(08)
গুৰুৰ অবাধ্য, যক্ষ্মাৰোগী, প্ৰবৰ্ত্তন কাৰণে গৰু আৰু ছাগলী ৰখিয়া
হয়। পঞ্চযজ্ঞ নকৰে, ব্ৰাহ্মণক হিংসা কৰে, ভাৱনা নৰ্ত্তন (গান)
বৃত্তিৰে প্ৰতিপালিত হয়; আগে ব্ৰহ্মচাৰী বা সন্ন্যাস ধৰ্ম্মধৰি,
পিছত স্ত্ৰী-সম্পৰ্ক দ্বাৰাই ব্ৰহ্মচৰ্য্য় নষ্ট কৰে, যি সবৰ্ণা বিয়া কৰা নাই,
যাৰ স্ত্ৰীৰ উপপতি আছে, যি টকালৈ বেদ শিকায় সেই অধ্যাপক,
নিজৰ শিষ্য, যি শূদ্ৰক পঢ়ায়, যি যোনে নিয়মৰমীয়াল আৰু কঠুবা
কথা কয়; যি জন যাজক, অকাৰণে মাক বাপেক আৰু গুৰুক-
পৰিত্যাগ কৰিছে, যি ব্ৰাহ্মণে পতিত লোক সহিতে পঢ়ে, আৰু
কন্যা দানাদি সম্বন্ধি লোকে সহিতে মিলিছে; যি জনে ঘৰ পুৰিছে
যি জনে মানুহ মাৰিবলৈ বিষ দিয়ে আৰু সমুদ্ৰ যাত্ৰা কৰে, যি জনে
বাপেকৰ লগত বিবাদ কৰে, আনৰ দ্বাৰাই ধন দি জুৱা খেলায়, মদ
খায়, অপবাদ যুক্ত লুকাই অধৰ্ম্ম কৰে, ধনু শৰাদি সাজে, ডাঙ্গৰ
ভনীক বিয়া নিদিয়াকৈ সৰু ভনীক দিয়ে আৰু তেনেকুৱা বিয়াৰপতি,
মিত্ৰদ্ৰোহী, যাৰ অঙ্গহানী আৰু অঙ্গবিকৃতি, যাৰ গলত মালাৰ নিচিনা
ৰেখা থাকে, যাৰ ৱগা কুষ্ঠ আছে, যি জন দুষ্ট, কামুক আৰু বেদশাস্ত্ৰ
নিন্দা কৰে, যি জনে গৰু, ঘোৰা, হাতী, উট প্ৰভৃতি শিকায়, যি
জনে নক্ষত্ৰাদি গণণা কৰি জীবিকা কৰে, যুদ্ধ শিখায় আৰু কৰে যি
সেতু আৰু বান্ধ, বান্ধি পানীৰ সোত আন পিনে নিয়ে বা বন্ধ কৰে,
যি জনে ঠিকা কাম আৰু দূতৰ কাম কৰে, বেশ্যা স্ত্ৰী গমন কৰে,
শূদ্ৰ সেৱায় দ্বাৰা জীবিকা নিৰ্ব্বাহ কৰে, অনেক জাতিৰ যাজক,
আচাৰ হীন, ধৰ্ম কামত উৎসাহ নকৰে, ব্যাধি হৈ যাৰ ভৰি ডাঙ্গৰ
হৈছে, নিজে কৃষি কৰি জীবিকা নিৰ্ব্বাহ কৰে, যি জনে শ্মাশনৰ
কাম কৰে আৰু যি বিধবা বা সধবা পুনঃ বিয়া কৰে এই বোৰ,
ব্ৰাহ্মণক জ্ঞানী লোকে কেতিয়াও দেৱ আৰু পিতৃ কাৰ্য্য়ে হব্য়কব্য়
আৰু দানাদি নিদিব দিলে কোনো ফল নাই। পাপ হে হয়।
পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
