পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


PLEASE HANDLE THE BOOK CAREFULLY ( ৫৯ ) কাৰণ হয় । ভাৰ্য্য়া ৰক্ষণ ধৰ্ম্ম সকলো ধৰ্ম্ম তকৈ শ্ৰেষ্ঠ। বলী-নিৰ্ব্বলী, কনা খোঁৰা সকলোৱে নিজৰ নিজৰ ভাৰ্য্যা ৰক্ষা কৰিবলৈ যত্নত কৰা উচিত । যি মানুহে ভাৰ্য্যাক সুৰক্ষণ কৰিবলৈ সবিশেষ যত্ন কৰে, সি তাৰ পৰা নিজ বংশ পৰম্পৰা, আত্মচৰিত্ৰ আৰু ধৰ্ম্ম সমস্তকে ৰক্ষা কৰে। পতি ভাৰ্যাৰ গৰ্ভত প্ৰবেশ কৰি, গৰ্ভৰ পৰা.আকৌ পুত্ৰৰূপে জন্ম গ্ৰহণ কৰে। যায়াৰ পৰা পুণৰ্জন্ম হয় বুলিয়েই জায়াৰ “জায়াত্ব” (যেনে;-যস্য়াং...স্বামীঃ স্বয়ং জায়াতে ইতি জায়া”)। পত্নী যেনেকুৱা ভৰ্ত্তাক ভজনা কৰে, ঠিক তেনেকুৱা'পুত্ৰই জন্মায়। এই নিমিত্তে সৎপুত্ৰ লাভাৰ্থে ভাৰ্য্য়া অতি যত্নেৰে ৰক্ষণীয়া। কোনোৱে কেতিয়াও বলেৰে ভাৰ্য্য়াক ভালে ৰাখিবলৈ সমৰ্থ নহয়; তথাপি ৰক্ষা কৰিবৰ সহজ উপায় এই যে, পত্নীক অৰ্থ সংগ্ৰহ আৰু ব্যয় কৰাৰ ভাৰ, নিজৰ শৰীৰ ঘৰৰ বস্তু বাহানী বোৰ ৰক্ষা কৰা আৰু পৰিস্কাৰ ৰখা, ঘৰৰ কাম কাজ বোৰত নজৰ ৰখা, খোৱা বস্তু প্ৰস্তুত কৰা প্ৰভৃতি কামত সদাই তিৰোতাক নিয়োজিত, ৰখা উচিত। কিন্তু যি স্ত্ৰীয়ে নিজে নিজৰ আত্ম মৰ্য্য়াদা ৰাখিবৰ যত্নৱতী নহয়, তাক স্বামী বৰ্গে উক্ত কামাদিত নিয়োজিত কৰিও ৰক্ষা কৰা কঠিন। তথাপি উক্ত কামাদিত নিয়োজিত কৰিলে স্ত্ৰী সকলে আনন্দ মনে থাকি।মনক সংযমে ৰাখিবৰ সম্ভৱ। আৰু এই বোৰ উপায় দ্বাৰাই অনেক স্ত্ৰীৰ চৰিত্ৰ ভাল হোৱাও দেখা গৈছে। মূল কথা এই যে যি বোৰ স্ত্ৰীয়ে নিজে নিজৰ মৰ্য্য়াদা ৰক্ষাত্ ষত্নৱতী থাকে, তাক কোনোৱে ৰক্ষা কৰিব নেলাগে, সি নিজেই ভালে থাকিব। তিৰোতা বোৰে ৰূপ আৰু বয়সৰ,কোনো বিস্তাৰ নকৰে,সুৰূপেই হওক বা কুৰূপেই হওক,

পুৰুষ পালেই তাৰ লগত সম্ভোগ  কৰে ।

পুৰুষ দেখিলেই তাহাঁতৰ সম্ভোগ কৰিবলৈ ইচ্ছা হয় তাহাঁত সদাই