পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এ আখৰো কথা নকলে। যিমানে শান্তি কৰে তেও তিমানে শ্ৰীশ্ৰী ঈশ্বৰ শঙ্কৰ দেব নাম উচ্চাৰণ কৰে; আৰু এই ধৰ্ম্ম আন সকলো ধৰ্ম্মতকৈ উচ্চ; কলিৰ লোক এই ধৰ্ম্মত বাহিৰে আন ধৰ্ম্মে তাৰিব নোৱাৰে, ইত্যাদি কথাহে বাৰম্বাৰ কবলৈ ধৰে। এইৰূপে এবছৰ কাল শাস্তি কৰাৰ পিছত * তেওক হেমা-পেমা নামে দুজন ভোটৰ ঠাইত এশ টকা ৰূপ লৈ বেছিলে। ভোট্ দুজনে আটাপুৰুষক লৈগল, কিন্তু বাটত এই ঘটনা হল যে তাহঁতে (ভোটহঁতে) আগ পিনে একো দেখা নেপায় , পাচৰ পিনে হলে সমূলি দেখা পায়। এই কথাত তাহাঁতে মনত ভয় পাই, "কিবা দেবমানুহ ৰজাই দিলে” বুলি তেওক পুনঃ ৰজাক ওভতাই দি টকা ফিৰাই নিলে। পিছে ৰজাই কোন প্ৰকাৰে অভিপ্ৰায় সিদ্ধি কৰিব নোবাৰি আৰু ধৰ্ম্মৰ উল্লিখিত মাহাত্ম্য বোৰ দেখি, তেওক সন্মানেৰে এৰি দিলে। দেখা গুৰু ভক্তিৰ কি মহিমা। ভকতৰ কি শক্তি। এই সকল সিদ্ধ পুৰুষে কলিত জন্ম ধৰি গুৰু ভক্তি আৰু ধৰ্ম্মৰ অবিৰোধে দেশৰ সকলোৰে প্ৰাতঃস্মৰণীয় হৈ গৈছে। তাৰ পিছে ৰজাৰ বন্দিশালৰ পৰ আতা পুৰুষে ঈশ্বৰ শঙ্কৰ দেবৰ ঠাইলৈ গৈ তেওৰ আগত অদ্যান্ত সমস্ত বৃতান্ত কোবাত ঈশ্বৰ পুৰুষে পৰম সন্তুষ্ট হৈ অমৃত হাতেৰে সমস্ত শৰীৰ মাজিলে। আৰু কলে বৰপেটাৰ নাম তেতিয়া চুন পুৰাহে আছিল। গুৰুৰ দিনৰ পৰা বৰপেটা হৈছে। দুই জনা শুৰুৰ অন্যান্য সমস্ত শস্ত্ৰৰ ভিতৰত এই বৰপেটাই মুক্ষ শস্ত্ৰ। আন কি আসামৰ ভিতৰত ইয়াৰ নিচিনা প্ৰজ্বলিত শস্ত্ৰ আৰু দ্বিতীয় নাই।