দশম অধ্যায়।
বিবাহ আৰু বিবাহ যোগ্যাযোগ্য।
সংসাৰিক অৰ্থাৎ গৃহাশ্ৰমী লোক সকলে বিয়া কৰিব লাগে। সকলো লোকে লক্ষণান্বিতা সবৰ্ণা তিৰোতা বিয়া কৰিব। যি তিৰোতা মাতৃৰ অসপিণ্ডা অৰ্থাৎ সপ্তম পুৰুষ পৰ্য্য়ন্ত স্বগোত্ৰা বা স্বপিণ্ডা ন হয় অৰ্থাৎ পিতৃ পক্ষৰ শ্ৰাদ্ধ সম্বন্ধীয় সন্ততিৰ পৰা উদ্ভৱ ন হয়; তেনেকুৱা তিৰোতাই বিবাহ পূৰ্ব্বক সহবাসৰ উপযুক্ত হয়। অতিশয় ধনী আৰু মানি হলেও নিম্ন লিখিত দহ কুলৰ কন্যা বিয়া ন কৰিব যেনে; হীন ক্ৰিয়া অৰ্থাৎ জাত কৰ্ম্মাদি সংস্কাৰ ৰহিত; নিষ্পুৰুষ অৰ্থাৎ যি কুলে পুৰুষ নজন্মে, কেৱল কন্যা মাত্ৰ জন্মি থাকে, নিশ্চল অৰ্থাৎ বেদাধ্যয়ন ৰহিত, ৰোমশ অৰ্থাৎ বহুত লোম যুক্ত, গ্ৰহণী ৰাজযক্ষ্মা। (খেহ)। অপস্মাৰ (শুকাই যোৱা বা মৃগী ৰোগ) (শ্বেত ধল ও লোৱা) কুষ্ঠ ৰোগ ( মহাৰোগ ) আক্ৰান্ত; এই দহ কুলে কেতিয়াও বিয়া ন কৰিব।
যি তিৰোতাৰ কেশ পিঙ্গল (অলপ ৰঙ্গাৰে মিহলি মুগা বৰণ) নাইবা ৰঙ্গা, যাৰ ছয় আঙ্গুলি প্ৰভৃতি বেছি অঙ্গ থাকে, যিজনী চিৰ ৰোগিনী; যাৰ গাত লোম নাই, নাইবা বেচি লোম আছে, যি জনী অতিশয় কথকী আকৌ যি জনীৰ চকু, পিঙ্গল বৰ্ণ, এনেকুৱা কন্যাক বিবাহ কৰিবৰ বিধি নাই। নক্ষত্ৰ, গছ, নদী, ম্লেচ্ছ, পৰ্বত, চৰাই, সৰ্প, আৰু সেৱা বোধক যি ছোৱালীৰ নাম তাক, আকৌ যাৰ নাম অতি ভয়ানক তাইকো বিয়া কৰিব নে লাগে। যি ছোৱালীৰ কোনো অঙ্গবিকৃতি নাই, যাৰ নাম সুখেৰে উচ্চাৰণ কৰিব পাৰি; যি জনীয়ে