পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৩)

হয় । লোকে নিন্দা কয়ে, আকৌ স্বৰ্গ প্ৰাপ্তি ন হয়। এতেকে অতি ভোজন পৰিত্যাগ করা উচিত।

 ব্ৰাহ্মণে সদাই ব্ৰহ্মতীৰ্থ, অশক্ত পক্ষে প্ৰজাপতি বা দৈবতীৰ্থ দ্বারাই আচমন করিব; কিন্তু পিতৃতীৰ্থেরে কেতিয়া ও আচমন ন করিব। আচমন সময়ে ব্ৰহ্মাতীৰ্থ দ্বারাই প্ৰথমে তিনি বাৰ পানী খাব লাগে। পিছে ওষ্ঠ আরু মুখ পানী সহিতে বুঢ়া অঙ্গুলিৰ গুরির ঘঁহিব লাগে তার পিছে পানীরে মূখত পকা ইন্দ্ৰিয়ছিদ্ৰ সকল, বক্ষ:স্থল আরু সুরক্ৰমে স্পৰ্শ করিব লাগে। ধৰ্ম্মিষ্ঠ লোকে নিৰ্জ্জন ঠাইত ৰহি উষ্ণীকৃত (ঢাকন) আরু ফেন নোহোৱা পানী লৈ ওপরত কোৱা তীৰ্থয়ে আচমন করিব। আচমনর পানী ব্ৰাহ্মণর হৃদয় পৰ্যন্ত, ক্ষত্ৰিয়ৰ কণ্ঠ পৰ্য্য়ন্ত, বৈশ্যৰ জিহ্বা আরু শূদ্ৰব ওষ্ঠব তল পৰ্য্যন্ত স্পৰ্শ করিলে শুচি হয় ।•

 যজ্ঞ সূত্ৰ বা কাপোর বাম স্কন্ধব পরা দক্ষিণ কক্ষর নিম্ন পৰ্যন্ত লম্বমান থকাত,তাৰ মাজেদি দক্ষিণ বাহু নিক্ৰান্ত হলে তাকেই উপবীতী বোলে দক্ষিণ কান্ধর পৰা বাম কক্ষর (বগলর বা বাহু মুলর) নিম্ন পৰ্যন্ত লম্বিত থাকিলে, যদি তাৰ মাজেরে বাম বাহু নিক্ৰান্ত হয়; তেন্তে তাকে প্ৰাচীনা বীতী বোলে। বার গলত যজ্ঞ সুত্ৰ মালার নিচিনা ওলমাই ৰাখে তাকেই নিৰীতী বোলে।

 মেখলা, চৰ্ম্ম, লাখুটি উপবীত আৰু কমণ্ডলু এই বোর ছিঙ্গিলে

পানীত পেলাই মন্ত্ৰোচ্চারণ পূৰ্ব্বক অন্য মেখলাদি লব।

 বুঢ়া আঙ্গুলিব গুরির তল ভাগক ব্ৰহ্মতীৰ্থ, কিনা আঙ্গুলির মূলক প্ৰজাপতি, সমস্ত আঙ্গুলির আগ ভাগক দৈবতীৰ্থ, তৰ্জ্জণী আরু বুঢ়া আঙ্গুলির মাজ ভাগক পিতৃতীৰ্থ বোলা যায়।

+ এই নিয়ম চারি ও বৰ্ণে সৰ্ব্বতি কালে প্ৰতিপালন করা কৰ্ত্তব্য।