পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


________________

( ৪৬) নাজানি খায় ,তেন্তে তিনি। ৰাতি উপবাস কৰিব। কিন্তু জানি শুনি খালে এক প্ৰজাপত্য ব্ৰত কৰিব লাগিব। বেতস, বিষ্ঠা আৰু মূত্ৰ খালে ও এই প্ৰায়শ্চিত্ত জানিবা। হোতেলৰ অন্ন খালেও পুৰ্ব্বে কোৱা পূণ্য নষ্ট হয়। দান কৰি গৰ্ব্ব কিম্বা পৰৰ আগত প্ৰকাশ কৰিলে দানৰ ফল নষ্ট হয়। পৰকালত সহায় কৰিবলৈ পিতৃ মাতৃ, স্ত্ৰী পুত্ৰ আৰু জাতি আদি বন্ধু কোনেও সঙ্গত নেথাকে; কেৱল ধৰ্ম্মইহে সেই ঠাইৰ সহায়। জীব অকলে ওপজে, অকলে লয় পায়; আৰু অকলেই নিজৰ ভাল বেয়া কামৰ ফল ভোগ কৰে। এক খণ্ড কাঠৰ নিচিনা মৃত্যু দেহক মাটিত পেলাই যেতিয়া পাচ মুখ কৰি বন্ধু বান্ধব সকল ঘৰলৈ আহে; তেতিয়া কেৱল ধৰ্ম্মই সেই জীৱৰ লগত যায়। এতেকে সেই কালৰ সহায়ৰ নিমিত্তে নিতৌ অলপ অলপকৈ ধৰ্ম্ম সঞ্চয় কৰি ৰাখিলে সেই ধৰ্ম্মৰ সহায়ে দুঃখ জনক নৰকাদিৰ পৰা নিস্তাৰ পোৱা যায়। ধৰমী মানুহৰ যি পাপ হয়, তাক ধৰ্ম্মে নষ্ট কৰে। আৰু অন্তিমে তেওঁৰ দীপ্তিমান শৰীৰক অবিলম্বে স্বৰ্গাদি মহা সুখকৰ ঠাইলৈ নিয়ে। শয্যা, গৃহ, কুশ, কৰ্পূৰাদি গন্ধদ্ৰব্য, পুস্প, ফল-মূল, খাগীৰ, মনি, ধান-চাউল, যব, শাক মাছ, মাংস, দৈ, মৌ আৰু অভয় দান এই বোৰ বন্ত দোষীত কাম কৰি পতিত হোৱা অৰু হীন জাতিৰ লোক সকলে অবাচিত অৰ্থাৎ নোখোজা কৰি দিলে গ্ৰহন কৰিব পায় ।