( ২৫ )
বৃষলী কেন পীতস্য নিশ্বাসো পহতস্য চ।
তস্যাষ্ণৈব প্ৰসূতস্য নিষ্কৃতিণ বিধিয়তে।। ১৯
(ইতি মনুঃ তৃঃ অঃ)
চাৰিও বৰ্ণৰ ইহ আৰু পৰকাল হিতাহিত জনক স্ত্ৰীলভাৰ উপায় স্বৰূপ আঠ প্ৰকাৰ বিবাহ আছে। যেনে ব্ৰাহ্ম দৈৱ, আৰ্য্য, প্ৰাজাপত্য, অসুৰ গান্ধৰ্ব্ব, ৰাক্ষস আৰু পৈশাচ্,। এই আঠ প্ৰকাৰ বিবাহৰ যি যি বৰ্ণৰ যি যি বিবাহ উপযুক্ত আৰু যি বিবাহে যি গুণ দোষ জন্মে, আকৌ বিবাহোৎপন্ন সন্তানৰ পৰা যি বোৰ গুণাগুণ উৎপন্ন হয়, এই সকল কোৱা যাওক।
প্ৰথম ছয়টি বিবাহ অৰ্থাৎ ব্ৰাহ্ম, দৈব, আৰ্য, প্ৰজাপাত্য, অনুৰ গান্ধৰ্ব্ব এই কেইটি ব্ৰাহ্মণৰ পক্ষে বিহিত , শেষৰ পৰা চাৰিটি অৰ্থাৎ অসুৰ, গান্ধৰ্ব্ব, ৰাক্ষস আৰু পিশাচ এই কেইটি ক্ষত্ৰিয়ৰ পক্ষে অবিহিত ন হয়। বৈশ্য আৰু শূদ্ৰৰ পক্ষে অসুৰ, গন্ধৰ্ব্ব আৰু পিশাচ এই তিনিটা বিহিত বুলি জানিবা।
এটাই কেইটি বিবাহৰ ভিতৰত পিশাচ আৰু অসুৰ এই দুটী অধৰ্ম্ম জনক। এই দুটি বিবাহ কৰা কেতিয়াও উচিত ন হয়। কেতিয়াবা কেতিয়াবা মিশ্ৰ বিবাহ হয় যেনে অৰ্জুন আৰু সুভদ্ৰাৰ বিবাহ। এইটি বিবাহ গন্ধৰ্ব্ব আৰু ৰাক্ষস উভয় সংযোগে হৈছিল।
ছোৱালীক সবিশেষ বস্ত্ৰালঙ্কাৰে শোভিত আৰু সন্মানীত কৰি বিদ্বান, সদাচাৰী যুক্ত দৰাক স্বয়ং নিমন্ত্ৰণ কৰি নি, বিয়া দিয়াকে ব্ৰাহ্ম বিবাহ যোলে। বেদাদিক মতে যজ্ঞ আৰম্ভ হলে সেই যজ্ঞত পুৰোহিতক অলঙ্কৃত (ভূষিত ৰা শোভিত) কৰাই কন্যাদান কৰাকে দৈব বিবাহ বোলে। যজ্ঞাদিৰ আৱশ্যক বুলি দৰাৰ পৰা যি এহাল কি দুহাল হালোৱা গৰু কিম্বা অদমূল্য লৈ বিধিৱতে কন্যাদান কৰিলে