎ গৃহিণীৰ নিচিনা হৈ উক্ত কামাত যোগ দিয়ে, তাৰ সেই হব্যকব্য দেবতা আৰু পিতৃ লোকে গ্ৰহণ নকৰে; আৰু সেই গৃহী ব্ৰাহ্মণ সেই অতিথি সেবাৰ দ্বাৰাই স্বৰ্গ লাভ কৰিবলৈ নোৱাৰে। শূদ্ৰাক চুমা খোৱা শুদ্ৰাৰ বিশ্বাসী হোৱা আৰু সূদ্ৰাৰ গৰ্ভে সন্তান জন্মোৱা ব্ৰাহ্মণৰ কোনো প্ৰকাৰ নিষ্কৃতি নাই। যেনে-


 *পূৰ্ব্ব পূৰ্ব্ব তিনি যুগ্মত ব্ৰাহ্মণাদি বৰ্ণ সকলে অসবৰ্ণা কন্যাও বিয়া কৰিছিল; কিন্তু বৰ্তমান কলি যুগত সেই নিয়ম ৰহিত হৈছে। সেই দেখি এই পুথিত অসবৰ্না বিবাহৰ নিয়ম প্ৰণালী বোৰ মিছা মিছি লেখি, পুথিৰ কলেবৰ বৃদ্ধি কৰা নগল।