পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৯ )


 আরু এটি কথা চাৰি বৰ্ণৰে সনাতন ধৰ্ম আচাৰ। আচাৰ প্ৰতি পালন যে পৰম ধৰ্ম্ম ইয়াক, বেদ সূতাদি সমস্ত শাস্ত্ৰতেই প্ৰতিপন্ন হৈছে। এতেকে আত্মজ্ঞানী ব্ৰাহ্মণ সকলেও সদায় আচাৰানুষ্ঠানে যত্নবান খাকিব। আচাৰ ভ্ৰষ্ট কোনো লোকেই প্ৰতিষ্ঠালাভ (মুক্তি হয়) কৰিব নোৱাৰে। আন কি আচাৰ ভ্ৰষ্ট ব্ৰাহ্মণ কেতিয়াও বেদৰ ফল ভোগী ন হয়। যদি আচাৰ যুক্ত হয় আরু যদি অতিশয় বেদজ্ঞও ন হয়, তথাপি সেই বাহ্মণে বেদ পূণ্যৰ সম্পূৰ্ণ ভোগী হবগৈ পাৰিব।

 পূৰ্ব্ব কালত মুনি ঋষি সকলে এই আচাৰেৰ ধৰ্ম্ম প্ৰাপ্তি হয় দেখিয়েই আচাৰ সকলো তপস্যাৰ মূল জানি, ইয়াক পৰম ধৰ্ম্ম বুলি গ্ৰহণ কৰিচিল যেনে, -

অতি পাতকিক,নাম না লাগে,
 নিয়ম সঞ্জগে তৰে।
শৃগালক খেদিতে,  সিংহ নে লাগে,
 কুকুৰে খেদিতে পাৰে॥

(গীতা আৰু নাম ঘোষা।)

পঞ্চম অধ্যায়।
বৰ্ণধৰ্ম আশ্ৰমধৰ্ম্ম।

 বৈদিক পূণ্য কাৰ্য্য়েৰে দ্বিজাতি সকলৰ গৰ্ভধানাদি সংস্কাৰেৰে শৰীৰ শুদ্ধি করা কৰ্ত্তব্য। এই বোৰ বৈদিক কাৰ্য্য়েৰে ইহকাল আরু পরকাল উভয়তেই পবিত্ৰ হয়। গৰ্ভাবস্থায় গৰ্ভাধান, জাতকৰ্ম্ম, চুড়া, কৰণ আৰু উপনয়নাদি সংস্কার দ্বাৰাই দ্বিজাতি সকলৰ পূৰ্ব্বৰ পাপ বোৰ

ক্ষয় হয় |